অসম

assam

ETV Bharat / sports

স্বৰ্ণ পদক বিজয়ী আৰ্ছাদক লৈ মন্তব্য নীৰজৰ: আজি তেওঁৰ দিন আছিল আৰু আমি এয়া মানি ল’ব লাগিব - Paris Olympics 2024 - PARIS OLYMPICS 2024

Paris Olympics 2024 Javelin : পেৰিছ অলিম্পিক 2024ত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভৰ পৰা বঞ্চিত হয় নীৰজ চোপ্ৰা। ৰূপৰ পদক লাভ কৰে খেলুৱৈগৰাকীয়ে। এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নীৰজে সোণৰ পৰা বঞ্চিত হোৱাৰ প্ৰকৃত কাৰণ কৈছে । সম্পূৰ্ণ খবৰ পঢ়ক....

Paris Olympics 2024 Javelin
আৰ্ছাদক লৈ মন্তব্য নীৰজ চোপ্ৰাৰ (IANS PHOTOS)

By ETV Bharat Sports Team

Published : Aug 9, 2024, 6:56 PM IST

স্পৰ্টছ ডেস্ক, 9 আগষ্ট : ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিক 2024ত উজ্জ্বল প্ৰদৰ্শন কৰি ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰে ৷ ডিফেণ্ডিং অলিম্পিক চেম্পিয়ন নীৰজে নিজৰ স্বৰ্ণ পদক ৰক্ষা কৰিব নোৱাৰিলে ৷ পাকিস্তানৰ আৰ্ছাদ নাদীমে 92.97 মিটাৰ অলিম্পিক অভিলেখ সৃষ্টি কৰি স্বৰ্ণ পদক লাভ কৰে ৷ উল্লেখ্য যে 2020 চনৰ টকিঅ’ অলিম্পিকত নীৰজে স্বৰ্ণ পদক লাভ কৰিছিল ৷ আজি আমি আপোনালোকক ক'বলৈ ওলাইছো নীৰজে ৰূপৰ পদক লাভ কৰাৰ পিছত কি ক'লে ৷

নীৰজৰ আঘাতেই হৈ পৰিল স্বৰ্ণৰ পৰা বঞ্চিত হোৱাৰ কাৰণ :

নীৰজে কয়, ‘যি ফলাফল আশা কৰা হৈছিল, সেয়া নাহিল ৷ আঘাতৰ বাবে বহুত সমস্যাৰ সন্মুখীন হৈছো, মই কৰিব বিচৰা প্ৰশিক্ষণটো কৰিব পৰা নাই ৷ এতিয়াও মই যিবোৰ থ্ৰ’ কৰি আছো সেইবোৰ বলপূৰ্বক ৷ আনকি এটা ৰাণো সঠিকভাৱে নাহিল যিটো প্ৰতিযোগিতাত আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ আঘাতৰ বাবে মই বেছি প্ৰশিক্ষণ ল’ব পৰা নাই ৷ মই জানো কি কাম কৰিব লাগিব, প্ৰথমে মোৰ আঘাতৰ ওপৰত কাম কৰিম, বহুদিনৰ পৰা আঘাতৰ মাজেৰেই পাৰ কৰিছো ৷'

নীৰজে আৰ্ছাদক স্বৰ্ণ জয় কৰাৰ বাবে অভিনন্দন জনায় :

আৰ্ছাদে স্বৰ্ণ জয় কৰা সন্দৰ্ভত নীৰজে কয়, ‘আৰ্ছাদে বহুত ভাল থ্ৰ’ কৰিছে ৷ পাকিস্তান আৰু তেওঁলোকক অভিনন্দন ৷ আমাৰ মাজত সদায় ভাল প্ৰতিযোগিতা থাকে ৷ তেওঁ প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছে, কঠোৰ পৰিশ্ৰম কৰা খেলুৱৈজন ইয়াৰ যোগ্য ৷'

আন এটা ভিডিঅ’ত আৰ্ছাদৰ 9.2.9 মিটাৰৰ অভিলেখ থ্ৰ’ৰ কথা উল্লেখ কৰি নীৰজে কয়, ‘আৰ্ছাদে যেতিয়া থ্ৰ’ কৰিছিল, তেতিয়া মোৰ মনত সেইটোৱেই আছিল ৷ আজিলৈকে 90 মিটাৰ নিক্ষেপ নকৰিলেও মোৰ মনত আছিল যে কেতিয়াও নিক্ষেপ নকৰিলেও আজি কৰিম ৷ আজি প্ৰতিযোগিতাখন কঠোৰ প্ৰত্যাহ্বান আছিল যদিও দেশৰ বাবে পদক লাভ কৰি সুখী ৷ মই বহুত ভাবিছিলো যে আজি নহ'লে তেতিয়া, আজি যেতিয়া প্ৰয়োজন হ'ল সেয়া কৰিব পৰা নগ’ল ৷ মুক্তভাৱে নিক্ষেপ কৰিব পৰা নাছিলো, পৰিৱেশ মোৰ পক্ষত নাছিল ৷'

লগতে পঢ়ক :স্বৰ্ণ নহয় : পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় নীৰজ চোপ্ৰাৰ - PARIS OLYMPICS 2024

পাকিস্তানৰ হাতত হাৰি নাযাব, এই প্ৰশ্নক লৈ কয় নীৰজ চোপ্ৰাই :

প্ৰায়ে আমি কওঁ যে আপুনি যিকোনো ব্যক্তিৰ হাতত পৰাস্ত হ’ব পাৰে কিন্তু পাকিস্তানৰ হাতত পৰাস্ত নহ’ব ৷ এই প্ৰশ্নত নীৰজে ক’লে, ‘মই বহুদিনৰ পৰা আৰ্ছাদৰ সৈতে খেলি আছো, আজি তেওঁ প্ৰথমবাৰৰ বাবে জয়ী হৈছে, আজি তেওঁৰ দিন আছিল আৰু আমি এয়া মানি ল’ব লাগিব ৷ এইখিনিয়ে মোক খেলত শিকোৱা হৈছিল ৷ আগলৈ আমি দুয়ো আৰু খেলিম ৷ মই বহু ভাবিছিলো যে আজি নহ'লে তেতিয়া, আজি যেতিয়া প্ৰয়োজন হ'ল সেয়া কৰিব পৰা নগ’ল ৷ মুক্তভাৱে নিক্ষেপ কৰিব পৰা নাছিলো, পৰিৱেশ মোৰ পক্ষত নাছিল ৷'

লগতে পঢ়ক :পেৰিছ অলিম্পিকৰ জেভলিনত পদক বিজয়ীয়ে কিমান পৰিমাণে লাভ কৰিলে নগদ ধন - PARIS OLYMPICS 2024

ABOUT THE AUTHOR

...view details