ETV Bharat / sports

খেলৰ মাজত আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰসকল: কোনে হেৰুৱালে প্ৰাণ, কোনে জনালে ক্ৰিকেটক চিৰবিদায় - CRITICAL INJURIES IN FIELD

author img

By ETV Bharat Assamese Team

Published : 24 hours ago

Cricket: পৃথিৱীত হয়তো এনে কোনো লোক নোলাব, যিয়ে ক্ৰিকেট বেয়া পায় বা খেলিবলৈ পচন্দ নকৰে ৷ নিয়মীয়াকৈ খেলা ক্ৰিকেটে ব্যক্তিৰ শৰীৰত ব্যায়ামৰ কাম কৰে ৷ কিন্তু ক্ৰিকেটৰ পথাৰতো এনে কিছুমান দুৰ্ঘটনা ঘটে, য’ত আঘাতপ্ৰাপ্ত হয় খেলুৱৈসকল ৷ ইয়াৰে একাংশই মৃত্যুমুখত পৰাৰ বিপৰীতে আন একাংশই ক্ৰিকেটক জনাবলগা হৈছে চিৰবিদায় ৷ তেনে কিছু কাহিনীৰে সজোৱা হৈছে এই প্ৰতিবেদন ৷

CRITICAL INJURIES IN FIELD
অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ফিল হিউজেছ (Getty Images)

স্প’ৰ্টছ ডেস্ক, 18 ছেপ্টেম্বৰ: ক্ৰিকেটক বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় খেলসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় ৷ পৃথিৱীত হয়তো এনে কোনো লোক নোলাব, যিয়ে ক্ৰিকেট বেয়া পায় বা খেলিবলৈ পচন্দ নকৰে ৷ নিয়মীয়াকৈ খেলা ক্ৰিকেটে ব্যক্তিৰ শৰীৰত ব্যায়ামৰ কাম কৰে ৷

বেট-বল লৈ খেলিবলগীয়া এই খেলবিধ সাধাৰণতে বিপদজনক নহয় ৷ পিছে ক্ৰিকেটৰ পথাৰতো কেতিয়াবা ঘটে অবাঞ্চিত কিছু ঘটনা ৷ সাধাৰণতে ক্ৰিকেটৰ পথাৰত যদিও আঘাত কোনো নতুন ঘটনা নহয়, তথাপিও কেতিয়াবা খেলুৱৈয়ে গুৰুতৰভাৱে আহত হৈ দীৰ্ঘদিনৰ বাবে আঁতৰি থাকিবলগীয়া হয় ক্ৰিকেটৰ ময়দানৰ পৰা ৷ আন একাংশ খেলুৱৈয়ে আকৌ হেৰুৱাবলগীয়া হৈছে নিজৰ প্ৰাণ ৷

ক্ৰিকেটৰ ইতিহাসত এনে বহু ঘটনা পূৰ্বে সংঘটিত হৈছে ৷ এই বিশেষ প্ৰতিবেদনত আমি যুগুত কৰিছো ক্ৰিকেটৰ ময়দানৰ লেখত ল’বলগীয়া এনে 10 টা আঘাতৰ ঘটনা ৷

খেলপথাৰত প্ৰাণ হেৰুওৱা ক্ৰিকেটাৰসকল

  • ফিল হিউজেছ: প্ৰতিভাশালী অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ফিল হিউজেছৰ 2014 ৰ 27 নৱেম্বৰত মৃত্যু ঘটে ৷ শ্বেফিল্ড শ্বিল্ডত খেলি থকা অৱস্থাত খেলুৱৈগৰাকীয়ে বাউঞ্চাৰৰ দ্বাৰা মূৰত আঘাত পোৱাৰ পৰিপ্ৰেক্ষিতত মৃত্যুক সাৱটিবলগীয়া হয় ৷ ক্ৰিকেটাৰগৰাকীয়ে আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পিছে সংবেদন ঘূৰাই নোপোৱা হিউজেছে চিকিৎসাধীন অৱস্থাৰ দুদিন পিছত মৃত্যুমুখত পৰে ৷
  • আব্দুল আজিজ: 1959 চনত পাকিস্তানৰ 17 বছৰীয়া আব্দুল আজিজে এটা বল কোবাবলৈ লওঁতে বুকুত আঘাতপ্ৰাপ্ত হৈ খেলপথাৰতে অচেতন হৈ বাগৰি পৰে ৷ এই মেচখন অনুষ্ঠিত হৈছিল কৰাচীত ৷ ততালিকে খেলুৱৈগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে তেওঁৰ মৃত্যু ঘটে ৷
  • ৰমন লাম্বা: ৰমন লাম্বাৰ ঘৰ উত্তৰ প্ৰদেশত ৷ ভাৰতৰ হৈ চাৰিখন টেষ্ট আৰু 32 খন এদিনীয়াত অংশগ্ৰহণ কৰিছিল এইগৰাকী খেলুৱৈয়ে ৷ 1998 চনৰ ফেব্ৰুৱাৰীত বাংলাদেশ ক্ৰিকেট লীগৰ এখন মেচত মিড-অনত ফিল্ডিং কৰোঁতে প্ৰাক্তন ভাৰতীয় বেটছমেনজনে মূৰত আঘাত পায় ৷ বলৰ দ্বাৰা আঘাতপ্ৰাপ্ত হোৱা খেলুৱৈগৰাকীৰ মূৰত গোট মাৰিছিল তেজ ৷ অৱশ্য়ে এই তেজ আঁতৰাবলৈ লাম্বাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও তিনিদিনৰ পিছত তেওঁ মৃত্যুবৰণ কৰে ৷ মৃত্যুৰ সময়ত খেলুৱৈগৰাকীৰ বয়স আছিল মাত্ৰ 38 বছৰ ।

খেলপথাৰত অচেতন হৈ পৰা ক্ৰিকেটাৰসকল

  • নৰী কনট্ৰেকটৰ: 1960 ৰ দশকত চাৰ্লি গ্ৰিফিথৰনৰীয়ে কৰা এটা বলৰ আঘাতৰ পৰা কথমপি ৰক্ষা পৰিছিল এইগৰাকী ক্ৰিকেটাৰ ৷ এবাৰ ভাৰতে ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কৰাৰ সময়তে অধিনায়কৰ দায়িত্ব বহন কৰা নৰীয়ে মূৰত আঘাত পায় ৷ সেই সময়ত ক্ৰিকেট মেচসমূহত নাছিল কোনো ধৰণৰ হেলমেটৰ ব্যৱস্থা ৷ যাৰ বাবে আঘাত পোৱাৰ পিছতে অচেতন হৈ পৰে খেলুৱৈগৰাকী ৷ প্ৰায় ছয়দিনৰ মূৰকত তেওঁ আৰোগ্য হৈ উঠে যদিও তাৰপিছৰে পৰা কেতিয়াও আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰা নাছিল ৷ নৰী কনট্ৰেকটৰে 26 বছৰ বয়সতে অধিনায়কৰ দৰে দলৰ গুৰু দায়িত্ব বহন কৰিছিল ৷
  • ব্ৰায়ান লাৰা: ৱেষ্ট ইণ্ডিছৰ প্ৰাক্তন বেটছমেনগৰাকী পাকিস্তানৰ দ্ৰুত বলাৰ ছোৱেইব আখতাৰৰ এটা বাউঞ্চাৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল ৷ এই ঘটনাটো সংঘটিত হৈছিল 2004 চনৰ চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলৰ সময়ত । হেলমেটত তীব্ৰ আঘাত পোৱাৰ পিছত খেলপথাৰতে বাগৰি পৰিছিল ক্ৰিকেটাৰগৰাকী ৷

চকুৰ আঘাতৰ বাবে খেলক চিৰবিদায় জনোৱা ক্ৰিকেটাৰসকল

  • ছাবা কৰিম: 2000 চনৰ এছিয়া কাপৰ সময়ত অনিল কুম্বলেই ডেলিভাৰী কৰা এটা বল ভুল দিশত গৈ ক্ৰিকেটাৰ ছাবা কৰিমৰ সোঁ-চকুত আঘাত কৰিছিল ৷ যাৰ বাবে তাৎক্ষণিক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল খেলুৱৈগৰাকীক ৷ দুখৰ বিষয় এয়ে যে, এই দুৰ্ঘটনাটোৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰবিদায় জনাবলৈ বাধ্য হয় খেলুৱৈগৰাকীয়ে ৷
  • মাৰ্ক বাউচাৰ: ছাবা কৰিমৰ দুৰ্ঘটনাটোৰ সৈতে প্ৰায় একেই আছিল মাৰ্ক বাউচাৰৰ ঘটনাটো ৷ হেলমেট অবিহনে খেলি থকা ক্ৰিকেটাৰগৰাকীৰ চকুত প্ৰত্যক্ষভাৱে আঘাত কৰিছিল ইমৰান তাহিৰৰ এটা বলে ৷ এই ঘটনাটোৱে বাউচাৰৰ সুদীৰ্ঘ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সমাপ্তি ঘটাইছিল ।

হাড় ভগাৰ দৰে সমস্যাত ভোগা ক্ৰিকেটাৰসকল

  • ষ্টিভ ৱ’ আৰু জেচন গিলেস্পী: 1999 চনত শ্ৰীলংকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ গালে টেষ্টৰ সময়ত ষ্টিভ ৱ’ আৰু জেচন গিলেস্পীয়ে এটা কেচ ধৰিবলৈ যাওঁতে মুখামুখি সংঘৰ্ষ ঘটে ৷ যাৰ ফলত ৱ’ৰ নাকৰ হাড় ভগাৰ লগতে আৰু গিলেস্পীৰ ভৰি ভাঙিছিল ।
  • অনিল কুম্বলে: ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে কেতিয়াও পাহৰিব নোৱাৰে অনিল কুম্বলেৰ বলিং ষ্টাইল ৷ 2002 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখন টেষ্ট মেচত অংশগ্ৰহণ কৰি ভঙা কঁকালৰ সৈতে বলিং কৰি ব্ৰায়ান লাৰাৰ উইকেট দখল কৰিছিল ভাৰতীয় বলাৰগৰাকীয়ে ৷ এণ্টিগুৱা ৰিক্ৰিয়েচন গ্ৰাউণ্ডত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ দ্বিতীয় দিনা পেচাৰ মাৰ্ভিন ডিলনৰ বলৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল অনিল কুম্বলে ৷
    CRITICAL INJURIES IN FIELD
    অনিল কুম্বলে (Getty Images)
  • গেৰী কাৰ্ষ্টন: 2003 চনত এখন টেষ্ট মেচৰ সময়ত ছোৱেইব আখতাৰে কৰা এটা চুটি বল কোবাবলৈ গৈ আঘাতপ্ৰাপ্ত গৈছিল এইগৰাকী ক্ৰিকেটাৰ ৷ বলটোৱে খেলুৱৈগৰাকীৰ গালত আঘাত কৰাৰ ফলত বাওঁচকুৰ পৰা হোৰাহোৰে ওলাইছিল তেজ ৷ এই আঘাত ইমানে গুৰুতৰ আছিল যে কাৰ্ষ্টনৰ নাক ভঙাৰ উপৰিও চকুত পৰিছিল দহটাকৈ চিলাই ৷

ইয়াৰোপৰি এনেকুৱা আন আন বহু ক্ৰিকেটাৰ আছে, যিয়ে মেচৰ সময়ত বিভিন্ন প্ৰকাৰে আঘাতপ্ৰাপ্ত হৈছিল ৷ 2014 ৰ আগষ্টত বৰুণ এৰনৰ বলত পুল শ্বট কোবাবলৈ যাওঁতে নাকত আঘাত পাইছিল ইংলেণ্ডৰ পেচাৰ ষ্টুৱাৰ্ট ব্ৰডে ৷

লগতে পঢ়ক: কোনজন ক্ৰিকেটাৰে কিমান দামী বেট ব্যৱহাৰ কৰে জানিবলৈ মন নাযায় নে ? - EXPENSIVE BATS USED BY CRICKETERS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.