নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ:ভাৰতীয় ক্ৰিকেট দলৰ স্পিন বলাৰ আৰ অশ্বিনে নিজৰ ইউটিউব চেনেলত যশপ্ৰীত বুমৰাহক প্ৰশংসা কৰে । ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছে যশপ্ৰীত বুমৰাহে নিজকে আটাইতকৈ ফিট ক্ৰিকেটাৰ বুলি অভিহিত কৰাক লৈ ৷ অনুৰাগীসকলে কয় যে কোহলীৰ পৰিৱৰ্তে বুমৰাহে নিজকে প্ৰশংসা কৰিছিল ।
এতিয়া বিৰাট কোহলীক আওকাণ কৰি ‘দলৰ আটাইতকৈ ফিট ক্ৰিকেটাৰ’ক বাছি লোৱাক লৈ তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে । শেহতীয়া এক বাৰ্তালাপত বুমৰাহে এই প্ৰশ্নৰ উত্তৰ হিচাপে কোহলীৰ সলনি নিজৰ কথা উল্লেখ কৰি কয় যে তেওঁ দ্ৰুত বলাৰৰ প্ৰচাৰৰ বাবে নিজৰ নাম আগুৱাই নিব বিচাৰে । অভিজ্ঞ ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনেও বিতৰ্কত যোগ দি বুমৰাহক প্ৰশংসা কৰে ।
নতুনকৈ মুকলি কৰা ইউটিউব চেনেল ‘আশ কী বাত’ (Ash Ki Baat)ত অশ্বিনে কয়, ‘‘ইয়াক কিয় ডাঙৰ ইছ্যু কৰি তুলিব বিচাৰিছে ? এই গৰমত প্ৰতি ঘণ্টাত ১৪৫ কিলোমিটাৰ বেগেৰে বলিং কৰা এজন বেগী বলাৰ যশপ্ৰীত বুমৰাহ । কহিনুৰ হীৰাৰ দৰে তেওঁ ভাৰতীয় ক্ৰিকেটৰ মুকুটমণি । তেওঁলোকে যি মন যায় কওক । মাত্ৰ গ্ৰহণ কৰক ।’’
তেওঁ কয় যে মানুহে প্ৰশ্নবোৰ সুধি তেওঁলোকৰ প্ৰিয় উত্তৰ বিচাৰে, আপুনি প্ৰশ্নটো সুধিলে আৰু তেওঁ নিজকে ফিট ক্ৰিকেটাৰ বুলি ঘোষণা কৰিলে । অশ্বিনে আৰু কয়, ‘‘মানুহে লগে লগে ক’ব যে বুমৰাহ আঘাতপ্ৰাপ্ত হৈ থাকে, কেনেকৈ আটাইতকৈ ফিট ক্ৰিকেটাৰ হ’ব পাৰে । বোজাই কঢ়িওৱা ট্ৰাক আৰু মাৰ্চিডিজ বেঞ্জৰ মাজত যথেষ্ট পাৰ্থক্য আছে । মাৰ্চিডিজ বেঞ্জৰ অংশবোৰ অতি ব্যয়বহুল হোৱাৰ বাবে সাৱধানে চম্ভালিব লাগে । বোজাই কঢ়িওৱা ট্ৰাকে জিৰণি নোলোৱাকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয় ।’’