অসম

assam

ETV Bharat / sports

পেৰিছ অলিম্পিক 2024 : 11 তম স্থানতে দুভৰিৰ ছন্দ থমকিল অবিনাশ চাবলৰ - PARIS OLYMPICS 2024 - PARIS OLYMPICS 2024

Avinash Sable : পেৰিছ অলিম্পিকত পুৰুষৰ 3000 মিটাৰ ষ্টিপলচেজ দৌৰ প্ৰতিযোগিতাত 11 তম স্থানত থমকিল অবিনাশ চাবলে ৷ ভাৰতৰ হকে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত পদক অৰ্জনত ব্যৰ্থ হয় খেলুৱৈগৰাকী ৷

PARIS OLYMPICS 2024
পেৰিছ অলিম্পিকৰ দৌৰ প্ৰতিযোগিতা (AP)

By ETV Bharat Sports Team

Published : Aug 8, 2024, 9:52 AM IST

Updated : Aug 8, 2024, 3:59 PM IST

স্প’ৰ্টছ ডেস্ক, 8 আগষ্ট :বুধবাৰে নিশা চলিত অলিম্পিকৰ পুৰুষৰ 3000 মিটাৰ ষ্টিপলচেজ দৌৰ প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ ট্ৰেক এণ্ড ফিল্ড এথলীট অবিনাশ চেবলে লাভ কৰে 11 তম স্থান । অবিনাশে ফাইনেলত 08:14:18 সময়ত নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় যদিও ব্ৰঞ্জ পদক বিজয়ী কেনিয়াৰ আব্ৰাহাম কিবিৱটৰ তুলনাত যথেষ্ঠ পিছপৰি আছিল ৷ তৃতীয় স্থানপ্ৰাপ্ত খেলুৱৈগৰাকীয়ে 8:06.47 সময়ত লক্ষ্যত উপনীত হয় ৷

মহাৰাষ্ট্ৰৰ পৰা অহা অবিনাশে কোৱালিফায়াৰ ৰাউণ্ডৰ দ্বিতীয় ভাগত 08:15:43 সময়ত লক্ষ্য পূৰণ কৰি পঞ্চম স্থান লাভেৰে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ৷ এই ৰাউণ্ডৰ শীৰ্ষৰ পাঁচটা স্থানত থকা খেলুৱৈসকলে স্থান লাভ কৰে ফাইনেলত ৷ তিনিটাকৈ ৰাউণ্ডৰ মুঠ 15 গৰাকী খেলুৱৈয়ে ফাইনেলত প্ৰৱেশ কৰে ।

লগতে পঢ়ক:"মা কুস্তি জিকিছিল, মই হাৰিছিলো" অৱসৰ ঘোষণা কৰি বিনেশ ফোগাটৰ আবেগিক পোষ্ট - VINESH PHOGAT ANNOUNCES RETIREMENT

পদক অৰ্জন কৰাত ব্যৰ্থ হোৱা স্বত্বেও 29 বছৰীয়া যুৱ খেলুৱৈগৰাকীয়ে 2025 চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে 8:14:18 সময়ত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় । বিশ্ব চেম্পিয়নশ্বিপৰ অৰ্হতাৰ নিৰ্ধাৰণৰ বাবে সময় ধৰি দিয়া হৈছিল 8:15:00 ।

সুন্দৰ আৰম্ভণি ঘটোৱা অবিনাশ চেবলেৰ প্ৰথম লেপটো শেষ হোৱাৰ পিছতে পৰৱৰ্তী লেপসমূহত গতি মন্থৰ হৈ পৰে ৷ যাৰ ফলত তিনিওগৰাকী ইথিঅ’পিয়ান দৌৰবিদে দলটোক নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰে । তিনিওৰে তুলনাত ভাৰতীয় দৌৰবিদগৰাকী পিছপৰি থাকে ৷

অন্তিম দুটা লেপ বাকী থকা অৱস্থাত অবিনাশ চেবলক 16 গৰাকী দৌৰবিদৰ ভিতৰত 13 তম স্থানত ৰখা হৈছিল । অৱশ্যে, দৌৰবিদগৰাকীয়ে কিছু প্ৰত্যাৱৰ্তন ঘটাই 11 তম স্থান লাভ কৰে যদিও পুনৰ অন্তিম লেপৰ পূৰ্বে 15 তম স্থানলৈ অৱনমিত হয় ৷ অৱশেষত ভাৰতীয় যুৱ দৌৰবিদগৰাকীয়ে প্ৰতিযোগিতাৰ 11 তম স্থানত ক্ষান্ত থাকে ৷

এই প্ৰতিযোগিতাত মৰক্কোৰ ছৌফিয়ান এল বাক্কালীয়ে 8:06.05 সময়ৰ সৈতে স্বৰ্ণ জয় কৰে ৷ আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেনেথ ৰুকছ 8:06.41 আৰু কেনিয়াৰ আব্ৰাহাম কিবিৱটে 08:06.47 সময়ত লক্ষ্যত উপনীত হৈ ক্ৰমান্বয়ে দখল কৰে ৰূপ আৰু ব্ৰঞ্জৰ পদক ৷

লগতে পঢ়ক:পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ : চতুৰ্থ স্থানতে ক্ষান্ত ভাৰোত্তোলক মীৰাবাঈ চানু - PARIS OLYMPICS 2024

Last Updated : Aug 8, 2024, 3:59 PM IST

ABOUT THE AUTHOR

...view details