ETV Bharat / sports

তিনিটাকৈ এটা শব্দৰ পোষ্টৰে কি বুজাব বিচাৰিছে বিৰাট কোহলীয়ে... - VIRAT KOHLI SOCIAL MEDIA POST

author img

By ETV Bharat Sports Team

Published : Sep 18, 2024, 7:05 PM IST

Virat Kohli three one word post: বুধবাৰে বিৰাট কোহলীয়ে নিজৰ এক্স হেণ্ডেলত এঘণ্টাৰ ভিতৰতে এটা শব্দৰে গঠিত তিনিটাকৈ পোষ্ট আপলোড কৰে, যিটো খেলুৱৈগৰাকীৰ পৰা সততে আশা কৰা নাযায় । কোহলীৰ এই পোষ্টকেইটাই অনুৰাগীৰ মাজত সৃষ্টি কৰিছে কৌতুহলৰ ।

VIRAT KOHLI SOCIAL MEDIA POST
বিৰাট কোহলী (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 18 ছেপ্টেম্বৰ: চেন্নাইত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ প্রথমখন টেষ্ট মেচৰ পূর্বে চৰ্চালৈ আহিছে বিৰাট কোহলী ৷ ক্ৰিকেটাৰগৰাকীয়ে সামাজিক মাধ্যমত তিনিটাকৈ পোষ্ট কৰি সকলো অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । অনুৰাগীসকলে বিভিন্ন মন্তব্যৰে উপচাই দিছে খেলুৱৈগৰাকীৰ সামাজিক মাধ্যমৰ একাউণ্ট ৷

বিৰাট কোহলীৰ তিনিটাকৈ এটা শব্দৰ পোষ্ট

আচলতে বিৰাট কোহলীয়ে নিজৰ এক্স একাউণ্টত তিনিটাকৈ এটা শব্দৰ পোষ্ট আপলোড কৰে ৷ যিয়ে বুধবাৰে ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীসকলৰ মাজত সৃষ্টি কৰিছে চাঞ্চল্যৰ । এই পোষ্টবোৰ দেখি সকলোৱে জল্পনা-কল্পনা কৰিছে যে, বিৰাটে কিবা এটা বিষয়ত এই পোষ্টবোৰ আপলোড কৰিছে । বিৰাটক সততে এনেকৈ পোষ্ট কৰা দেখা নাযায়, যদিও সম্প্ৰতি খেলুৱৈগৰাকীৰ পোষ্টবোৰে সাধাৰণ লোকক চিন্তা কৰিবলৈ বাধ্য কৰাইছে ।

সামাজিক মাধ্যমত বিৰাটে কি লিখিলে

বিৰাট কোহলীয়ে পুৱা 9 বজাত তেওঁৰ এক্স হেণ্ডেলত লিখিছিল, 'দয়া' ৷ প্ৰথম পোষ্টৰ মাত্ৰ 31 মিনিটৰ পিছত তেওঁ আন এটা শব্দৰ পোষ্ট কৰিছিল, য'ত লিখা আছিল 'নম্ৰতা' ৷ পৰৱৰ্তী সময়ত ক্ৰিকেটাৰগৰাকীয়ে লিখিছিল 'সন্মান' । বিৰাটৰ এই তিনিটা পোষ্টৰ পিছত বহু কথাই ভাবিবলৈ বাধ্য হৈছে অনুৰাগীসকল ৷

অৱশ্যে তেওঁৰ পোষ্টৰ আঁৰৰ কাৰণ এতিয়াও প্ৰকাশ হোৱা নাই । কিন্তু ভাৰতীয় বেটছমেনগৰাকীয়ে এনে পোষ্ট অবিৰতভাৱে কৰাটো অতি বিৰল বুলিয়েই ক’ব পৰা যায় । যাৰ বাবে বিৰাট কোহলীৰ অনুৰাগীসকলৰ মাজত আৰম্ভ হৈছে জল্পনা-কল্পনা ৷

বিৰাটে চলিত বছৰত ঘৰৰ মাটিত প্ৰথমখন টেষ্ট খেলিবলৈ সাজু হৈছে ৷ বছৰৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে 5 খন মেচৰ টেষ্ট শৃংখলাৰ পৰা আঁতৰি থকাৰ পিছত পুনৰ টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছে ক্ৰিকেটাৰগৰাকীয়ে ৷

কোহলীয়ে শেষবাৰৰ বাবে জানুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিছিল ৷ পাকিস্তানৰ বিৰুদ্ধে শৃংখলা জয়ৰ অন্তত ভাৰতৰ বিৰুদ্ধেও একেই উদ্দেশ্য আগত লৈ আহিছে বাংলাদেশ ৷ প্ৰথমখন টেষ্টত পাকিস্তানক 10 উইকেটত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন টেষ্টত 6 উইকেটত জয়লাভ কৰিছিল বাংলাদেশে ।

লগতে পঢ়ক: খেলৰ মাজত আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰসকল: কোনে হেৰুৱালে প্ৰাণ, কোনে জনালে ক্ৰিকেটক চিৰবিদায় - CRITICAL INJURIES IN FIELD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.