স্পৰ্টছ ডেস্ক,২৫ জুলাই :পেৰিছ অলিম্পিক ২০২৪ৰ উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা ভাৰতীয় আৰ্চাৰী দলে অভিযান আৰম্ভ কৰিব । এই অৰ্হতা ৰাউণ্ডত ভাৰতৰ আটাইকেইগৰাকী অৰ্থাৎ ৬ গৰাকী আৰ্চাৰী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।
মহিলাৰ ব্যক্তিগত আৰু দলীয় প্ৰতিযোগিতাত দুপৰীয়া ১ বজাত প্ৰথম অলিম্পিক আৰ্চাৰী পদকৰ বাবে ভাৰতৰ অভিযান আৰম্ভ কৰে । ইয়াৰ পিচত পুৰুষৰ ব্যক্তিগত, দলীয়া আৰু মিশ্ৰিত দলে সন্ধিয়া ৫:৪৫ বজাত প্ৰতিদ্বন্দ্বিতা কৰিব ।
লণ্ডন অলিম্পিক ২০১২ৰ পিচত পেৰিছ অলিম্পিক ২০২৪ হৈছে এনেধৰণৰ প্ৰথম প্ৰতিযোগিতা য'ত ভাৰতে সম্পূৰ্ণ শক্তিৰে অলিম্পিক আৰ্চাৰী ইভেণ্টত অৱতীৰ্ণ হ'ব । আৰ্চাৰী খেলুৱৈসকলে আশা কৰিব যাতে তেওঁলোকে এক উন্নত ৰেংকিং লাভ কৰিব পাৰে ।
এই অৰ্হতা ৰাউণ্ডটো ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব । ভাৰতীয় দলটো প্ৰায়ে নিম্ন স্থানত থকা দেখা যায়, যাৰ বাবে নকআউট পৰ্যায়ত দক্ষিণ কোৰিয়াৰ দৰে শক্তিশালী দলৰ মুখামুখি হ'ব লগা হয় ।