thumbnail

উখল-মাখল যোৰহাট; জগন্নাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ এটা বিশেষ পূজা মণ্ডপ

By ETV Bharat Assamese Team

Published : 4 hours ago

যোৰহাট, ৯ অক্টোবৰ: আজি মহাষষ্ঠী । বেল বোধনৰে পাতত বহিল দেৱী কাত্যায়িনী । ৰাজ্যজুৰি আৰম্ভ শাৰদীয় হ'ল দুৰ্গোৎসৱ । ঢাক-ঢোলৰ শব্দ আৰু পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে উদ্ভাসিত হৈ পৰিছে পূজা মণ্ডপস্থলীসমূহ । সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে যোৰহাটতো । যোৰহাটৰ বিভিন্ন পূজা মণ্ডপত ষষ্ঠীৰ দিনটোত দেখা গৈছে ভক্তৰ ভিৰ ।  

ভিন্ন আৰ্হিৰ পূজা মণ্ডপৰ সমান্তৰালভাৱে ৰূপহী আলি পূজা মণ্ডপে লাভ কৰিছে এইবাৰ বিশেষ চৰ্চা । জগন্নাথ মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ সজাই তুলি এক আকষৰ্ণীয় মাত্ৰা প্ৰদান কৰিছে পূজা সমিতিয়ে । প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মৰাপাটৰ ঠাৰি আৰু থাৰ্ম'কলৰে নিৰ্মাণ কৰিছে এই পূজা মণ্ডপটি । ইফালে নিৰাপত্তাৰ খাতিৰত সমগ্ৰ পূজা মণ্ডপটিত উদ্যোক্তাসকলে স্থাপন কৰিছে চিচিটিভি কেমেৰা ।

লগতে পঢ়ক: শ্ৰীশ্ৰীমহিষমৰ্দিনী দশভূজা দুৰ্গা মন্দিৰত ২৮০ বছৰে নিৰলে চলিছে পূজা-উপাসনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.