স্প’ৰ্টছ ডেস্ক, 26 আগষ্ট:পেৰিছ অলিম্পিক 2024 বিনেশ ফোগাটৰ বাবে এটা দুঃস্বপ্নতকৈ কোনো কম নহয় । 2024 চনৰ অলিম্পিকৰ ফাইনেলৰ পূৰ্বে বিনেশ ফোগাটক শৰীৰৰ 100 গ্ৰাম অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল । যি সিদ্ধান্তই সমগ্ৰ ভাৰতীয় লোকসকলক এক বৃহৎ আঘাত দিয়ে ।
ফাইনেলত উপনীত হোৱাৰ পিছত বিনেশ ফোগাটৰ পৰা সোণৰ পদক আশা কৰিছিল দেশবাসীয়ে ৷ পিছে খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পিছত তেওঁ সোণটো বাদেই বঞ্চিত হ’ল ৰূপৰ পদক লাভৰ পৰাও ৷ বিনেশে পেৰিছ অলিম্পিকত সোণ আৰু ৰূপৰ পদক লাভ কৰা নাছিল যদিও কিন্তু ভাৰতলৈ অহাৰ পিছত মল্লযোদ্ধাগৰাকীক প্ৰদান কৰা হৈছিল সোণৰ পদক ৷
বিশুদ্ধ সোণৰে প্ৰস্তুত কৰা স্বৰ্ণপদক
বিনেশ ফোগাটে 25 আগষ্টত উদযাপন কৰিছিল 30 বছৰীয়া জন্মদিন ৷ জন্মদিন উপলক্ষে ফোগাটক সৰ্ব খাপ পঞ্চায়তে প্ৰদান কৰিছিল সোণৰ পদক । হাৰিয়ানাৰ ৰোহতক জিলাৰ বিনেশ ফোগাটৰ সন্মানাৰ্থে আয়োজন কৰা হৈছিল এখন সভা । এই সভাত বিনেশক সৰ্ব খাপ পঞ্চায়তে সোণৰ পদক আৰু পাগুৰীৰে সন্মানিত কৰে । এক প্ৰতিবেদন অনুসৰি, এই সোণৰ পদক পঞ্চায়তে বিশুদ্ধ সোণৰ দ্বাৰা বিশেষভাৱে প্ৰস্তুত কৰি উলিয়াইছে ৷
খাপ পঞ্চায়তে ক’লে - ষড়যন্ত্ৰ হৈছিল
বিনেশে স্বৰ্ণপদক লাভ কৰাতো নিশ্চিত হোৱাৰ পিছত খেলুৱৈগৰাকীৰ সৈতে ষড়যন্ত্ৰ কৰিয়েই পদকটো কাঢ়ি নিয়া হৈছে বুলি সৰ্ব খাপ পঞ্চায়তে অভিযোগ উত্থাপন কৰিছিল ৷ বিনেশে খাপ পঞ্চায়তৰ পদক্ষেপক প্ৰশংসা কৰি কয় যে, কন্যাৰ সন্মানৰ বাবে তেওঁলোকৰ যুঁজ এতিয়াই আৰম্ভ হৈছে ৷ ভৱিষ্যতে এই অন্যায়ৰ বিৰুদ্ধে প্ৰকৃত সত্য তেওঁলোকেই পোহৰলৈ আনিব ৷