স্প’ৰ্টছ ডেস্ক, 9 অক্টোবৰ: টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয় লাভ কৰাৰ পিছত লৈছে সাময়িক বিৰতি ৷ সম্প্ৰতি তাৰকা ক্ৰিকেটাৰগৰাকীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে চলাই আছে প্ৰস্তুতি ৷ এই শৃংখলা আৰম্ভ হ’ব 16 অক্টোবৰৰ পৰা ৷
ৰোহিতে এই অৱসৰৰ সময় নিজৰ ইচ্ছানুসৰিয়ে উপভোগ কৰি আছে ৷ শেহতীয়াকৈ তেওঁক প্ৰত্যক্ষ কৰা হৈছিল মুম্বাইৰ ৰাজপথত ৷
এই সময়ছোৱাত এনে কিবা এটা ঘটিছিল, যিটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে । ৰোহিত শৰ্মাই নিজৰ বাহনৰে গৈ থকা অৱস্থাত ৰাজপথতে বাহনখন ৰখাই এগৰাকী অনুৰাগীক জনাই জন্মদিনৰ শুভেচ্ছা ৷ কেৱল এয়াই নহয়, টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে অনুৰাগীৰ সৈতে তুলিছিল ফটো । তাৰপিছতে হাতেৰে অভিবাদন জনাই ৰোহিতে অনুৰাগীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ক্ৰিকেটাৰগৰাকীৰ এই কাৰ্যত আনন্দত আত্মহাৰা হৈ পৰে অনুৰাগীগৰাকী ৷