স্পৰ্টছ ডেস্ক,৯ জুলাই : পেৰিছ অলিম্পিকলৈ আৰু মাত্ৰ ১৬ দিন বাকী আছে । অলিম্পিকৰ খেলসমূহ ২৬ জুলাইৰ পৰা আৰম্ভ হ'ব । ভাৰতে আশা কৰা মতে এইবাৰ পেৰিছত খেলুৱৈসকলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব । টকিঅ' অলিম্পিকৰ পদক বিজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইৰ ওপৰতো সকলোৰে দৃষ্টি থাকিব । তেওঁ পুনৰ এবাৰ পদক লাভ কৰি দেশক গৌৰৱান্বিত কৰিব বুলি সকলো আশা কৰি আছে ।
জন্ম
ভাৰতৰ তাৰকা বক্সাৰ লাভলীনা অসমৰ জীয়াৰী । ১৯৯৭ চনৰ ২ অক্টোবৰত গোলাঘাট জিলাৰ বাৰমুখীয়াৰ এটা পৰিয়ালত তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃ-মাতৃয়ে লাভলীনা আৰু দুই ভগ্নীক তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সমৰ্থন কৰিছিল । তিনিওগৰাকী ভগ্নীয়ে মুৱাই থাইৰ সৈতে তেওঁলোকৰ ক্ৰীড়া কেৰিয়াৰ আৰম্ভ কৰে আৰু তাৰ পিচত প্ৰশিক্ষকৰ নিৰ্দেশত লাভলীনাই বক্সিং আৰম্ভ কৰে ।
লাভলীনাৰ যাত্ৰা
লাভলীনাই ২০১২ চনৰ পৰা বক্সিং কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৬ বছৰ বয়সত জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰিছিল । তাৰ পিচত তেওঁ ইণ্ডিয়া অপেনত সোণৰ পদক লাভ কৰিছিল । ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ পদক লাভৰ পৰা বঞ্চিত হয় । কিন্তু একেটা বছৰতে তেওঁ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে । তাৰ পিচত পৰৱৰ্তী বছৰতো লাভলীনাই বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক লাভ কৰে । ২০২০ত এছিয়া আৰু ওচেনিয়া বক্সিং অলিম্পিক কোৱালিফায়াৰত ব্ৰঞ্জৰ পদক লাভ কৰি টকিঅ' অলিম্পিক ২০২০ ৰ বাবে যোগ্যতা অৰ্জন কৰে ।