স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট:ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই বুধবাৰে তেওঁৰ ক্ৰিকেট জীৱনত বিশেষভাৱে প্ৰভাৱান্বিত কৰা "তিনি স্তম্ভ"ৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে ৷ যি তিনি স্তম্ভই অধিনায়ক ৰোহিত শৰ্মাক চলিত বছৰৰ টি 20 বিশ্বকাপৰ খিতাপ দখলত সহায় কৰিছিল ৷ অৱশ্যে তিনি স্তম্ভই খেলপথাৰৰ ভিতৰৰ সলনি বাহিৰৰ পৰাহে অধিনায়কগৰাকীক সমৰ্থন আগবঢ়াইছিল ৷
মেন ইন ব্লুৰ টি 20 বিশ্বকাপ দখলৰ কিছু মুহূৰ্তৰ কথা আবেগেৰ সুঁৱৰি ৰোহিত শৰ্মাই এই বিশেষ তিনি স্তম্ভৰ কথা ৰাজহুৱা কৰে ৷ লগতে আগন্তুক চেম্পিয়নছ ট্ৰফী 2025 আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত খিতাপ দখল কৰাৰ ক্ষেত্ৰত থকা ক্ষুধাৰ আৰু গ্ৰহণ কৰা সংকল্পৰ বিষয়ে প্ৰকাশ কৰে ৷
11 বছৰীয়া অপেক্ষাৰ অন্ত
ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে দুটাকৈ টি-20 বিশ্বকাপৰ খিতাপ জয় কৰা তৃতীয়টো দলত পৰিণত হৈ সৃষ্টি কৰিছিল ইতিহাস । ৰোহিত 2013 চনৰ চেম্পিয়নছ ট্ৰফীৰ পিছত আই চি চি ট্ৰফীৰ খিতাপ দখল কৰা এম এছ ধোনীৰ পিছতে প্ৰথমগৰাকী ভাৰতীয় অধিনায়কত পৰিণত হয় ৷ যিয়ে ভাৰতবাসীৰ সুদীৰ্ঘ 11 বছৰীয়া বিশ্বকাপ খিতাপ জয়ৰ আশা পৰিপূৰ্ণ কৰে ৷ এই জয়ে 17 বছৰত ভাৰতৰ প্ৰথমটো টি-20 বিশ্বকাপ জয়ক চিহ্নিত কৰে ।
ৰোহিত শৰ্মাৰ তিনি স্তম্ভ
শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত চিয়েট ক্ৰিকেট ৰেটিং বঁটা প্ৰদান অনুষ্ঠানত পুৰুষৰ শাখাত আন্তৰ্জাতিক ক্ৰিকেটাৰ অৱ দা ইয়েৰ বঁটাৰে সন্মানৰ বাবে মনোনীত হৈছিল ভাৰতৰ তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মা ৷ এই অনুষ্ঠানতে 37 বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, নিৰ্বাচনী সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰ আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বি চি চি আই) সম্পাদক জয় শ্বাহক এদিনীয়া বিশ্বকাপ 2023 ৰ ফাইনেলত উপনীত হোৱাৰ লগতে 2024 বৰ্ষত টি 20 বিশ্বকাপৰ খিতাপ দখল কৰাৰ সময়ত লাভ কৰা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷