অসম

assam

ETV Bharat / sports

আকাশ চুবলৈ ওলাইছে এদিন দাৰিদ্ৰতা দূৰ কৰিবলৈ হাতত ক্ৰিকেট বেট তুলি লোৱা ছোৱালীজনীৰ সপোনে - SANYA DEBUT INDIAN CRICKET TEAM - SANYA DEBUT INDIAN CRICKET TEAM

ক্ৰিকেটৰ জগতখনত প্ৰৱেশ কৰাটো সহজ কথা নহয় । কিন্তু মনত যদি দৃঢ়তা থাকে, তেন্তে একো অসম্ভৱ নহয় ৷ বৰং যিকোনো কাম সহজে কৰিব পৰা যায় । এই কথাষাৰ মধ্যপ্ৰদেশৰ কিশোৰী সান্যা চৌৰছিয়াৰ সৈতে খাপ খাই পৰিছে । কৃষক পিতৃক সহায় কৰিবলৈ ক্ৰিকেটাৰ হ’বলৈ বদ্ধপৰিকৰ এই ছোৱালীজনী ৷ পঢ়ক এই বিশেষ প্ৰতিবেদন...

SANYA CHOURASIA
SANYA DEBUT INDIAN CRICKET TEAM (ETV Bharat)

By ETV Bharat Sports Team

Published : Oct 1, 2024, 8:44 AM IST

Updated : Oct 1, 2024, 5:23 PM IST

স্প’ৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ:বৰ্তমান সময়তদেশৰ কৃষকৰ অৱস্থা কাৰো আগত লুকাই থকা নাই ৷ দেহৰ ঘাম মাটিত পেলাই কৰা খেতিত লোকচান হ’লে কৃষকসকল বাধ্য হয় তেজৰ চকুলো মচিবলৈ ৷ এনে এগৰাকী কৃষক পিতৃক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিবলৈ ক্ৰিকেটাৰ হোৱাটোকে ঠিৰাং কৰিছে এগৰাকী কিশোৰীয়ে ।

এই কাহিনী আকৰ্ষণীয় আৰু সংগ্ৰামেৰে ভৰপুৰ । এই কাহিনী জনাৰ পিছত সকলোৱে এইটোৱে ক’ব যে, যদি সঁচাকৈয়ে দৃঢ়তা থাকে, তেন্তে যিকোনো কামেই কৰিব পাৰি ।

টীম ইণ্ডিয়াত খেলাৰ সপোন

পেছাত এগৰাকী কৃষক পৱন আৰু লক্ষ্মী চৌৰছিয়া মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা চহৰৰ পৰা প্ৰায় 30 কিল’মিটাৰ দূৰত্বৰ মহখেদৰ বাসিন্দা । তেওঁলোকৰ একমাত্ৰ কন্যাৰ নাম সান্যা চৌৰছিয়া । যি কৃষক পিতৃৰ আৰ্থিক অৱস্থা উন্নত কৰি টীম ইণ্ডিয়াৰ সৈতে ক্ৰিকেট খেলিবলৈ দৃঢ়প্ৰতিজ্ঞ । বৰ্তমান তেওঁ বিদৰ্ভৰ এটা শিবিৰৰ পৰা ক্ৰিকেট খেলে ৷ তদুপৰি ঘৰৰ পৰা আঁতৰত থাকি নাগপুৰত টীম ইণ্ডিয়াৰ হৈ কঠোৰ প্ৰশিক্ষণ লৈ আছে ।

সান্যা চৌৰছিয়া (ETV Bharat)

প্ৰতিদিনে 30 কিলোমিটাৰ বাট যাত্ৰা

এইযাত্ৰা আৰম্ভ হয় 2014 চনৰ পৰা ৷ যেতিয়া গাৰ্লছ কলেজৰ পৰা বি এছ চিত অধ্যয়নৰ বাবে কিশোৰীগৰাকীয়ে প্ৰতিদিনে 30 কিল’মিটাৰ আহ-যাহ কৰিছিল ৷ যিটো আছিল এগৰাকী কিশোৰীৰ বাবে অতিকৈ কঠিন ৷ অৱশ্যে পিতৃয়ে কিশোৰীগৰাকীক কৰি গৈছিল সমৰ্থন আৰু সদায়ে নিছিল ক্ৰিকেট খেলিবলৈ ৷

ভাৰতীয় দলত খেলিব বিচাৰে সান্যা চৌৰছিয়াই (ETV Bharat)

এই যাত্ৰাত সমাজৰ অৱদান

চৌৰছিয়া সমাজে কৃষক কন্যাৰ জেদ দেখি পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল ৷ পৰৱৰ্তী সময়ত পৰিয়াল, চৌৰছিয়া সমাজ আৰু একাংশ অনুষ্ঠানৰ সহায়ত সান্যাই নাগপুৰৰ ধোনী একাডেমীত নামভৰ্তি কৰে ৷

ৰঞ্জী ট্ৰফীৰ যাত্ৰা

এনে নহয় যে সান্যাই কেৱল অনুশীলন কৰি আছিল । কিশোৰীগৰাকীয়ে 2020 চনৰ পৰা বৰ্তমানলৈকে অংশগ্ৰহণ কৰি আহিছে ৰঞ্জী ক্ৰিকেটতো ৷ ইতিমধ্যে তিনিটাকৈ ছিজনত বিদৰ্ভৰ হৈ ৰঞ্জী ক্ৰিকেট খেলিছে সান্যাই ৷ এই প্ৰতিযোগিতাত অতি উন্নত প্ৰদৰ্শন আগবঢ়াইছে কিশোৰীগৰাকীয়ে ৷

সান্যা চৌৰছিয়াৰ অনুশীলন (ETV Bharat)

ঝুলন গোস্বামীক অনুসৰণ কৰি ফাষ্ট বলাৰ হ’ল সান্যা

সম্প্ৰতি বিদৰ্ভৰ ৰঞ্জী দলৰ শিবিৰত মিডিয়াম পেচাৰ হিচাপে অন্তৰ্ভুক্ত হৈ আছে সান্যা । সান্যাই কয় যে, তেওঁ ভাৰতীয় দলত যোগদান কৰি কৃষক পিতৃক আৰ্থিকভাৱে সমৃদ্ধিশালী কৰি তুলিব বিচাৰে । যাতে ইয়াৰ পিছত তেওঁ নিজৰ উপাৰ্জনৰ দ্বাৰা দেউতাকৰ পৰম্পৰাগত খেতিত এক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে ।

মাতৃ কাবাডীৰ অনুৰাগী, কন্যা ক্ৰিকেটাৰ, পিতৃ এজন কঠোৰ পৰিশ্ৰমী কৃষক

সান্যাই কয়, ‘‘দেউতাই মাত্ৰ চতুৰ্থ-পঞ্চম মানলৈকেহে পঢ়িছে ৷ তেওঁ ক্ৰিকেটৰ বিষয়ে একো নাজানে ৷ পৰিয়ালটোক এটা সুন্দৰ জীৱন দিবলৈ তেওঁ দিনে-নিশাই পথাৰত কঠোৰ পৰিশ্ৰম কৰে । দুখৰ বিষয় যে, ইমান কষ্ট কৰিও তেওঁ এতিয়াও লোকচানৰ সন্মুখীন হ’বলগীয়া হয় । মায়ে কাবাডী বৰ ভালপায় । পৰিয়ালৰ কোনো লোকেই খেলৰ লগত জড়িত নহয় । পিতৃৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ ক্ৰিকেটাৰ হোৱাৰ আবেগ গঢ় লৈ উঠিছিল ৷’’

এতিয়াও পথাৰত কাম কৰে

যেতিয়াই কিশোৰীগৰাকীয়ে শিবিৰৰ পৰা ঘৰলৈ আহে, তেতিয়াই পোনে পোনে পথাৰলৈ যায় পিতৃক সহায় কৰিবলৈ । পথাৰত নতুন জাতৰ শস্য ৰোপণ কৰে তেওঁ । বাগিচাৰ লগতে সান্যা আধুনিক খেতিৰ প্ৰতিও অতি আকৰ্ষিত ।

আৰ্থিক সমস্যা নিশ্চিতভাৱে আছে, কিন্তু দেশৰ হৈ খেলিবলৈ সকলো গ্রহণযোগ্য

সান্যা চৌৰছিয়াই ইটিভি ভাৰতৰ আগত কয়, "তেওঁৰ সপোন এদিন ভাৰতৰ হৈ খেলিব পাৰে আৰু দেশৰ বাবে কিবা এটা কৰিব ৷’’ কিন্তু ইয়াৰ বাবে তেওঁলোকে বৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে । বহুলোকৰ সহযোগিতাৰ বাবেহে তেওঁ ধোনী একাডেমীত প্ৰশিক্ষণ লৈ আছে । ইয়াৰ বাহিৰেও আনুসংগিক খৰচ ইমানে বেছি যে, কেতিয়াবা সেইবোৰ পূৰণ কৰাটো কঠিন বুলি প্ৰমাণিত হয় । কিন্তু তথাপিও কিশোৰীগৰাকীয়ে সকলো অসুবিধা অতিক্ৰম কৰি দেশৰ হৈ খেলিব বিচাৰে ।

লগতে পঢ়ক:একবিংশ শতিকাত ভাৰতীয় প্ৰেক্ষাপটত ক্ৰীড়াৰ উত্থান; এক বিশ্লেষণ - DEVELOPMENT IN SPORTS

Last Updated : Oct 1, 2024, 5:23 PM IST

ABOUT THE AUTHOR

...view details