ETV Bharat / sports

টীম ইণ্ডিয়াৰ বাবে সকাহ; টেষ্টৰ পৰা বাদ পৰিল নিউজিলেণ্ডৰ বিপদজনক বেটছমেন

Ind vs new zealand test: আঘাতৰ বাবে ভাৰত ভ্ৰমণৰ পৰা বাদ পৰিছে নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা এগৰাকী বিপদজনক বেটছমেন ৷

author img

By ETV Bharat Sports Team

Published : 3 hours ago

IND VS NEW ZEALAND TEST SERIES
নিউজিলেণ্ডৰ দলটোৰ একাংশ (Getty Image)

স্প’ৰ্টছ ডেস্ক, 9 অক্টোবৰ: 16 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত-নিউজিলেণ্ডৰ ঘৰুৱা তিনিখন টেষ্ট শৃংখলা । যাৰ পৰিপ্ৰেক্ষিতত নিউজিলেণ্ডে ঘোষণা কৰিছে সাম্ভাৱ্য দলটো ৷

নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছনৰ নাম এই দলত অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে আঘাতৰ বাবে ভাৰত ভ্ৰমণৰ পৰা বাদ পৰিছে ক্ৰিকেটাৰগৰাকী ৷ যাৰ বাবে বিপদজনক বেটছমেনগৰাকী প্ৰথমখন টেষ্টত অংশগ্ৰহণৰ সম্ভাৱনা তেনেই ক্ষীণ ৷ এয়া অৱশ্যে ভাৰতীয় দলটোৰ বাবে সুখৰ খবৰ হ’ব পাৰে ৷

উইলিয়ামছনৰ আঘাতৰ সন্দৰ্ভত কি ক’লে নিৰ্বাচকগৰাকীয়ে ?

বুধবাৰে নিউজিলেণ্ড ক্ৰিকেটে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, "নিউজিলেণ্ড দলত যোগদানৰ পূৰ্বে সোঁহতীয়া বেটছমেন উইলিয়ামছনে পুনৰ্বাসন কৰিব লাগিব" ।

নিউজিলেণ্ডৰ নিৰ্বাচক ছেম ওৱেলছে কয়, "উইলিয়ামছনৰ আঘাত যাতে গুৰুতৰ নহয়, তাৰ বাবে তেওঁক জিৰণি দি পুনৰ্বাসনৰ অধীনত ৰখাৰ প্ৰয়োজন" ৷

তেওঁ লগতে কয়, "আমি আশা কৰো যে, যদি ক্ৰিকেটাৰগৰাকী পুনৰ্বাসনৰ অধীনত সুস্থ হৈ উঠে, তেন্তে ভ্ৰমণৰ শেষৰ অংশৰ বাবে তেওঁ উপলব্ধ হ’ব" ৷

টেষ্টত ভাৰতৰ বিৰুদ্ধে উইলিয়ামছনৰ পৰিসংখ্যা

উইলিয়ামছনে ভাৰতৰ বিৰুদ্ধে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে । ভাৰতৰ বিৰুদ্ধে 13 খন ৰেডবলৰ মেচত অংশ ক্ৰিকেটাৰগৰাকীয়ে 37.87 গড়ে সংগ্ৰহ কৰিছে 871 ৰাণ । মেন ইন ব্লুৰ বিৰুদ্ধে খেলা 24 টা ইনিংছত তেওঁ দুটা শতক আৰু 5 টা অৰ্ধশতক অৰ্জন কৰিছে ।

কেনৰ সলনি মাৰ্ক চেপমেন অন্তৰ্ভুক্ত

চেপমেনৰ প্ৰথম শ্ৰেণীৰ গড় হৈছে 41.9 । ইয়াৰোপৰি ব্ৰেচৱেল প্ৰথম টেষ্টৰ বাবে দলৰ অংশ হ’ব যদিও তাৰপিছত তেওঁ দ্বিতীয় সন্তানৰ জন্মৰ পৰিপ্ৰেক্ষিতত ঘৰলৈ উভতিব ৷ তেওঁৰ ঠাইত লেগ স্পিনাৰ ঈশ সোধিয়ে দলত স্থান লাভ কৰিব ।

ভাৰত বনাম নিউজিলেণ্ড টেষ্ট শৃংখলা

16 অক্টোবৰৰ পৰা এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখন টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ । আনহাতে, দ্বিতীয়খন মেচ 24 অক্টোবৰৰ পৰা পুনেত আৰু তৃতীয়খন মেচ 1 নৱেম্বৰৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

টেষ্ট শৃংখলাৰ বাবে নিউজিলেণ্ডৰ দলটো

টম লেথাম (অধিনায়ক), টম ব্লুণ্ডেল (উইকেটকীপাৰ), মাইকেল ব্ৰেচৱেল (কেৱল প্ৰথম টেষ্ট), মাৰ্ক চেপমেন, ডেভন কনৱে, মেট হেনৰী, ডেৰিল মিচেল, উইল অ’ৰ’ৰ্ক, আজাজ পেটেল, গ্লেন ফিলিপছ, ৰাচিন ৰবীন্দ্ৰ, মিচেল ছাণ্টনাৰ, বেন ছিয়াৰ্ছ, ইছ ছ’ধি (কেৱল দ্বিতীয় আৰু তৃতীয় টেষ্ট), টিম চাউথী, কেন উইলিয়ামছন আৰু উইল ইয়ং ।

লগতে পঢ়ক: ৰোহিতে গ্ৰহণ কৰা নাছিল ধোনীৰ পৰামৰ্শ ! তাৰপিছতে অৰ্জন দ্বি-শতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.