স্প’ৰ্টছ ডেস্ক:আৰ্থিক বিসংগতিৰ অভিযোগ উত্থাপনৰে নিৰ্বাচনৰ পূৰ্বে কঠোৰ প্ৰত্যাহ্বানৰ সৃষ্টি এগৰাকী সাংসদৰ ৷ পিছে এই ভুৱা অভিযোগে তেওঁক নিৰ্বাচনী বৈতৰণী পাৰ কৰাত কোনোধৰণৰ সহায় কৰা দেখা নগ’ল ৷ যাৰ বাবে অথলে গ’ল সাংসদগৰাকীৰ সকলো প্ৰচেষ্টা ৷
দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত অনুষ্ঠিত হৈছে দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি পদৰ নিৰ্বাচন ৷ এই নিৰ্বাচনত জয়লাভ কৰিছে প্ৰাক্তন ৰাজনীতিক অৰুণ জেটলীৰ পুত্ৰ ৰোহন জেটলীয়ে ৷
মঙলবাৰে ঘোষণা কৰা দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱা ৰোহন জেটলীয়ে নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীক প্ৰায় 800 ভোটৰ ব্যৱধানত পৰাস্ত কৰে । আনহাতে, ৰোহনৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত পৰাজয়বৰণ কৰে আৰ্থিক বিসংগতিৰ অভিযোগ উত্থাপন কৰা তৃণমূল কংগ্ৰেছৰ সাংসদ কীৰ্তি আজাদে ৷
ৰোহন জেটলীৰ বিৰুদ্ধে পৰাজিত কীৰ্তি আজাদ
প্ৰাক্তন(প্ৰয়াত) কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ পুত্ৰ ৰোহনে 1577 টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী তথা সাংসদ কীৰ্তি আজাদে লাভ কৰে 777 টা ভোট ৷ জেটলী-চি কে খান্না গোটৰ সদস্যসকলে নিৰ্বাচনৰ আন সকলো গুৰুত্বপূৰ্ণ পদতে জয়লাভ কৰে ৷
উপাধ্যক্ষ পদৰ বাবে শিখা কুমাৰে 1246 টা ভোট লাভ কৰি ৰাকেশ কুমাৰ বনচাল(536) আৰু সুধীৰ কুমাৰ আগৰৱালা(498) ক পৰাস্ত কৰে ।