স্পৰ্টছ ডেস্ক, ৪ মে' :অহা ২০ মে'ৰ পৰা ২৯ মে'লৈ ইউৰোপ ভ্ৰমণলৈ যাব ভাৰতীয় জুনিয়ৰ হকী দল । তাৰ পূৰ্বে হকী ইণ্ডিয়াই শনিবাৰে ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দল ঘোষণা কৰে । দলটোৱে বেলজিয়াম, জাৰ্মানী আৰু ব্ৰেডেজ হকী ভেৰেনিগিং পুছ নামৰ নেডাৰলেণ্ডৰ ক্লাব দলৰ বিৰুদ্ধে ৩ খন দেশত ৫ খন খেল খেলিব ।
ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলটোক অভিজ্ঞতা অৰ্জনৰ সহায়ৰ বাবে হকী ইণ্ডিয়াৰ অধীনত বেলজিয়াম, জাৰ্মানী আৰু নেডাৰলেণ্ডত মেচ খেলিবলৈ পঠিয়াব । দলটোৱে বেলজিয়ামৰ এণ্টৱাৰ্পত ২০ মে'ত বেলজিয়ামৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব আৰু ২২ মে'ত নেডাৰলেণ্ডৰ ব্ৰেডাত দ্বিতীয়খন খেল খেলিব ।
ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে ২৩ মে'ত ব্ৰেডাত ডাচ্চ ক্লাব দল ব্ৰেডেজ হকী ভেৰেনিগিং পুছৰ বিৰুদ্ধে খেলিব আৰু তাৰ পিচত ২৮ মে'ত জাৰ্মানীত জাৰ্মানীৰ বিৰুদ্ধে এখন খেল খেলিব । তাৰ পিচত তেওঁলোকে ২৯ মে'ত ভ্ৰমণৰ অন্তিম খন খেলত জাৰ্মানীৰ সৈতে পুনৰ ব্ৰেডালৈ উভতিব । দলটোক ডিফেণ্ডাৰ ৰোহিতে নেতৃত্ব দিব আৰু শাৰদানন্দ তিৱাৰীক দলৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে ।