ETV Bharat / sports

ৰোহিতে গ্ৰহণ কৰা নাছিল ধোনীৰ পৰামৰ্শ ! তাৰপিছতে অৰ্জন দ্বি-শতক

Rohit Sharma first Double Century: ৰোহিত শৰ্মাই কেৰিয়াৰৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰাৰ সময়ত উপেক্ষা কৰিছিল এম এছ ধোনীৰ পৰামৰ্শ ।

author img

By ETV Bharat Sports Team

Published : 4 hours ago

ROHIT SHARMA ON M S DHONI
ৰোহিত শৰ্মা আৰু এম এছ ধোনী (Getty and AP Images)

স্প’ৰ্টছ ডেস্ক, 9 অক্টোবৰ: এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত টীম ইণ্ডিয়াৰ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাই ইতিমধ্যে অৰ্জন কৰিছে তিনিটাকৈ দ্বি-শতক ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হিটমেনগৰাকীয়ে অৰ্জন কৰিছিল প্ৰথমটো দ্বৈত শতক ৷ যিখন মেচৰ সন্দৰ্ভত ৰোহিত শৰ্মাই শ্বেয়াৰ কৰিছে এক আমোদজনক কথা ৷

2020 চনত ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ সৈতে ইনষ্টাগ্ৰাম লাইভ ছেচনৰ সময়তে এই কথা সদৰী কৰে ৰোহিতে । তেওঁ কৈছিল যে, "মেচখনত মই বেটিং কৰি থকাৰ সময়ত অধিনায়ক এম এছ ধোনীৰ কথাক আওকাণ কৰিছিলো" ।

ধোনীয়ে কি কৈছিল ৰোহিতক ?

2013 চনৰ নৱেম্বৰ মাহত বেংগালুৰুত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমটো দ্বৈত শতক অৰ্জন কৰিছিল ৰোহিত শৰ্মাই । এই মেচত ৰোহিত আৰু শিখৰ ধৱনে অ’পেনাৰ হিচাপে ক্ৰিজলৈ আহিছিল । কিন্তু 60 ৰাণ সংগ্ৰহ কৰিয়েই আউট হৈছিল ধৱন ।

ইয়াৰ পাছতে বিৰাট কোহলী(0), সুৰেশ ৰাইনা (28) আৰু যুৱৰাজ সিং (12) ৰাণ সংগ্ৰহ কৰি ক্ষীপ্ৰতাৰে উভতি আহে পেভিলিয়নলৈ । যাৰ বাবে 34 অভাৰত ভাৰতৰ স্ক’ৰ আছিল 4 উইকেটত 207 ৰাণ ।

ইয়াৰ পিছত ধোনীয়ে ছয় নম্বৰত বেটিং কৰিবলৈ আহে । তেওঁ ৰোহিতক নিৰাপদে খেলি ইনিংছৰ শেষলৈকে খেলিবলৈ পৰামৰ্শ দি নিজেই ৰিস্ক ল’বলৈ কয় । কিন্তু ৰোহিতে এই পৰামৰ্শক আওকাণ কৰি অষ্ট্ৰেলিয়াৰ বলাৰক আক্ৰমণ কৰা বন্ধ নকৰিলে ।

ইনষ্টা লাইভৰ অধিৱেশনৰ সময়ত ৰোহিতে লগতে কয়, "পার্টনাৰশ্বিপৰ সময়ত তেওঁ (ধোনী) মোৰ লগত কথা পাতি আছিল ৷ লগতে কৈছিল যে, আপুনি এজন সুদক্ষ বেটছমেন ৷ আপুনি 50 নং অভাৰলৈকে বেটিং কৰিব লাগিব আৰু মই ডাঙৰ শ্বটৰ বাবে ৰিস্ক ল’ম” ৷

ৰোহিতে এটা আকৰ্ষণীয় ইনিংছ খেলিছিল

এই মেচখনত ৰোহিতে 158 টা বলত 209 ৰাণ সংগ্ৰহ কৰিছিল । যিটো ইনিংছত আছিল 12 টা চাৰি আৰু 16 টা ছয় । আনহাতে, ধোনীয়ে 38 টা বলত 62 ৰাণ সংগ্ৰহ কৰে, যাৰ বাবে ভাৰতে 383 ৰাণৰ বিশাল স্ক’ৰ কৰিবলৈ সক্ষম হয় ৷ সেই মেচখনত অষ্ট্ৰেলিয়া 326 ৰাণত সীমাবদ্ধ হৈ থকাৰ লগতে ভাৰতে 57 ৰাণত জয়লাভ কৰিবলৈ সক্ষম হয় ।

ৰোহিতৰ দ্বৈত শতক

ৰোহিত শৰ্মাই বৰ্তমানলৈকে ঘৰুৱা মাটিত খেলা এদিনীয়া মেচত অৰ্জন কৰিছে তিনিটাকৈ দ্বৈত শতক ৷ 2014 চনৰ নৱেম্বৰ মাহত কলকাতাত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয়টো দ্বৈত শতক অৰ্জন কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে ।

এই মেচখনত 173 টা বলত 264 ৰাণ সংগ্ৰহ কৰি এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় । 2017 চনৰ ডিচেম্বৰ মাহত শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়টো দ্বৈত শতক অৰ্জন কৰিছিল ৰোহিত শৰ্মাই । সেই সময়ত তেওঁ মোহালীত 153 টা বলত 208* ৰাণ সংগ্ৰহ কৰিছিল ।

ৰোহিতৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ বিফলতা

2011 চনৰ বিশ্বকাপ দলত স্থান নোপোৱাটো ৰোহিতে কেৰিয়াৰৰ আটাইতকৈ বিফলতা বুলি অভিহিত কৰে । ৰোহিতৰ ঘৰুৱা খেলপথাৰ মুম্বাইত অন্তিমখন মেচত খেলুৱৈগৰাকীয়ে অংশগ্ৰহণ কৰিছিল ৷

পৰৱৰ্তী সময়ত এদিনীয়া বিশ্বকাপত ৰোহিতে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়ায় । এদিনীয়া বিশ্বকাপত সৰ্বাধিক শতক(7) অৰ্জন কৰাৰো অভিলেখ ক্ৰিকেটাৰগৰাকীৰ নামতে আছে । কেৱল 2019 চনৰ বিশ্বকাপত ৰোহিত শৰ্মাই পাঁচটাকৈ শতক অৰ্জন কৰিছিল ।

2015 চনৰ বিশ্বকাপত ৰোহিতে 47.14 গড়ে 330 ৰাণ সংগ্ৰহ কৰিছিল ৷ সামগ্ৰিকভাৱে এদিনীয়া বিশ্বকাপত গড়ে 60 ৰো অধিক ৰাণ কৰি 28 খন মেচত 1575 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৰোহিতে ।

এদিনীয়া বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাৰ চতুৰ্থ স্থানত আছে ৰোহিত শৰ্মা । 2023 চনৰ এদিনীয়া বিশ্বকাপত অধিনায়ক হিচাপে তেওঁ টীম ইণ্ডিয়াক ফাইনেলত উপনীত কৰোৱাত সহায় কৰিছিল যদিও খিতাপ অৰ্জনৰ পৰা বঞ্চিত হৈছিল দলটো ৷

লগতে পঢ়ক: একেদিনাই অনুষ্ঠিত হ’ব টীম ইণ্ডিয়াৰ দুখনকৈ মেচ; কেনেদৰে কৰিব উপভোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.