ETV Bharat / sports

সোনকালেই হওঁক আজৰি; বুধবাৰে সন্ধিয়া টীম ইণ্ডিয়াৰ দুখনকৈ হাই প্ৰফাইল মেচ - CRICKET MATCH

Live telecast of cricket match: বুধবাৰৰ দিনটোতে পুৰুষ আৰু মহিলা দুয়োটা ক্ৰিকেট দলেই অংশগ্ৰহণ কৰিব দুখনকৈ হাই প্ৰফাইল মেচত ৷

CRICKET MATCH
ভাৰতীয় ক্ৰিকেট দল (IANS & AP PHOTO)
author img

By ETV Bharat Sports Team

Published : Oct 9, 2024, 4:05 PM IST

স্প’ৰ্টছ ডেস্ক, 9 অক্টোবৰ: বুধবাৰে সন্ধিয়া আই চি চি মহিলা টি 20 বিশ্বকাপ 2024 ত অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ৷ ভাৰতৰ বাবে প্ৰতিযোগিতাৰ এয়া তৃতীয়খন মেচ ৷ দলটো মুখামুখি হ’ব শ্ৰীলংকাৰ ৷ এই খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7.30 বজাৰ পৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হ’ব ।

আনহাতে, সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় পুৰুষ ক্ৰিকেট দলে বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয়খন টি 20 মেচত অংশগ্ৰহণ কৰিব ৷ তিনিখন মেচৰ টি 20 শৃংখলাটোৰ দ্বিতীয়খন মেচ ৰাজধানী চহৰ নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত হ’ব ৷

ক’ত উপভোগ কৰিব পাৰিব টি 20 বিশ্বকাপৰ মেচ

আই চি চি মহিলা টি 20 বিশ্বকাপত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখন ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ৷ আনহাতে, একেখন মেচ দৰ্শকে উপভোগ কৰিবলৈ পাৰিব ডিজনী প্লাছ হটষ্টাৰত ৷

ক’ত উপভোগ কৰিব পাৰিব ইণ্ডিয়া-বাংলাদেশৰ টি 20 মেচ

ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিতীয়খন টি 20 মেচ স্প’ৰ্টছ 18 নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ৷ ক্ৰিকেট অনুৰাগীসকলে জিঅ’ চিনেমাত এই মেচখনৰ লাইভ ষ্ট্ৰীমিং উপভোগ কৰিব পাৰে ।

মহিলা টি 20 বিশ্বকাপ 2024 ত ভাৰতৰ যাত্ৰা

সংযুক্ত আৰৱ আমিৰশ্বাহীত চলি থকা আই চি চি মহিলা টি 20 বিশ্বকাপৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে 58 ৰাণত পৰাস্ত হোৱা ভাৰতে দ্বিতীয়খন মেচত পাকিস্তানৰ বিৰুদ্ধ 6 উইকেটত জয় লাভ কৰে ৷ বুধবাৰে দলটোৱে তৃতীয়খন মেচত শ্ৰীলংকাৰ বিৰুদ্ধে মুখামুখি হ’ব ৷

ভাৰত বনাম বাংলাদেশ দ্বিতীয় টি 20

তিনিখন মেচৰ টি 20 শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে 49 টা বল বাকী থকা অৱস্থাত সাত উইকেটত জয় লাভ কৰে ৷ দ্বিতীয়খন মেচতো যদি ভাৰতে বাংলাদেশক পৰাস্ত কৰে, তেন্তে জয় কৰিব এই শৃংখলা ৷ আনহাতে, মেচখনত বাংলাদেশে জয় লাভ কৰিলে শৃংখলাত সমতা স্থাপন কৰিব পাৰিব ৷

লগতে পঢ়ক: একেদিনাই অনুষ্ঠিত হ’ব টীম ইণ্ডিয়াৰ দুখনকৈ মেচ; কেনেদৰে কৰিব উপভোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.