স্প’ৰ্টছ ডেস্ক,১১ আগষ্ট :মল্লযুঁজাৰু বিনেশ ফোগাটৰ পদকৰ দাবীৰ আবেদনৰ সিদ্ধান্ত এতিয়ালৈ অহা নাই । ১১ আগষ্টত অৰ্থাৎ আজি এই সন্দৰ্ভত চি এ এছে(Court of Arbitration for Sport) সিদ্ধান্ত দিয়াৰ কথা আছিল যদিও পুনৰ এই দিন পিছুৱাই দিয়া হৈছে । ১৩ আগষ্টত হে চি এ এছে নিজৰ সিদ্ধান্ত ঘোষণা কৰিব ।
বিনেশ ফোগাটৰ আবেদনৰ ওপৰত সিদ্ধান্ত :
২০২৪ চনৰ পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কেজি মল্লযুঁজৰ ফাইনেলৰ পৰা ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা হৈছিল । বিনেশ ফোগাটক মাত্ৰ ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে ফাইনেলত অংশগ্ৰহণৰ পৰা বঞ্চিত কৰা হৈছিল । অৱশ্যে ফাইনেলৰ পৰা অযোগ্য হোৱাৰ বিৰুদ্ধে আৰু যৌথভাৱে ৰূপৰ পদক প্ৰদানৰ দাবীৰে ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটে চি এ এছত আবেদন জনাইছিল । বহু প্ৰত্যাশিত সিদ্ধান্তটো দেওবাৰে সন্ধিয়া ঘোষণা কৰাৰ কথা আছিল । কিন্তু ঘটনাৰ এক বিশৃংখল পৰিৱৰ্তনত ভাৰতীয় অলিম্পিক সংস্থাই কয় যে সিদ্ধান্তটো ১৩ আগষ্টতহে জনা যাব ।
আই অ' এ-ৰ বিবৃতিত উল্লেখ কৰিছে যে চিএএছৰ তদৰ্থ বিভাগে বিনেশ ফোগাট বনাম ইউনাইটেড ৱৰ্ল্ড ৰেছলিং আৰু ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটীৰ গোচৰত একমাত্ৰ মধ্যস্থতাকাৰী ড৹ এনাবেল বেনেটক সিদ্ধান্ত ঘোষণা কৰাৰ বাবে ১১ আগষ্টলৈ সময় বৃদ্ধি কৰা হৈছিল । কিন্তু এই সিদ্ধান্তৰ বাবে সময় পুনৰ বৃদ্ধি কৰা হৈছে আৰু আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে ১৩ আগষ্টৰ সন্ধিয়া ৬ বজালৈকে এই সিদ্ধান্ত দিয়াৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে ।