স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ:সদ্যসমাপ্ত দবা অলিম্পিয়াড 2024 ত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়ৰ পিছত খেলুৱৈসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । 45 সংখ্যক দবা অলিম্পিয়াডত পুৰুষ আৰু মহিলা দুয়োটা দলে লাভ কৰিছে স্বৰ্ণপদক ।
পুৰুষৰ দলটোৱে শ্ল’ভেনিয়াক পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে অন্তিমটো ৰাউণ্ডত আজাৰবাইজানক পৰাস্ত কৰে । লগতে ডি গুকেশ, অৰ্জুন এগাছি আৰু দিব্য দেশমুখে ব্যক্তিগতভাৱে লাভ কৰে স্বৰ্ণপদক ।
সামাজিক মাধ্যমত প্ৰকাশ পোৱা এক ভিডিঅ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেম্পিয়ন দল দুটাক সাক্ষাৎ কৰি আৰ বৈশালী, ডি হৰিকা, তানিয়া সচদেৱ, বিদিত গুজৰাথী, অৰ্জুন এৰিগাইছি, প্ৰাগনানন্ধা আদি খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে । এই আদান-প্ৰদানৰ সময়ত ভাৰতীয় খেলুৱৈসকলে প্ৰধানমন্ত্ৰী মোদীক দবা ব’ৰ্ড উপহাৰ দিয়ে ৷ পৰৱৰ্তী সময়ত প্ৰাগনানন্দা আৰু এৰিগায়ছিয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত এখন দবা খেলত অংশ লয় । এই মেচখনে আপ্লুত কৰে প্ৰধানমন্ত্ৰী মোদীক ।