অসম

assam

হকীত ব্ৰঞ্জ জয় ভাৰতৰ: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্নজনৰ অভিনন্দন ভাৰতীয় দলক - Paris Olympics 2024

By ETV Bharat Sports Team

Published : Aug 8, 2024, 10:04 PM IST

Indian Hockey team: ভাৰতীয় হকী দলটোৱে পেৰিছ অলিম্পিকত পুনৰবাৰ ইতিহাসৰ সৃষ্টি কৰিছে । ব্ৰঞ্জৰ পদকৰ বাবে খেলা মেচখনত ভাৰতে স্পেইনক ২-১ গ’লত পৰাস্ত কৰি এক দৰ্শনীয় জয় অৰ্জন কৰে । এই বিজয়ৰ পিচত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অভিনন্দন জ্ঞাপন কৰিছে । সম্পূৰ্ণ খবৰ পঢ়ক...

Indian Hockey Team
Paris Olympics 2024 (AP)

স্প’ৰ্টছ ডেস্ক, 8 আগষ্ট: ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই স্পেইনক ২-১ গ’লত পৰাস্ত কৰে । এই জয়েৰে ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । পেৰিছ অলিম্পিকত ভাৰতে লাভ কৰা এয়া চতুৰ্থটো পদক । ৭ দিনৰ অপেক্ষাৰ অন্তত এই পদক লাভ কৰিছে ভাৰতে ৷ কাৰণ ইয়াৰ আগতে খেলৰ সপ্তম দিনা ভাৰতীয় খেলুৱৈয়ে পদক লাভ কৰিছিল । এই বিজয়ৰ পিচতে প্ৰধানমন্ত্ৰী মোদীকে ধৰি দেশৰ বিভিন্নজনে হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে দলটোৰ যুঁজাৰু মনোভাৱক প্ৰশংসা কৰে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অভিনন্দন জনোৱাৰ সময়ত লিখিছে, ‘‘পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে আমাৰ হকী দলটোক আন্তৰিক অভিনন্দন । পাঁচ দশকৰো অধিক সময়ৰ পাচত ভাৰতে একেৰাহে দুখন অলিম্পিক গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছে । ভাৰতীয় হকীৰ পুনৰুজ্জীৱিতকৰণৰ বাবে দলটোৱে সৰ্বোচ্চ প্ৰশংসাৰ যোগ্য । তেওঁলোকে ভাৰতক গৌৰৱান্বিত কৰিছে । এই দলটোৱে প্ৰদৰ্শন কৰা ধাৰাবাহিকতা, দক্ষতা, একেলগে থকা আৰু যুঁজাৰু মনোভাৱে আমাৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব । ভাৰতীয় হকী দল, বৰ ভাল কাম কৰিছে ।’’

প্ৰজন্মই মনত ৰাখিব: প্ৰধানমন্ত্ৰীৰ প্ৰশংসাসূচক মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় পুৰুষ হকী দলটোক অভিনন্দন জনাই লিখিছে, এই কৃতিত্ব আগন্তুক প্ৰজন্মই মনত ৰাখিব । ভাৰতীয় হকী দলটোৱে অলিম্পিকত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷ এই পদকৰ আন এক বিশেষত্ব হৈছে যে অলিম্পিকত ভাৰতৰ এইটো একেৰাহে দ্বিতীয়টো পদক ।

‘‘তেওঁলোকৰ সফলতা,দক্ষতা, অধ্যৱসায় আৰু দলীয় মনোভাৱৰ জয় । তেওঁলোকে অতি সাহস আৰু স্থিতিস্থাপকতা দেখুৱাইছিল । খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিলোঁ । প্ৰতিজন ভাৰতীয়ৰ হকীৰ সৈতে আৱেগিক সম্পৰ্ক আছে আৰু এই কৃতিত্বই আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ মাজত খেলখনক আৰু অধিক জনপ্ৰিয় কৰি তুলিব ।’’ প্ৰধানমন্ত্ৰীয়ে লিখে ৷

অভিনৱ বিন্দ্ৰাৰ অভিনন্দন জ্ঞাপন

প্ৰাক্তন ভাৰতীয় স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰাই অভিনন্দন জনাই লিখিছে, ‘‘ভাৰতীয় পুৰুষ হকী দল, প্ৰতিটো খোজতে সাহসেৰে, আপোনালোকে সোণৰ জিলিকনিৰে ব্ৰঞ্জৰ পদক লৈ আহিছে । ত্ৰিৰংগাক গৌৰৱেৰে উত্তোলন কৰা আপোনালোকৰ প্ৰতিজনলৈ– আমাক এনে এটা মুহূৰ্ত দিয়াৰ বাবে ধন্যবাদ, যিটো আমাৰ হৃদয়ত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতিধ্বনিত হৈ থাকিব । অভিনন্দন ৷

ৰাহুল গান্ধীয়েও জ্ঞাপন কৰে অভিনন্দন

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে হকী দল আৰু গ’লৰক্ষক শ্ৰীজেশক অভিনন্দন জনাইছে । তেওঁ লিখিছে, ভাৰতীয় হকী দলৰ মহান মেচ, আপোনালোক সকলোকে ব্ৰঞ্জৰ পদক লাভ কৰা দেখি গৌৰৱ অনুভৱ কৰিছো, ধন্যবাদ শ্ৰীজেশ, উৎকৃষ্টতাৰ প্ৰতি আপোনাৰ অবিৰত দায়বদ্ধতাই আমাক অনুপ্ৰাণিত কৰিছে ।

লগতে পঢ়ক:পুনৰ অলিম্পিকত প্ৰেমৰ প্ৰস্তাৱ খেলুৱৈৰ: আঁঠু কাঢ়ি প্ৰেম নিবেদন মহিলা দৌৰবিদৰ - Paris Olympics 2024

পেৰিছ অলিম্পিক : স্পেইনক 2-1 গলত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ ভাৰতীয় হকী দলৰ - Paris Olympics 2024

ABOUT THE AUTHOR

...view details