স্প’ৰ্টছ ডেস্ক: তিনিচুকীয়াত ৰাজ্যিক ফেন্সিং চেম্পিয়নশ্বিপ 2024-25 ৰ সফল সামৰণি ৷ তিনিচুকীয়াৰ মানৱ কল্যাণ প্ৰাৰ্থনা ভৱনত বিগত 26 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই চেম্পিয়নশ্বিপত ৰাজ্যৰ 9 খনকৈ জিলাৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে ৷
10 বছৰ, 12 বছৰ, 14 বছৰ আৰু 17 বছৰৰ ঊৰ্ধ্বত অনুষ্ঠিত আটাইকেইটা ফেন্সিং চেম্পিয়নশ্বিপতে গুৱাহাটীয়ে শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷
গুৱাহাটীলৈ শ্ৰেষ্ঠত্বৰ বঁটা (ETV Bharat Assam) উক্ত চেম্পিয়নশ্বিপত উপস্থিত থাকি অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী তথা তিনিচুকীয়া জিলা ফেন্সিং এচ’ছিয়েছনৰ সভাপতি আৰু ৰাজ্যিক সমিতিৰ উপ-সভাপতি সঞ্জয় কিষাণে প্ৰতিযোগীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, "বিভিন্ন ভিতৰুৱা স্থানৰ পৰা আগবাঢ়ি অহা খেলুৱৈসকলে যাতে আগন্তুক দিনসমূহত আগুৱাই গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিব পাৰে, তাৰেই কামনা কৰিছো" ৷
সমান্তৰালভাৱে তিনিচুকীয়া জিলা ফেন্সিং এচ’ছিয়েছনৰ সাধাৰণ সম্পাদক ভবানী তাঁতীয়ে খেলখন সুন্দৰকৈ সামৰণি পৰাৰ বাবে উদ্যোক্তাসকলৰ সৈতে জড়িত থকা আন সকলো কৰ্মকৰ্তাকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে উক্ত প্ৰতিযোগিতাৰ জৰিয়তে যাতে যুৱ প্ৰজন্ম আগুৱাই যাব পাৰে, তাৰো কামনা কৰে ।
তাঁতীয়ে কয় যে,"জিলাখনৰ বহু কেইগৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৷ যিয়ে পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকক অনাগত সময়ত উন্নত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ প্ৰশিক্ষকৰ অভাৱৰ বাবেও বহু প্ৰতিযোগীয়ে পদক লাভ কৰিবলৈ সক্ষম নহ’ল ৷ সেয়ে তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰা হ’ব ৷ জিলাখনত থকা খেলো ইণ্ডিয়াৰ কাৰ্যালয়সমূহতে এই সুবিধা উপলব্ধ হ’ব" ৷
লগতে পঢ়ক:3 বছৰত 4 জন অধিনায়ক, 26 জন নিৰ্বাচক আৰু 8 জন প্ৰশিক্ষক... পাকিস্তানত ক্ৰিকেট নে চাৰ্কাছ ?