স্পৰ্টছ ডেস্ক, ৩০ জুন :2024 বৰ্ষৰ টি-20 বিশ্বকাপত ভাৰতে বিজয়ৰ খিতাপ দখল কৰাৰ পাচতে সমগ্ৰ দেশে বিজয়োৎসৱ পালন কৰা দেখিবলৈ পোৱা গৈছে ৷ 11 বছৰৰ অন্তত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে টি-20 বিশ্বকাপৰ খিতাপ দখল কৰিছে ৷ ক্ৰীড়াপ্ৰেমীয়ে বিজয় উদযাপন কৰি থকাৰ সময়তে ভাৰতীয় অনুৰাগীসকলে লাভ কৰিছিল দুটাকৈ দুখৰ খবৰ । ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ লগতে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টি-20 ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ।
ইয়াৰ পূৰ্বে বিৰাট কোহলীয়ে বিশ্বকাপৰ এই ফাইনেলখনক টি-20 কেৰিয়াৰৰ অন্তিমখন মেচ বুলি অভিহিত কৰি অৱসৰৰ কথা ঘোষণা কৰিছিল । ইয়াৰ কিছুসময়ৰ পিছতে এই কথা ঘোষণা কৰে ৰোহিত শৰ্মাই । আইচিচি আৰু বিচিচিআইয়ে টি-20 ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱাৰ তথ্য তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্ট এক্সত শ্বেয়াৰ কৰিছে ।
লগতে পঢ়ক:খিতাপ দখলৰ লক্ষ্যৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আজি খেলপথাৰত নামিব ভাৰত - T20 World Cup 2024
খেলখনৰ অন্তত সংবাদমেল সম্বোধন কৰি ৰোহিত শৰ্মাই কয়, ‘‘এইখন মোৰ শেষ মেচ আছিল । অৱসৰ ল’বলৈ ইয়াতকৈ ভাল সময় হ’ব নোৱাৰে ৷ ট্ৰফীটো লাভৰ আশা কৰিছিলো । শব্দৰে বুজাবলৈ অসুবিধা সেই অনুভৱ । এইটোৱেই মোৰ ইচ্ছা আৰু এইটোৱেই হ’ল । ট্ৰফীটোৱে মোৰ জীৱনত হতাশা সৃষ্টি কৰিছিল । এইবাৰ আমি অৰ্জন কৰিবলৈ পাই আনন্দিত হৈছো ।"