স্প’ৰ্টছ ডেস্ক, ৩ আগষ্ট: ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টিৰ পৰা বঞ্চিত হৈছে । শনিবাৰে পেৰিছ অলিম্পিকত ২৫ মিটাৰ পিষ্টলত চতুৰ্থ স্থান দখল কৰি পেৰিছত তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত হয় মানু । এই ইভেণ্টত মনুৱে পদক লাভ কৰিবলৈ সক্ষম হোৱা হ’লে তেওঁ এটা অলিম্পিকত ৩ টা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈত হিচাপে চিহ্নিত হ’লহেঁতেন । অৱশ্যে পেৰিছত অনুষ্ঠিত হোৱা ১০ মিটাৰ এয়াৰ পিষ্টল মহিলাৰ একক আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে মনু ভাকৰে ।
লগতে পঢ়ক:২৫ মিটাৰ পিষ্টল ফাইনেলৰ বাবে যোগ্যতা অৰ্জন মনু ভাকৰৰ : আন এক পদক লাভৰ আশা - Paris Olympics 2024
পদকৰ হেট্ৰিক অৰ্জনত ব্যৰ্থ মনু ভাকৰ:
শ্বুটিং চেন্সেশন মনু ভাকৰে শনিবাৰে মহিলাৰ ২৫ মিটাৰ পিষ্টল ফাইনেলত মুঠ ২৮ পইণ্টেৰে চতুৰ্থ স্থান দখল কৰে ৷ তেওঁ নূন্যতম ব্যৱধানত প’ডিয়ামত স্থান দখল কৰাত ব্যৰ্থ হয় । দুবাৰকৈ অলিম্পিক চেম্পিয়ন ভাকৰ প্ৰথম ৰাউণ্ডৰ পিচত দ্বিতীয় স্থানত থাকে । আনকি সপ্তম ছিৰিজৰ শেষলৈকে মনু পদক লাভৰ অৱস্থাত আছিল ।