ETV Bharat / state

গুৱাহাটীত বিশ্বকৰ্মা পূজাৰ দিনা ৫.৭০ কোটি টকাৰ সুৰা বিক্ৰী; বিগত বৰ্ষতকৈ হ্ৰাস বিক্ৰীৰ পৰিমাণ - Liquor sale in Guwahati

author img

By ETV Bharat Assamese Team

Published : 21 hours ago

Vishwakarma Puja 2024: এইবাৰ বিশ্বকৰ্মা পূজাত গুৱাহাটী মহানগৰীত বিলাতী সুৰাৰ বিক্ৰীয়ে সন্তোষিত কৰিব নোৱাৰিলে আবকাৰী বিভাগক ৷ কিয়নো পূৰ্বতকৈ কম ৰাজহ লাভ কৰিলে বিশ্বকৰ্মা পূজাৰ দিনা ৷

Vishwakarma Puja 2024
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat)

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: বিশ্বকৰ্মা পূজাৰ পিছতে চৰ্চালৈ অহা এটা প্ৰসংগ হৈছে সুৰাৰ বিক্ৰী । অৱশ্যে উৎসৱ-পাৰ্ৱনৰ পিছতে সুৰাৰ বিক্ৰীৰ প্ৰসংগটো বিশেষভাৱে চৰ্চালৈ আহে । এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই । কিন্তু এইবাৰ তুলনামূলকভাৱে সুৰা বিক্ৰী কম হৈছে । বিগত বৰ্ষত বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীয়ে সুৰা বিক্ৰীৰ ক্ষেত্ৰত নতুন অভিলেখ সৃষ্টি কৰিছিল ।

বিগত বৰ্ষত বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীতে ৮.৩৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল । কিন্তু এইবাৰ বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীত ৫.৭০ কোটি টকা সুৰা বিক্ৰী হয় । পূৰ্বৰ তুলনাত এইবাৰ প্ৰায় ২.৬৮ কোটি টকাৰ কম সুৰা বিক্ৰী হয় । কিছুদিন পূৰ্বে সুৰাৰ মূল্য কিছু হ্ৰাস কৰা হৈছিল যদিও বিক্ৰীৰ ক্ষেত্ৰত প্ৰভাৱ নপৰিল । কাৰণ বিগত বৰ্ষৰ তুলনাত এইবাৰ সুৰাৰ বিক্ৰী যথেষ্ট কমিল । অৰ্থাৎ এইবাৰ প্ৰত্যেক বছৰৰ দৰে সুৰা বিক্ৰীৰ অভিলেখ নহ'ল ।

সামাজিক প্ৰেক্ষাপটৰ পৰা এয়া এক ইতিবাচক দিশ । সুৰাপায়ীৰ সংখ্যা কমাটো সমাজৰ বাবে বেয়া খবৰ নহয় ।

কেৱল বিগত বৰ্ষতেই নহয় ২০২২ চনৰ তুলনাটো এইবাৰ বিশ্বকৰ্মা পূজাত গুৱাহাটী মহানগৰীত সুৰাৰ বিক্ৰী কম হ'ল । ২০২২ চনত বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীত ৬.২০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল । এইবাৰ তাৰো কম বিক্ৰী হ'ল । অৱশ্যে ২০২১ চনৰ তুলনাত এইবাৰ বেছি হৈছে । ২০২১ বৰ্ষত এই পৰিমাণ আছিল ৩.৭০ কোটি টকা । অৱশ্যে ২০২১ চনত ক'ভিডৰ প্ৰভাৱ আছিল ।

উল্লেখ্য যে নৱবৰ্ষ, দুৰ্গা পূজা, কালীপূজা, বিশ্বকৰ্মা পূজা, ফাকুৱা, বিহু আদি বিভিন্ন উৎসৱ-পাৰ্বনত অভিলেখ হাৰত সুৰা বিক্ৰী হোৱাটো নতুন কথা নহয় । উল্লেখ্য যে পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত সুৰাৰ দাম হ্ৰাস পাইছিল । তাৰ পূৰ্বে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বিলাতী সুৰাৰ দাম বৃদ্ধি কৰা হৈছিল । কিন্তু মূল্য বৃদ্ধি হোৱাৰ পাছত সুৰাৰ ৰাজহ কমি অহাৰ পৰিপ্ৰেক্ষিতত পুনৰ সুৰাৰ মূল্য হ্ৰাস কৰা হৈছিল । কিন্তু তথাপিও প্ৰভাৱ নপৰিল এইবাৰৰ বিশ্বকৰ্মা পূজাত, বৃদ্ধি নহ'ল বিক্ৰী ৷

লগতে পঢ়ক: Liquor sale in Guwahati : পূজাৰ তিনিদিনত গুৱাহাটীত 22.5 কোটি টকাৰ সুৰা বিক্ৰীৰ অভিলেখ

Record sale of Liquor in Assam: ফাকুৱাৰ দুদিনত সমগ্ৰ অসমত ১০ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰীৰ অভিলেখ

সৰ্বকালৰ সকলো অভিলেখ ভংগ : সুৰা বিক্ৰীৰে সংগ্ৰহ অভাৱনীয় ৰাজহ - RECORD REVENUE FROM LIQUOR SALES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.