Paris Olympics 2024: ষ্টেট ডি ফ্ৰান্সত পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানৰ বিশাল আয়োজন । বিশ্বৰ বহু নামী-দামী তাৰকাৰ প্ৰতিভাৰ প্ৰদৰ্শন ৷ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল টম ক্ৰুজৰ ষ্টাণ্ট । মনু ভাকৰ আৰু পি আৰ শ্ৰীজেশে উৰুৱালে ভাৰতৰ জাতীয় পতাকা ৷
পেৰিছ অলিম্পিকৰ সামৰণি (ANI)
স্প’ৰ্টছ ডেস্ক, ১২ আগষ্ট:তিনি সপ্তাহৰ ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ অন্তত অৱশেষত সামৰণি পৰিল পেৰিছ অলিম্পিক ২০২৪ ৰ । দেওবাৰে এক আকৰ্ষণীয় সামৰণি অনুষ্ঠানৰ জৰিয়তে এই ক্ৰীড়া প্ৰতিযোগিতাৰ সমাপ্তি ঘটে ।
এইবাৰৰ অলিম্পিকত বহুতো উত্থান-পতন পৰিলক্ষিত গৈছে । বিশ্বৰ বিভিন্ন দেশৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰে আৰু নিজ নিজ দেশৰ বাবে তেওঁলোকে পদক অৰ্জন কৰে । পেৰিছত অনুষ্ঠিত ৩৩ সংখ্যক অলিম্পিক গেমছৰ সামৰণি অনুষ্ঠান, যথেষ্ট আকৰ্ষণীয় আছিল আৰু এই সময়ছোৱাত বহুতো তাৰকাক উপস্থিত থকা দেখা গৈছিল ।