অসম

assam

ETV Bharat / sports

মহিলা টি-20 ক্ৰিকেটত ৰিচা ঘোষৰ দ্ৰুততম অৰ্ধশতক - RICHA GHOSH FASTEST T20I FIFTY

টি-20 ক্ৰিকেটত ৰিচা ঘোষৰ অভিলেখ ৷ যুটীয়া সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন খেলুৱৈগৰাকীৰ ৷

Richa ghosh fastest t20i fifty
ৰিচা ঘোষ (IANS Photo)

By ETV Bharat Sports Team

Published : 12 hours ago

স্প’ৰ্টছ ডেস্ক: ভাৰতৰ উইকেটকীপাৰ বেটছমেন ৰিচা ঘোষে বৃহস্পতিবাৰে অনুষ্ঠিত মহিলাৰ টি-20 ক্ৰিকেটত যুটীয়া সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰে । ঘোষে ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দল দুটাৰ মাজত অনুষ্ঠিত শৃংখলাৰ তৃতীয় তথা অন্তিমখন টি-20 ত এই কৃতিত্ব অৰ্জন কৰে ৷

এক বিস্ফোৰক ভংগীমাৰে ক্ৰিজত নমা ৰিচাক বৃহস্পতিবাৰৰ খেলখনত বিধ্বংসী ৰূপত দেখা যায় ৷ মেচৰ প্ৰথমটো বলৰ পৰাই খেলুৱৈগৰাকীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰে ৷ ঘোষে মাত্ৰ 18 টা বলত দ্বিতীয়টো টি-20 অৰ্ধশতক অৰ্জন কৰে ৷ পূৰ্বে এই সাফল্য অৰ্জন কৰিছিল নিউজিলেণ্ডৰ অধিনায়ক ছফি ডেভাইন আৰু অষ্ট্ৰেলিয়াৰ ফবী লিচফিল্ডে ৷

ডেভাইনে 2015 চনত এম চিন্নাস্বামী ষ্টেডিয়ামত 18 টা বলত অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে লিচফিল্ডে যোৱা বছৰ চিডনীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে একে সাফল্য অৰ্জন কৰে ৷

ৰিচাই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 3 টা চাৰি আৰু 5 টা ছয় কোবাই অৰ্ধশতক অৰ্জন কৰে ৷ ৰিচাই এদিনীয়া মেচৰ অ’পেনিং সংগী স্মৃতি মন্ধানাৰ পাঁচ বছৰীয়া অভিলেখো ভংগ কৰে ৷ 2019 চনৰ ফেব্ৰুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে 24 টা বলত মন্ধানাই টি-20 ক্ৰিকেটত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰিছিল ৷

ৰিচাৰ বিস্ফোৰক এই ইনিংছৰ সৈতে ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 217 ৰাণ ৷ মন্ধানাই ইনিংছৰ আৰম্ভণিতে মাত্ৰ 47 টা বলত 77 ৰাণ সংগ্ৰহ কৰি প্ৰতিপক্ষৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰে । মন্ধানাই উইকেট হেৰুওৱাৰ পিছত জেমিমা ৰড্ৰিগছে 28 টা বলত 39 ৰাণ, ৰাঘৱী বিষ্টে 22 টা বলত অপৰাজিত 31 ৰাণ আৰু ৰিচা ঘোষে মাত্ৰ 21 টা বলত 54 ৰাণ সংগ্ৰহ কৰে ।

এই মেচখনত ভাৰতীয় দলটোৱে কোবোৱা মুঠ 7 টা ছয়ৰ 5 টায়ে আছিল ৰিচাৰ নামত ৷ মেচৰ অন্তিম অভাৰৰ অন্তিমটো বলত আলিয়া এলিনেৰ বিৰুদ্ধে এটা ছয় কোবাবলৈ গৈ উইকেট হেৰুৱাইছিল বেটছমেনগৰাকীয়ে ৷

মহিলা টি-20 ক্ৰিকেটত দ্ৰুততম অৰ্ধশতক
খেলুৱৈৰ নাম বল খেল স্থান তাৰিখ
এছ এফ এম ডেভাইন 18 নিউজিলেণ্ড মহিলা বনাম ভাৰত মহিলা বেংগালুৰু 11/07/2015
ফবী লিচফিল্ড 18 অষ্ট্ৰেলিয়া মহিলা বনাম ৱেষ্ট ইণ্ডিজ মহিলা চিডনী 02/10/2023
ৰিচা ঘোষ 18 ভাৰত মহিলা বনাম ৱেষ্ট ইণ্ডিজ মহিলা ডি ৱাই পাটিল 19/12/2024
নিদা দাৰ 20 দক্ষিণ আফ্ৰিকা মহিলা বনাম পাকিস্তান মহিলা বেননি 22/05/2019
এ জে হিলি 21 অষ্ট্ৰেলিয়া মহিলা বনাম আয়াৰলেণ্ড মহিলা প্ৰভিডেন্স 11/11/2018
এছ এফ এম ডেভাইন 21 নিউজিলেণ্ড মহিলা বনাম আয়াৰলেণ্ড মহিলা প্ৰভিডেন্স 17/11/2018
এ কেপচি 21 ইংলেণ্ড মহিলা বনাম আয়াৰলেণ্ড মহিলা পাৰ্ল 13/02/2023

লগতে পঢ়ক:উভতি চাওঁ 2024: বছৰটোত কোন কোন খেলুৱৈয়ে ক্ৰিকেটক জনালে চিৰবিদায়

ABOUT THE AUTHOR

...view details