ETV Bharat / state

লোকাৰণ্য কামাখ্যা ধাম; নৱৰাত্ৰিৰ পৰা অব্যাহত কুমাৰী পূজা

Navratri at Kamakhya Devalaya: শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত মতলীয়া সকলো । চৌদিশে মাথো দেৱী বন্দনা । কামাখ্যা দেৱালয়ত চলিছে কুমাৰী পূজা ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Durga Puja continues from Navratri at Kamakhya Devalaya
লোকাৰণ্য কামাখ্যা ধাম (ETV Bharat Assam)

গুৱাহাটী, ৯ অক্টোবৰ: শাৰদীয় দুৰ্গা পূজাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে এক উখল-মাখল পৰিৱেশ । জাক-জমকতাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আয়োজন চলিছে দুৰ্গোৎসৱৰ । বেল-বোধনৰে ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিচতে আৰম্ভ দেৱী বন্দনা । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নীলাচলৰ বুকুৰ শক্তিপীঠ কামাখ্যা মন্দিৰতো দেৱী‌ দুৰ্গাৰ আৰাধনা ।

বুধবাৰৰ অৰ্থাৎ মহাষষ্ঠীৰ দিনটোত কামাখ্যা ধামত লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয় । পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰে কামাখ্যা দেৱালয়ত । নিজৰ মনোকামনা পূৰণৰ অৰ্থে মা কামাখ্যালৈ আগবঢ়াই পূজা-অৰ্চনা । উল্লেখযোগ্য যে, বিগত ২৯ ছেপ্টেম্বৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হৈছে পষেকীয়া দুৰ্গোৎসৱ । এই পষেকীয়া দুৰ্গোৎসৱৰ মাজেৰে কামাখ্যা দেৱালয়ত অনুষ্ঠিত হৈ আহিছে বিভিন্ন পূজা-অৰ্চনা ।

কামাখ্যা মন্দিৰৰ পূৰ্বৰ দৰে পৰম্পৰাগত আৰম্ভ হৈছে কুমাৰী পূজা পৰ্ব । এই সন্দৰ্ভত কামাখ্যা মন্দিৰ দেৱালয়ৰ বৰদলৈ কবিন্দ্ৰ শৰ্মাই কয়, "কামাখ্যা মন্দিৰত প্ৰতিবছৰে দুৰ্গা পূজাৰ হয় । এইবাৰো এপষেকজোৰা দুৰ্গা পূজা আৰম্ভ হৈছে । কৃষ্ণ নৱমীৰ পৰা শুল্কা নৱমীলৈ এই পূজা‌ সম্পন্ন কৰা হয় । নৱৰাত্ৰিৰ পৰা কুমাৰী পূজা আৰম্ভ হৈছে । প্ৰতিপদ তিথিৰ দিনা প্ৰথম এগৰাকীৰে কুমাৰী পূজা‌ কৰা‌‌ হয় আৰু আজি ষষ্ঠীৰ দিনা ছয় গৰাকী কুমাৰীক পূজা‌ কৰা‌ হৈছে । অহা অষ্টমীৰ দিনা ১২০০ দৰ্শনাৰ্থীৰ দৰ্শনৰ ব্যৱস্থা কৰা‌ হৈছে ।‌ এই সময়ছোৱাত কোনো ভি আই পি, ভি ভি আইপিৰ প্ৰৱেশ পত্ৰ দিয়া‌ হোৱা‌ নাই ।"

কাইলৈ অৰ্থাৎ সপ্তমীৰ দিনা সাতগৰাকী কুমাৰীক কৰা হ’ব পূজা-অৰ্চনা । নৱৰাত্ৰিৰ আৰম্ভণিৰ পৰা প্ৰত্যেক দিনা এগৰাকীকৈ কুমাৰী বৃদ্ধিৰে নৱমীলৈকে পূজা চলি থাকিব । এই সমগ্ৰ প্ৰক্ৰিয়াটোত সৰ্বমুঠ ৪৫ গৰাকী কুমাৰীক লৈ কুমাৰী পূজা সম্পন্ন কৰা হয় ।

লগতে পঢ়ক: শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে সজাই তোলা কেইখনমান আকৰ্ষণীয় পূজা মণ্ডপ চাওঁ আহক

শ্ৰীশ্ৰীমহিষমৰ্দিনী দশভূজা দুৰ্গা মন্দিৰত ২৮০ বছৰে নিৰলে চলিছে পূজা-উপাসনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.