স্প’ৰ্টছ ডেস্ক, 8 ছেপ্টেম্বৰ:প্ৰবীণ ক্ৰীড়া প্ৰশাসক ৰণধীৰ সিঙে এছিয়াৰ অলিম্পিক পৰিষদৰ(অ’ চি এ) সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ৷ দেওবাৰে এই মহাদেশীয় সংস্থাটোৰ 44 তম সাধাৰণ সভাৰ সময়ত সিঙক এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হয় ৷
পাঁচবাৰৰ অলিম্পিক শ্বুটাৰ ৰণধীৰ অ’ চি এ ৰ সভাপতি পদৰ বাবে একমাত্ৰ যোগ্য প্ৰাৰ্থী আছিল । তেওঁৰ কাৰ্যকাল 2024 চনৰ পৰা 2028 চনলৈ কাৰ্যকৰী থাকিব ৷ এই বাছনি প্ৰক্ৰিয়াত সকলোৰে সন্মতি আছিল, যাৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে পদটোত নিৰ্বাচিত হয় ৰণধীৰ সিং ৷
77 বছৰীয়া প্ৰশাসকগৰাকী 2021 চনৰ পৰা অ’ চি এ-ৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব বহন কৰি আছিল । তেওঁ কুৱেইটৰ শ্বেখ আহমেদ আল-ফাহাদ আল-চাবাহৰ স্থানত অধিষ্ঠিত হয় ৷ চাবাহক নৈতিকতা উলংঘনৰ বাবে চলিত বছৰৰ মে’ মাহত ক্ৰীড়া প্ৰশাসনৰ তৰফৰ পৰা 15 বছৰৰ নিষেধাজ্ঞা প্ৰদান কৰা হৈছিল ।
ভাৰত আৰু এছিয়াৰ ক্ৰীড়া সংস্থাসমূহত বিভিন্ন প্ৰশাসনিক পদত অধিষ্ঠিত হৈ থকা ৰণধীৰক ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱিয়া আৰু এছিয়াৰ প্ৰায় 45 খন দেশৰ শীৰ্ষ ক্ৰীড়া প্ৰশাসকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অ' চি এ-ৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ।
ৰণধীৰ পঞ্জাৱৰ পাটিয়ালাৰ বাসিন্দা আৰু তেওঁৰ পৰিয়াল আৰম্ভণিৰে পৰা ক্ৰীড়াৰ সৈতে জড়িত হৈ আছে । সিঙৰ খুৰাক মহাৰাজা যাদৱেন্দ্ৰ সিঙে ভাৰতৰ হৈ টেষ্ট ক্ৰিকেট খেলিছিল আৰু আন্তৰ্জাতিক অলিম্পিক সমিতিৰ(আই অ’ চি) সদস্য আছিল । তেওঁৰ দেউতাক ভলিন্দ্ৰ সিঙেও এজন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছিল । তেওঁ 1947 ৰ পৰা 1992 চনৰ ভিতৰত আই অ’ চিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷ ৰণধীৰ 2001 চনৰ পৰা 2014 চনলৈ আই অ’ চি-ৰ সদস্য পদত অধিষ্ঠিত আছিল । তেতিয়াৰ পৰা তেওঁ আই অ’ চিৰ সন্মানীয় সদস্য হিচাপে জড়িত হৈ আছে ।
লগতে পঢ়ক:চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ আহিব ভাৰত: পি চি বি ৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য - CHAMPIONS TROPHY 2025