অসম

assam

দেশ অনুসৰি অলিম্পিকত পদক বিজয়ীসকলৰ নগদ পুৰস্কাৰৰ ধনৰ পৰিমাণ... - Paris Olympics 2024

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:59 PM IST

Paris Olympics 2024 : অলিম্পিক পদক বিজয়ীসকলৰ ওপৰত টকাৰ বৰষুণ হয় । ২০২৪ চনৰ পেৰিছ অলিম্পিকত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে বিভিন্ন দেশে নিজৰ খেলুৱৈসকলক কেনেদৰে পুৰস্কৃত কৰিব তথা কিমান টকা পুৰস্কাৰ হিচাপে আগবঢ়াব ? জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024
বিশ্বৰ বিভিন্ন দেশৰ অলিম্পিক পদক বিজয়ীসকলে দেশ অনুসৰি কিমান পুৰস্কাৰ ধন পায় (AP Photo)

স্প’ৰ্টছ ডেস্ক, ২৩ জুলাই :আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে বিজয়ীক আৰ্থিকভাৱে পুৰস্কৃত নকৰে, তেওঁলোকে চৰকাৰ বা সংস্থা অথবা ক্ৰীড়া ফেডাৰেচনক খেলুৱৈসকলক নগদ ধন বা অন্যান্য বঁটাৰে উৎসাহিত কৰাতো বাধা প্ৰদান নকৰে । চৰকাৰ তথা ব্যক্তিগত পৃষ্ঠপোষকে প্ৰায়ে খেলুৱৈসকলক নগদ ধন, সম্পত্তি আনকি পশুধনৰ দৰে পুৰস্কাৰেৰে পুৰস্কৃত কৰে । কিছুমান দেশত প্ৰায়ে নগদ ধনৰ উপৰিও বিজয়ী খেলুৱৈসকলক বিলাসী গাড়ীৰ পৰা আৰম্ভ কৰি এপাৰ্টমেণ্টলৈকে পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়।

মুখ্য কেন্দ্ৰবিন্দু :

  • অলিম্পিয়ানসকলে সাধাৰণতে পদক লাভ কৰাৰ বাবে নিজৰ দেশৰ পৰা আৰ্থিক আৰু কেতিয়াবা অনাৰ্থিক বঁটা লাভ কৰে । উদাহৰণস্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোণৰ পদক লাভ কৰা খেলুৱৈসকলে ৩৭,৫০০ ডলাৰ লাভ কৰাৰ বিপৰীতে ছিংগাপুৰৰ সোণৰ পদক লাভ কৰা সকলে ৭৩৭,০০০ ডলাৰ লাভ কৰে, যিটো প্ৰায় ২০ গুণ বেছি ।
  • ইয়াৰ উপৰিও অলিম্পিয়ানসকলে তেওঁলোকৰ অনুশীলনৰ পুঁজিৰ বাবে অন্যান্য ৰাজহৰ ধাৰাসমূহৰ ওপৰত নিৰ্ভৰশীল, য’ত লাভজনক এণ্ডাৰছমেণ্ট চুক্তি নিশ্চিত কৰাৰ প্ৰচেষ্টাও অন্তৰ্ভুক্ত ।

অলিম্পিকত শীৰ্ষ প্ৰদৰ্শনকাৰী খেলুৱৈক কোন দেশত কেনেদৰে পুৰস্কৃত কৰা হয় :

  • আমেৰিকা যুক্তৰাষ্ট্ৰ

অলিম্পিক আৰু পেৰালিম্পিক কমিটীৰ অপাৰেচন গোল্ড কাৰ্যসূচীৰ অধীনত অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীয়ে ৩৭,৫০০ ডলাৰ লাভ কৰাৰ বিপৰীতে ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ীয়ে ক্ৰমে ২২,৫০০ আৰু ১৫,০০০ ডলাৰ লাভ কৰে । ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাসমূহৰ খেলুৱৈসকলক পুৰস্কৃত কৰাৰ বাবেও নিজাকৈ কাৰ্যসূচী আছে ৷ ইউ এছ এ ৰেছলিঙৰ লিভিং দ্য ড্ৰিম মেডেল ফাণ্ডে অলিম্পিকৰ সোণৰ পদকৰ বাবে ২ লাখ ৫০ হাজাৰ ডলাৰ আৰু একেটাৰ বাবে ইউ এছ এ ছুইমিঙে ৭৫ হাজাৰ ডলাৰ আগবঢ়ায় ।

  • ভাৰত

ভাৰত চৰকাৰে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীক ৭৫ লাখ টকা (৭.৫ মিলিয়ন টকা - প্ৰায় ৯০,০০০ ডলাৰ), ৰূপৰ পদক বিজয়ীক ৫০ লাখ আৰু ব্ৰঞ্জৰ পদক বিজয়ীক ১০ লাখ টকা দিয়ে ৷ আনহাতে ভাৰতীয় অলিম্পিক এছ’চিয়েচনে তেওঁলোকক পৃথককৈ ১ কোটি টকাৰ (১ লাখ ২০ হাজাৰ ডলাৰ) পুৰস্কাৰ আগবঢ়ায় ৷

  • ইণ্ডোনেছিয়া

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ২০২১ চনত টকিঅ’ গেমছত সোণৰ পদক লাভ কৰা ইণ্ডোনেছিয়াৰ বেডমিণ্টন খেলুৱৈ গ্ৰেচিয়া পলি আৰু এপ্ৰিয়ানি ৰাহায়ুক ৫টা গৰু, এখন মিটবল ৰেষ্টুৰেণ্ট আৰু নতুন ঘৰৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । চৰকাৰে এই যুঁটিটোক প্ৰায় ৩ লাখ ৫০ হাজাৰ ডলাৰৰ নগদ বঁটাও প্ৰদান কৰে । ইয়াৰ উপৰিও খবৰ অনুসৰি চুলাৱেছি দ্বীপৰ ৰাহায়ুক জিলাখনৰ মুৰব্বীয়ে ৫টা গৰু আৰু এটা ঘৰৰ দিয়া হৈছিল ।

  • হংকং

হংকং স্প’ৰ্টছ ইনষ্টিটিউটে খেলুৱৈসকলক প্ৰতিযোগিতাত লাভ কৰা স্থানৰ ওপৰত ভিত্তি কৰি পুৰস্কাৰৰ ধন প্ৰদান কৰে । পেৰিছ ২০২৪ অলিম্পিক গেমছত হংকঙৰ ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক বিজয়ীসকলে লাভ কৰিব ৭ লাখ ৬৮ হাজাৰ ডলাৰ ।

  • মালয়েছিয়া

মালয়েছিয়াৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰী হান্না ইয়’হে ফেব্ৰুৱাৰী মাহত কৈছিল যে অলিম্পিকৰ প’ডিয়ামত উপনীত হোৱা ৰাষ্ট্ৰীয় খেলুৱৈসকলক নাম প্ৰকাশ নকৰা অটো নিৰ্মাতা কোম্পানী এটাৰ পৃষ্ঠপোষকতাত বিদেশী নিৰ্মিত গাড়ীৰে পুৰস্কৃত কৰা হ’ব ৷ মালয়েছিয়াৰ সংবাদ প্ৰতিষ্ঠান মালয় মেইলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য় । প্ৰতিবেদন অনুসৰি দেশৰ ৰোড টু গোল্ড (আৰ টি জি) কমিটীক এটা গাড়ী কোম্পানীয়ে খেলুৱৈসকলক তেওঁলোকৰ বাহন যোগান ধৰাৰ প্ৰস্তাৱ দিয়ে ।

  • ৰিপাব্লিক অৱ কাজাখস্তান

যদি কাজাখস্তান ৰিপাব্লিকৰ কোনো খেলুৱৈয়ে তেওঁলোকৰ ইভেণ্টত স্থান লাভ কৰে, তেন্তে ৰিপাব্লিকৰ সংস্কৃতি আৰু ক্ৰীড়া মন্ত্ৰালয়ে তেওঁলোকক এটা এপাৰ্টমেণ্ট প্ৰদান কৰে । ইয়াৰ আকাৰ নিৰ্ভৰ কৰে বঁটা বিজয়ীজনে নিজৰ ইভেণ্টত কিমান ভাল প্ৰদৰ্শন কৰে তাৰ ওপৰত । সোণৰ পদক বিজয়ীয়ে ৩ কোঠাৰ এপাৰ্টমেণ্ট, ৰূপৰ পদক বিজয়ীয়ে ২ কোঠাৰ এপাৰ্টমেণ্ট আৰু ব্ৰঞ্জৰ পদক বিজয়ীয়ে ১ কোঠাৰ এপাৰ্টমেণ্ট লাভ কৰে ।

  • ছিংগাপুৰ

অলিম্পিক পদক বিজয়ীসকলক পুৰস্কৃত কৰাৰ বাবে ছিংগাপুৰৰ ৰাষ্ট্ৰীয় অলিম্পিক পৰিষদৰ নিজা ‘উদ্দীপক আঁচনি’ আছে । ই ব্যক্তিগত ক্ৰীড়াত অলিম্পিকৰ স্বৰ্ণ পদক লাভ কৰা বিজয়ীসকলক ১,০০০,০০০ ছিংগাপুৰ ডলাৰ দিয়ে, যিটো প্ৰায় ৭৪৪,০০০ মাৰ্কিন ডলাৰৰ সমতুল্য । ৰূপৰ পদক বিজয়ীয়ে প্ৰায় ৩ লাখ ৭২ হাজাৰ ডলাৰ আৰু ব্ৰঞ্জৰ পদক বিজয়ীয়ে প্ৰায় ১ লাখ ৮৬ হাজাৰ ডলাৰ উপাৰ্জন কৰে ।

  • ছৌদি আৰব

২০২১ চনৰ টকিঅ’ অলিম্পিকত অবৈধ কিকৰ বাবে অযোগ্য ঘোষণা কৰাৰ ফলত স্বৰ্ণ পদক হেৰুওৱা কাৰাটে খেলুৱৈ টাৰেগ হামিডীক ছৌদি কৰ্তৃপক্ষই ৫০ লাখ ৰিয়াল (প্ৰায় ১৩৩ লাখ ডলাৰ) প্ৰদান কৰে ।

  • কাটাৰ

২০০৫ চনত কাটাৰে দক্ষিণ আফ্ৰিকাৰ শীৰ্ষ সাঁতোৰবিদ ৰ’লেণ্ড শ্বোমানক বহু কোটি ডলাৰৰ চুক্তিৰ প্ৰস্তাৱ দিছিল, য’ত তেওঁ লাভ কৰা প্ৰতিটো অলিম্পিক পদক বা বিশ্ব খিতাপৰ বাবে এক মিলিয়ন ৰেণ্ড (৫০,০০০ ডলাৰৰ ওপৰত) বোনাছ অন্তৰ্ভূক্ত আছিল ৷ অৱশ্যে শ্বোমানে এই প্ৰস্তাৱ নাকচ কৰিছিল ।

  • টাইৱান

চৰকাৰী পদক কাৰ্যসূচীৰ অধীনত টাইৱানৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীসকলে আজীৱন মাহিলী ২০ মিলিয়ন টাইটান ডলাৰ (৬ লাখ ডলাৰতকৈ অধিক) আৰু ১২৫,০০০ টাইটান ডলাৰৰ (প্ৰায় ৪,০০০ ডলাৰ) জলপানি লাভ কৰে ।

  • অষ্ট্ৰিয়া

অষ্ট্ৰিয়াৰ পূৰ্বৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীসকলে ১৭ হাজাৰ ইউৰো (১৮ হাজাৰ ডলাৰতকৈ অধিক) মূল্যৰ ফিলহাৰ্মনিক মুদ্ৰা লাভ কৰিছে ৷ যিটো জনপ্ৰিয় বুলিয়ন মুদ্ৰা ভিয়েনা ফিলহাৰ্মনিক অৰ্কেষ্ট্ৰাৰ নামেৰে নামাকৰণ কৰা হৈছে ।

  • ৰাছিয়া

ৰাছিয়াত অলিম্পিক পদক জয়ীসকলক সাধাৰণতে ৪০ লাখ ৰুবল (৪৫,৩০০ ডলাৰ)ৰ লগতে দামী বিদেশী গাড়ী, এপাৰ্টমেণ্ট, সন্মানীয় খিতাপ আৰু আজীৱন জলপানি দিয়া হয় ।

ইয়াৰ উপৰি অলিম্পিকত পদক বিজয়ীসকলক ছয় অংকৰ নগদ ধনৰ পুৰস্কাৰৰ প্ৰতিশ্ৰুতি দিয়া ৰাষ্ট্ৰসমূহ হৈছে ক্ৰমে: ইণ্ডোনেছিয়া, কাজাখাস্তান, মালয়েছিয়া, মৰক্কো, ইটালী, ফিলিপাইনছ, হাংগেৰী, ক’ছ’ভ’, ইষ্ট’নিয়া আৰু ইজিপ্ত ।

  • ইয়াৰ উপৰি নৰৱে’ আৰু ছুইডেনৰ দৰে দেশৰ লগতে গ্ৰেট ব্ৰিটেইনে অলিম্পিক পদক বিজয়ীসকলক কোনো ধৰণৰ নগদ বঁটা নিদিয়ে ।

যোৱা গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে সৰ্বাধিক ধন দিয়া বুলি জনাজাত দেশ দুখন ক্ৰমে চীনা টাইপেই আৰু ছিংগাপুৰে তথ্য বিচাৰি কৰা একাধিক বাৰ্তাৰ কোনো সঁহাৰি নিদিলে । ছিংগাপুৰে কয় যে যদি কোনো খেলুৱৈয়ে টকিঅ’ত স্বৰ্ণ পদক লাভ কৰে তেন্তে তেওঁক ১০ লাখ ডলাৰ দিয়া হ’ব । চীনা টাইপেইয়ে কয় যে তেওঁলোকৰ একমাত্ৰ ব্যক্তিগত স্বৰ্ণ পদক বিজয়ী ভাৰোত্তোলনকাৰী ছিং-চুন কুওক প্ৰায় ৭ লাখ ১৬ হাজাৰ ডলাৰ প্ৰদান কৰা হ’ব ।

বিশ্বব্যাপী পদক বোনাছ :

দেশ স্বৰ্ণ ৰূপ ব্ৰঞ্জ
ছিংগাপুৰ ৭৪৪,০০০ মাৰ্কিন ডলাৰ ৩৭২,০০০ মাৰ্কিন ডলাৰ ২৮৬,০০০ মাৰ্কিন ডলাৰ
হংকং ৬৪৪,০০০ মাৰ্কিন ডলাৰ ৩২২,০০০ মাৰ্কিন ডলাৰ ১৬১,০০০ মাৰ্কিন ডলাৰ
কাজাকাস্তান ২৫০,০০০ মাৰ্কিন ডলাৰ ১৫০,০০০ মাৰ্কিন ডলাৰ ৭৫,০০০ মাৰ্কিন ডলাৰ
ইটালী ২১২,৪০০ মাৰ্কিন ডলাৰ ১০৬,২০০ মাৰ্কিন ডলাৰ ৭০,৮০০ মাৰ্কিন ডলাৰ
হাংগেৰী ১৬৭,৫০০ মাৰ্কিন ডলাৰ ১২৫,৬০০ মাৰ্কিন ডলাৰ ৯৫,৫০০ মাৰ্কিন ডলাৰ
ৰাছিয়া ৬১,০০০ মাৰ্কিন ডলাৰ ৩৮,০০০ মাৰ্কিন ডলাৰ ২৬,০০০ মাৰ্কিন ডলাৰ
ফ্ৰান্স ৬৫,০০০ মাৰ্কিন ডলাৰ ২৫,০০০ মাৰ্কিন ডলাৰ ১৫,০০০ মাৰ্কিন ডলাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰ ৩৭,৫০০ মাৰ্কিন ডলাৰ ২২,৫০০ মাৰ্কিন ডলাৰ ১৫,০০০ মাৰ্কিন ডলাৰ
দক্ষিণ আফ্ৰিকা ৩৭,০০০ মাৰ্কিন ডলাৰ ১৯,০০০ মাৰ্কিন ডলাৰ ৭,০০০ মাৰ্কিন ডলাৰ
জাৰ্মানী ২২,০০০ মাৰ্কিন ডলাৰ ১৭,০০০ মাৰ্কিন ডলাৰ ১১,০০০ মাৰ্কিন ডলাৰ
কানাডা ১৬,০০০ মাৰ্কিন ডলাৰ ১২,০০০ মাৰ্কিন ডলাৰ ৮,০০০ মাৰ্কিন ডলাৰ
মালয়েছিয়া ২৪১,০০০ মাৰ্কিন ডলাৰ ৭২,২০০ মাৰ্কিন ডলাৰ ২৪,১০০ মাৰ্কিন ডলাৰ
ব্ৰাজিল ৪৭,৫০০ মাৰ্কিন ডলাৰ ২৮,৫০০ মাৰ্কিন ডলাৰ ১৯,০০০ মাৰ্কিন ডলাৰ
জাপান ৪৫,২০০ মাৰ্কিন ডলাৰ ১৮,১০০ মাৰ্কিন ডলাৰ ৯,০৪৫ মাৰ্কিন ডলাৰ
অষ্ট্ৰেলিয়া ১৫,১০০ মাৰ্কিন ডলাৰ ১১,৪০০ মাৰ্কিন ডলাৰ ৭,৬০০ মাৰ্কিন ডলাৰ

উৎস: ৰাষ্ট্ৰীয় অলিম্পিক সমিতি, ৩০ বছৰৰ তলৰ ধন

মালয়েছিয়াইও নিজৰ পদক বিজয়ীসকলক গোটেই জীৱন মাহিলী দৰমহা দিয়ে । এই দৰমহা স্বৰ্ণ পদকৰ বাবে ৫,০০০ ৰাম (১,১৮২ ডলাৰ), ৰূপৰ বাবে ৩,০০০ ৰাম (৭০৯ ডলাৰ) আৰু ব্ৰঞ্জৰ বাবে ২,০০০ ৰাম (৪৭৩ ডলাৰ) ।

২০২৪ চনৰ অলিম্পিকত পদক বিজয়ীসকলৰ বাবে পুৰস্কাৰৰ ধন :

স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অনাৰ বাবে নিজৰ দেশৰ অলিম্পিক খেলুৱৈসকলে লাভ কৰা ধন:

দেশ স্বৰ্ণ ৰূপ ব্ৰঞ্জ
অষ্ট্ৰেলিয়া ১৩,৩৪০.০০ ডলাৰ ১০,০০৫.০০ ডলাৰ ৬,৬৭০.০০ ডলাৰ
ব্ৰাজিল ৬২,৬৬২.০০ ডলাৰ ৩৭,৫৯৭.০০ ডলাৰ ২৫,০৬৫.০০ ডলাৰ
কানাডা ১৪,৬০৮.০০ ডলাৰ ১০,৯৫৬.০০ ডলাৰ ৭,৩০৪.০০ ডলাৰ
ডেনমাৰ্ক ১৪,৪০৬.০০ ডলাৰ ১০,৮০৫.০০ ডলাৰ $৭,২০৩.০০ ডলাৰ
ফিনলেণ্ড ৫৩,৭২৫.০০ ডলাৰ ৩২,২৩৫.০০ ডলাৰ ২১,৪৯০.০০ ডলাৰ
ফ্ৰান্স ৮৫,৯৬০.০০ ডলাৰ ৪২,৯৮০.০০ ডলাৰ ২১,৪৯০.০০ ডলাৰ
জাৰ্মানী ২১,৪৯০.০০ ডলাৰ ১৬,১১৮.০০ ডলাৰ ১০,৭৪৫.০০ ডলাৰ
গ্ৰীচ ৯৬,৭০৫.০০ ডলাৰ ৬৪,৪৭০.০০ ডলাৰ ৫৩,৭২৫.০০ ডলাৰ
হাংগেৰী ১৫৫,০০০.০০ ডলাৰ $১১০,০০০.০০ ডলাৰ ৮৮,০০০.০০ ডলাৰ
ইটালী ১৯৩,৪১০.০০ ডলাৰ ৯৬,৭০৫.০০ ডলাৰ ৬৪,৪৭০.০০ ডলাৰ
ক'ছ'ভ' ১০৭,৪৫০.০০ ডলাৰ ৬৪,৪৭০.০০ ডলাৰ ৪২,৯৮০.০০ ডলাৰ
লিচেনষ্টেইন ২৭,৭২৫.০০ ডলাৰ ২২,১৮০.০০ ডলাৰ ১৬,৬৩৫.০০ ডলাৰ
লিথুৱেনিয়া ১৮০,১৮৮.০০ ডলাৰ ৯০,১২৪.০০ ডলাৰ ৬৭,৬০৮.০০ ডলাৰ
মালয়েছিয়া ২১২,১৮০.০০ ডলাৰ ৬৩,৬৫৪.০০ ডলাৰ ২১,২১৮.০০ ডলাৰ
মৰক্কো ২০০,৫২৫.০০ ডলাৰ ১২৫,৩২৮.০০ ডলাৰ ৭৫,১৯৭.০০ ডলাৰ
পোলেণ্ড ৬৪,৯৫৮.০০ ডলাৰ ৫২,৪৬৬.০০ ডলাৰ ৩৯,৯৭৪.০০ ডলাৰ
ছাৰ্বিয়া ২১৪,৯০০.০০ ডলাৰ ৮৫,৯৬০.০০ ডলাৰ ৬৪,৪৭০.০০ ডলাৰ
স্লোভাকিয়া ৬৪,৪৭০.০০ ডলাৰ ৫৩,৭২৫.০০ ডলাৰ ৪২,৯৮০.০০ ডলাৰ
স্লোভেনিয়া ৭৫,২১৫.০০ ডলাৰ ৬২,৪৫৫.০০ ডলাৰ ৫২,৯১৯.০০ ডলাৰ
স্পেইন ১০১,০০৩.০০ ডলাৰ ৫১,৫৭৬.০০ ডলাৰ ৩২,২৩৫.০০ ডলাৰ
ছুইজাৰলেণ্ড ৫৫,৪৪৯.০০ ডলাৰ ৪৪,৩৬০.০০ ডলাৰ ৩৩,২৭০.০০ ডলাৰ
ইউক্ৰেইন $১২৫,০০০.০০ ১০০,০০০.০০ ডলাৰ ৮০,০০০.০০ ডলাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰ ৩৭,৫০০.০০ ডলাৰ ২২,৫০০.০০ ডলাৰ ১৫,০০০.০০ ডলাৰ

(উৎস: ইউ এছ এ টুডে স্প’ৰ্টছ ৰিচাৰ্চ)

লগতে পঢ়ক:পেৰিছ অলিম্পিকত ভাৰতৰ সম্পূৰ্ণ সূচী: কেতিয়া আৰু কিমান সময়ত অনুষ্ঠিত হ’ব ইভেন্টসমূহ - PARIS OLYMPICS 2024

ABOUT THE AUTHOR

...view details