স্প’ৰ্টছ ডেস্ক: প্ৰাক্তন ভাৰতীয় মল্লযোদ্ধা তথা অলিম্পিক পদক বিজয়ী সাক্ষী মালিকে নিজৰ অফিচিয়েল এক্স একাউণ্টত পোষ্ট কৰিছে এটা বিশেষ ভিডিঅ’ ৷ যিটো ভিডিঅ’ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ মল্লযোদ্ধাসকলক সহায় কৰিবলৈ আহ্বান জনোৱা দেখা গৈছে ।
ভিডিঅ’টোত, সাক্ষীয়ে ভাবুকি লাভ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ কিয়নো তেওঁ পূৰ্বৰে পৰা ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউ এফ আই) ৰ বিৰুদ্ধে মাত মাতিছিল ।
প্ৰাক্তন মল্লযোদ্ধা সাক্ষী মালিক (IANS Photo) ব্ৰিজভূষণৰ বাহিনীৰ পৰা ভাবুকি লাভৰ দাবী
ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী সাক্ষী মালিকে পূৰ্বে ডব্লিউ এফ আই আৰু ইয়াৰ প্ৰাক্তন অধ্যক্ষ ব্ৰিজভূষণ সিঙৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ ৷ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি মালিকে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক:সাক্ষী মালিকৰ মাতৃক ফোনযোগে ভাবুকি ব্ৰিজ ভূষণ বাহিনীৰ
পৰৱৰ্তী সময়ত চৰকাৰে সংস্থাটো ভংগ কৰি দিয়ে ৷ কিন্তু বৰ্তমানে পুনৰ সাক্ষী মালিকে অভিযোগ উত্থাপন কৰিছে যে, সংস্থাটোৱে তেওঁলোকৰ কাম-কাজ পুনৰ আৰম্ব কৰিছে ৷ তেওঁ দাবী কৰা অনুসৰি, এইক্ষেত্ৰত থকা আদালতৰ নিৰ্দেশকো অমান্য কৰে সংস্থাটোৱে ৷
ডব্লিউ এফ আইয়ে আৰম্ভ কৰিছে কাৰ্যকলাপ
সাক্ষী মালিকে ভিডিঅ’টোত সদৰী কৰিছে এনেদৰে, "সন্মানীয় প্ৰধানমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰী, মই আপোনালোকক অভিবাদন জনাইছো । যোৱা বছৰ কুস্তি ফেডাৰেচনৰ নিৰ্বাচনৰ পিছত সকলোৱে ব্ৰিজভূষণ সিঙৰ আধিপত্য আৰু উৎপীড়ন প্ৰত্যক্ষ কৰিছিল ৷ যিটোৱে মোক যথেষ্ট বিচলিত কৰিছিল আৰু মোক মল্লযুদ্ধৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰাইছিল । পৰৱৰ্তী সময়ত চৰকাৰে ফেডাৰেছনক নিলম্বিত কৰে । অৱশ্যে ফেডাৰেছনে ইয়াৰ কাৰ্যকলাপ পুনৰ আৰম্ভ কৰিছে" ৷
ব্ৰিজভূষণ চৰণ সিং (IANS Photo) মোদীজী আমাৰ মল্লযুঁজক ৰক্ষা কৰক
সাক্ষী মালিকে ডব্লিউ এফ আইয়ে যুৱ খেলুৱৈসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
"চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ পিছত ফেডাৰেছনে কেনেকৈ নিজৰ কাম অব্যাহত ৰাখিব পাৰে বুলি আদালতে প্ৰশ্ন কৰিছিল । উচ্চ ন্যায়ালয়ে ইয়াক স্থগিত ৰাখিছিল, কিন্তু ডব্লিউ এফ আইয়ে কোনো নিৰ্দেশ পালন কৰা নাছিল । যেতিয়া আদালতে তেওঁলোকক পুনৰ ৰ্ভৎসনা কৰিছিল, ফেডাৰেছনে যুৱ খেলুৱৈসকলক আগবঢ়াই দিছিল । মই বুজি পাওঁ যে এই যুৱ খেলুৱৈসকল কি কঠিন পৰিস্থিতিত আছে, তেওঁলোকৰ কেৰিয়াৰ ফেডাৰেচনৰ ওপৰত নিৰ্ভৰ কৰে" বুলি সাক্ষীয়ে কয় ৷
তেওঁ লগতে কয়, "প্ৰধানমন্ত্ৰী মহোদয়, যদি আপুনি ভাৱে যে ব্ৰিজভূষণৰ প্ৰভাৱ থকা ফেডাৰেছনৰ অধীনত এই ছোৱালীবোৰৰ ভৱিষ্যত সুৰক্ষিত, তেন্তে আপুনি নিলম্বন প্ৰত্যাহাৰ কৰা উচিত । অন্যথা এক স্থায়ী সমাধান বিচাৰি উলিওৱা প্ৰয়োজন" ৷
লগতে পঢ়ক:Wrestlers protest: নাবালিকা খেলুৱৈগৰাকীৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰা হৈছে - সাক্ষী মালিক