অসম

assam

জেলীফিছে তিনিবাৰকৈ কামোৰাৰ পিছতো সাগৰৰ বুকুত বিজয়ধ্বজা উৰুওৱা খেলুৱৈগৰাকী - INTERVIEW WITH NIKHAMONI BORA

By ETV Bharat Sports Team

Published : Sep 5, 2024, 8:21 PM IST

Updated : Sep 5, 2024, 8:30 PM IST

Nikhamoni Bora: সৰুপথাৰৰ নিশামণি বৰা ৷ সম্প্ৰতি অসমবাসীৰ পৰিচিত এই নাম ৷ উইণ্ড চাৰ্ফিং খেলৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা চেইলৰ হিচাপে পৰিগণিত হৈছে সৰুপথাৰৰ নগাজৰি দ’চুক গাঁৱৰ নিশামণি বৰা । চাওক ই টিভি ভাৰতৰ সাংবাদিক যুগল মেধিৰ সৈতে হোৱা নিশামণি বৰাৰ এক বিশেষ সাক্ষাৎকাৰ-

INTERVIEW WITH NIKHAMONI BORA
নিশামণি বৰা (ETV Bharat Assam)

সৰুপথাৰ, 5 ছেপ্টেম্বৰ: ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ এক নৱতম সংযোজন হৈ পৰিছে উইণ্ড চাৰ্ফিং খেল । এই ক্ৰীড়াৰ জৰিয়তে সাগৰ-মহাসাগৰৰ বুকুত দুঃসাহসিকভাৱে অংশ ল’বলগীয়া হয় । এই ক্ৰীড়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা চেইলৰ হিচাপে পৰিগণিত হৈছে সৰুপথাৰৰ নগাজৰি দ’চুক গাঁৱৰ নিশামণি বৰা ।

নিশামণি বৰাৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

এন চি চিৰ যোগেদিয়েই প্ৰথম যাত্ৰা আৰম্ভ হৈছিল নিশামণিৰ । এন চি চি-ৰ কেম্পত উইণ্ড চাৰ্ফিং খেলৰ এগৰাকী পৰ্যবেক্ষকে খেলবিধৰ বিষয়ে অৱগত কৰিছিল । সেই সময়তেই নিশামণি আকৰ্ষিত হৈছিল এই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি ।

খেলবিধ নিচেই নতুন, তাতে অতিকৈ ব্যয়বহুল ৷ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নিশামণিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সৈতে এই খেলত অৱতীৰ্ণ হৈ এটাৰ পিছত আনটো সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে ।

নিশামণিৰ যাত্ৰা:

2023 চনৰ এপ্ৰিল মাহৰ পৰা মেঘালয়ৰ উমিয়াম হ্ৰদত প্ৰথমবাৰলৈ উইণ্ড চাৰ্ফিং খেলৰ প্ৰশিক্ষণ লৈছিল নিশামণিয়ে । ইয়াৰ পিছত মাত্ৰ কেইদিনমানৰ প্ৰশিক্ষণৰ অন্তত ছেপ্টেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত হোৱা Sailing Senior National ত অংশগ্ৰহণ কৰি এই যাত্ৰা আৰম্ভ কৰিছিল যুৱতীগৰাকীয়ে ।

তাৰ পাছত অসম চৰকাৰে 2023 বৰ্ষৰ নৱেম্বৰত দীপৰ বিলত প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল, ৰিভিজিটিং শৰাইঘাট চেইলিং প্ৰতিযোগিতাত স্বৰ্ণপদক জয় কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী চেইলৰ হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হৈছিল সৰুপথাৰৰ নিশামণি বৰা ।

2023 বৰ্ষৰ 26 ডিচেম্বৰৰ পৰা কেৰালাত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা "বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেল" ত উইণ্ড চাৰ্ফিং খেলৰ মিক্স শাখাত বহুকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক পিছপেলাই অসমৰ নিশামণিয়ে লাভ কৰিছিল ব্ৰঞ্জৰ পদক ।

চলিত বৰ্ষৰ 1 মে’ৰ পৰা 4 মে’লৈ গোৱাত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ "Indian Navy Open Windsurfing Championship" (ইণ্ডিয়ান নেভী অপেন উইণ্ড চাৰ্ফিং প্ৰতিযোগিতা) ৷ য’ত স্বৰ্ণ জয় কৰি অসমকন্যা নিশামণি বৰাই সাগৰৰ বুকুত অসমীয়াৰ স্বাভিমান গামোচা উৰুৱাবলৈ সক্ষম হৈছিল ৷

আনকি, চলিত বৰ্ষৰ 5 জুনৰ পৰা 9 জুনলৈ চেন্নাইত তামিলনাডু চেইলিং এছ’চিয়েছনে অনুষ্ঠিত কৰা All India Windsurfing Championship প্ৰতিযোগিতাৰ মহিলা শাখাত নিশামণিয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

শেহতীয়াকৈ 25 পৰা 28 আগষ্টলৈকে তামিলনাডুত অনুষ্ঠিত হোৱা "কাইট ব’ৰ্ডিং চেম্পিয়নশ্বিপ 2024" ত স্বৰ্ণ জয় কৰি পুনৰ বিজয়ধ্বজা উৰুৱাই নিশামণিয়ে ।

কাইট ব’ৰ্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰাৰ পিছতেই "ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ড" ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে নিশামণি । মূলতঃ কম সময়ৰ ভিতৰতেই এটা ব্ৰঞ্জৰ লগতে দুটা সোণৰ পদক লাভ কৰাৰ বাবেই এই ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হৈছে সৰুপথাৰৰ যুৱতীগৰাকীৰ ।

লক্ষ্য এছিয়ান গেমছ:

উইণ্ড চাৰ্ফিং খেলবিধ এছিয়ান গেমছ আৰু অলিম্পিকতো অন্তৰ্ভুক্ত । ইয়াৰ পৰৱৰ্তী খেল অক্টোবৰত মাহত অনুষ্ঠিত হ'ব, য'ত অংশ ল’ব নিশামণিয়ে । উল্লেখ্য যে, শীৰ্ষ 5 নম্বৰত অন্তৰ্ভুক্ত হ’লেহে এছিয়ান গেমছলৈ যোগ্যতা লাভ কৰিব পাৰিব যুৱতীগৰাকীয়ে । তাৰ বাবে অনুশীলন অব্যাহত ৰাখিছে নিশামণিয়ে ।

নিশামণিৰ পৰৱৰ্তী লক্ষ্য হৈছে 2026 ৰ এছিয়ান গেমছ । পৰৱৰ্তী পৰ্যায়ত অলিম্পিক খেলাৰ সপোন বুকুত বান্ধিছে নিশামণিয়ে । লাভলীনা বৰগোঁহাইৰ পিছতেই সৰুপথাৰৰ পৰা দ্বিতীয়গৰাকী অলিম্পিক খেলুৱৈ হোৱাৰ আশাও নিশামণিয়ে বুকুত বান্ধি ৰাখিছে ।

নিশামণিৰ শিক্ষা আৰু পৰিয়াল:

2001 চনৰ 6 এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল নিশামণিয়ে । যুৱ খেলুৱৈগৰাকীৰ পিতৃ বিপুল বৰা পেছাত এজন খেতিয়ক আৰু মাতৃ ৰুণু বৰা হৈছে গৃহিণী ।

সৰুপথাৰ মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে নিশামণিয়ে । সমান্তৰালকৈ সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰথমগৰাকী এন চি চি ছিনিয়ৰ তথা Senior Under Officer সহ চি চাৰ্টিফিকেটো লাভ কৰিছে নিশামণিয়ে ।

শৰীৰচৰ্চাৰ লগত জড়িত নিশামণিয়ে ভাৰোত্তোলন, সাঁতোৰ, বেডমিণ্টন, চিত্ৰ অংকনৰ লগতো জড়িত ।ইটিভি ভাৰতৰ তৰফৰ পৰা খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো ৷

লগতে পঢ়ক:সাগৰৰ বুকুত বিজয় নিচান সৰুপথাৰৰ নিশামণি বৰাৰ: জিনিলে স্বৰ্ণ - KITE BOARDING CHAMPIONSHIP 2024

Last Updated : Sep 5, 2024, 8:30 PM IST

ABOUT THE AUTHOR

...view details