স্পৰ্টস ডেস্ক, 29 জুলাই :পেৰিছ অলিম্পিক 2024ত প্ৰথমটো পদক দখল কৰিলে ভাৰতে ৷ প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰে এই কৃতিত্ব অৰ্জন কৰাৰ পাচতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনু ভাকৰেক ফোনযোগে অভিন্নদন জনায় ৷ চলিত পেৰিছ অলিম্পিকত লাভ কৰা ব্ৰঞ্জৰ পদক দেশৰ বাবে উৎসৰ্গা কৰি মনুৱে কয়, "এই পদক লাভৰ দ্বাৰা কেৱল তেওঁৰেই নহয় সমগ্ৰ দেশৰেই সপোন বাস্তৱায়িত হৈছে ।"
ব্ৰঞ্জৰ পদক বিজয়ী মনু ভাকেৰক ফোনযোগে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাকৰৰ সৈতে হোৱা বাৰ্তালাপৰ এটা ভিডিঅ’ Xযোগে শ্বেয়াৰ কৰে । হাৰিয়ানাৰ যুৱ শ্বুটাৰগৰাকীক মোদীয়ে কয়, ‘‘0.1 পইণ্টৰ বাবে ৰূপৰ পদক লাভৰ সুযোগ হেৰুৱাইছে যদিও ব্ৰঞ্জৰ পদক লাভৰ দ্বাৰাও আপুনি দেশক গৌৰৱান্বিত কৰিছে । ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে শ্বুটিঙত দেশৰ বাবে পদক লাভ কৰা প্ৰথমগৰাকী মহিলা হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে আপুনি ।"
মনুৰ পৰা পৰ্যাপ্ত সা-সুবিধাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘টকিঅ’ অলিম্পিকত আপুনি সঁজুলি বিকল হোৱাৰ বাবে পদক হেৰুৱাবলগীয়া হৈছিল ৷ কিন্তু আপুনি সকলো পৰিস্থিতি অতিক্ৰম কৰিলে আৰু ভৱিষ্যতে আপুনি আৰু ভাল প্ৰদৰ্শন কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৷ কাৰণ এই জয়ে আপোনাক প্ৰেৰণা দিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব ৷ লগতে দেশ উপকৃত হ’ব ।"
কেন্দ্ৰীয় চৰকাৰে সকলো খেলুৱৈয়ে যাতে উন্নত সুবিধা আৰু পৰ্যাপ্ত বিশ্ৰাম পোৱাটো নিশ্চিত কৰিছে বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পেৰিছৰ ব্যৱস্থা সন্দৰ্ভত পদক বিজয়ী মনু ভাকৰক সোধাত ভাকৰে কয়, "ইয়াত সকলো ঠিকেই আছে । আমি ভাল সুবিধা পাইছো আৰু এতিয়ালৈকে আপোনালোকৰ সকলো প্ৰচেষ্টা সফল হৈছে ।"
উল্লেখ কৰা প্ৰয়োজন যে, টকিঅ’ অলিম্পিকত মনু ভাকৰে সঁজুলি বিকল হোৱাৰ বাবে তেওঁৰ ইভেণ্টত অংশ ল’ব নোৱাৰিলে আৰু পদক লাভৰ সুযোগ হেৰুৱাইছিল । চলিত অলিম্পিকত মনুৱে সঠিক সঁজুলি বাছি লোৱাৰ বাবে উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হ’ল ।