অসম

assam

পুৰুষ কুস্তিৰ ফ্ৰীষ্টাইল 57 কিলোগ্ৰামৰ ছেমি ফাইনেলত ভাৰতৰ অমন চেহৰাৱাত - Paris Olympics 2024

By ETV Bharat Sports Team

Published : Aug 8, 2024, 6:52 PM IST

Paris Olympics 2024 Wrestling : চলিত পেৰিছ অলিম্পিকত বৃহস্পতিবাৰে ভাৰতৰ তাৰকা মল্লযোদ্ধা অমন চেহৰাৱতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়ায় । অমনে ২০২২ চনৰ বিশ্ব চেম্পিয়ন জেলিমখান আবাকাৰভক কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰি ছেমি ফাইনেললৈ উন্নীত হয় ।

Paris Olympics 2024 Wrestling
কোৱাৰ্টাৰ ফাইনেলত অমন চেহৰাৱাত (AFP Photo)

স্পৰ্টছ ডেস্ক, ৮ আগষ্ট :ভাৰতৰ তাৰকা মল্লযোদ্ধা অমন চেহৰাৱতৰ ছেমি ফাইনেলত প্ৰৱেশ । বৃহস্পতিবাৰে তেওঁ পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত এক বিস্ময়কৰ প্ৰদৰ্শন আগবঢ়ায় । অমনে পুৰুষৰ ৫৭ কিলোগ্ৰাম কুস্তিৰ কোৱাৰ্টাৰ ফাইনেলত এগৰাকী প্ৰাক্তন বিশ্ব চেম্পিয়নক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ।

ভাৰতীয় মল্লযোদ্ধা অমন চেহৰাৱতে পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল কোৱাৰ্টাৰ ফাইনেল বাউটত ২০২২ চনৰ বিশ্ব চেম্পিয়ন আলবেনিয়াৰ জেলিমখান আবাকাৰভক ১২-০ ব্যৱধানত পৰাস্ত কৰে । ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত সকলোকে আচৰিত কৰি বিশ্ব চেম্পিয়ন আবাকাৰোভক ধৰাশায়ী কৰে ।

এছিয়ান চেম্পিয়নশ্বিপ বিজয়ী অমন চেহৰাৱতে বাউটৰ দ্বিতীয় ৰাউণ্ডৰ প্ৰথম মিনিটত আলবেনিয়ান বিশ্ব চেম্পিয়ন আবাকাৰভক পৰাস্ত কৰে । দ্বিতীয় ৰাউণ্ডত ২.০৪ মিনিট বাকী থকা অৱস্থাত অমনে ৯ পইণ্ট অৰ্জন কৰে আৰু কাৰিকৰী শ্ৰেষ্ঠতাৰ ভিত্তিত মেচখন ১২-০ ব্যৱধানত হস্তগত কৰে ।

ভাৰতীয় মল্লযোদ্ধাগৰাকীয়ে মেচখনত এক অতুলনীয় প্ৰদৰ্শন দাঙি ধৰে । মল্লযুদ্ধৰ এক অনন্য পদক্ষেপত এগৰাকী মল্লযোদ্ধাই তেওঁৰ প্ৰতিদ্বন্দ্বীৰ গোৰোহাত ধৰি দ্ৰুতগতিত ঘূৰায় । এই শৈলীটো প্ৰদৰ্শন কৰি অমনে বিশ্ব চেম্পিয়ন আবাকোক আশ্চৰ্যচকিত কৰি তোলে ।

বৰ্তমান পদক নিশ্চিত কৰাৰ পৰা মাত্ৰ এটা জয় দূৰৈত অমন । ভাৰতৰ তাৰকা মল্লযোদ্ধাগৰাকীয়ে ছেমি ফাইনেল বাউটত বৃহস্পতিবাৰে নিশা ভাৰতীয় সময় অনুসৰি নিশা ৯.৪৫ বজাত অৱতীৰ্ণ হ'ব । এই যুঁজত তেওঁ ২০১৬ চনৰ ৰিঅ' অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা শীৰ্ষস্থানৰ ৰি হিগুচিৰ মুখামুখি হ'ব । পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰথম কুস্তি পদক নিশ্চিত কৰাৰ পৰা অমন এতিয়া মাত্ৰ এখোজ দূৰৈত । ১৪০ কোটি দেশবাসীয়ে আশা কৰিব যে অমনে সকলোকে গৌৰৱ কৰাৰ সুযোগ দিব ।

লগতে পঢ়ক :অযোগ্য বিবেচিত হোৱাৰ পিচত মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা বিনেশৰ: ছ’চিয়েল মিডিয়া কঁপাইছে বলীউড তাৰকাই - Celebs on Vinesh Phogat retirement
লগতে পঢ়ক :পেৰিছ অলিম্পিক 2024 : 11 তম স্থানতে দুভৰিৰ ছন্দ থমকিল অবিনাশ চাবলৰ - PARIS OLYMPICS 2024

ABOUT THE AUTHOR

...view details