স্প’ৰ্টছ ডেস্ক, 27 জুন:টি 20 বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ৷ এই মেচত মুখামুখি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ৷ ভাৰতীয় সময় অনুসৰি, পুৱা 6 বজাত আৰম্ভ হোৱা মেচখনত 9 উইকেটৰ বিনিময়ত জয় লাভ কৰে দক্ষিণ আফ্ৰিকাই ৷
ইয়াৰ লগে লগে টি 20 বিশ্বকাপৰ ফাইনেলত উপনীত হয় দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলটো ৷ পূৰ্বে টি 20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাছিল এই দলটো ৷ যাৰ বাবে ফাইনেল মেচখন দক্ষিণ আফ্ৰিকাৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷
লগতে পঢ়ক:টি 20 বিশ্বকাপ: দক্ষিণ আফ্ৰিকাৰ সন্মুখত 57 ৰাণৰ লক্ষ্য বান্ধি দিলে আফগানিস্তানে - T20 World Cup 2024
টছত জিকি বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰা আফগানিস্তানৰ কোনো এগৰাকী বেটছমেনে দক্ষিণ আফ্ৰিকাৰ বলিং বিক্ৰমৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে ৷ দলটোৰ হৈ কোনো এগৰাকী বেটছমেনে মেচখনত উন্নত প্ৰদৰ্শন আগবঢ়োৱা দেখা নগ’ল ৷ আফগানিস্তানৰ এজনৰ বাহিৰে কোনো এগৰাকী বেটছমেনে স্পৰ্শ কৰিব নোৱাৰিলে দহকৰ ঘৰ ৷