স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ:ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ(বি চি চি আই) সম্পাদক জয় শ্বাহক শেহতীয়াকৈ নিযুক্তি দিয়া হৈছে আই চি চি-ৰ অধ্যক্ষ হিচাপে ৷ লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ যুৱৰাজ খ্যাত ৰাহুল গান্ধীয়ে জয় শ্বাহৰ এই নতুন দায়িত্বৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰাৰ পৰিৱৰ্তে কৰিছে কঠোৰ সমালোচনা ৷ তদুপৰি জয় শ্বাহৰ পিতৃ তথা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহকো কঠোৰ বাক্যবাণেৰে কৰিছে আক্ৰমণ । অৱশ্যে ৰাহুলে জয় শ্বাহৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁক সমালোচনা কৰে ।
ৰাহুল গান্ধীয়ে এটা ৰেলীত অংশগ্ৰহণ কৰি কয় যে, "সকলো বস্তু আৰু সকলো ব্যৱসায় এই তিনিৰ পৰা চাৰিজন লোকৰ ওচৰলৈ যায় । অমিত শ্বাহৰ পুত্ৰই কেতিয়াও ক্ৰিকেট বেট উঠোৱা নাই, কিন্তু তেওঁ ক্ৰিকেটৰ দায়িত্বত আছে" ৷
ইয়াৰ পিছত তেওঁ কয় যে, "6-7 জন লোকে দেশখন চলাই আছে আৰু ভাবে যে ভাৰতৰ জনতা, জম্মু-কাশ্মীৰৰ জনতা আৰু ৰাজ্যৰ বাকী অংশৰ লোকসকল নীৰৱ হৈ থাকিব"। ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়তে এনে মন্তব্য প্ৰকাশ কৰে ৷