স্প’ৰ্টছ ডেস্ক:নিজৰ দেশত চেম্পিয়নছ ট্ৰফী 2025 আয়োজন কৰিবলৈ সম্প্ৰতি কঠোৰ পৰিশ্ৰম কৰি আছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে । পি চি বি-ৰ এই আয়োজনৰ মাজতে একপ্ৰকাৰ বাধাৰূপে থিয় দিছে টীম ইণ্ডিয়া ৷
কিয়নো ভাৰত চৰকাৰে নিজৰ খেলুৱৈসকলৰ সুৰক্ষাৰ কথা উল্লেখ কৰি দলটোক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছে । তেনেক্ষেত্ৰত পাকিস্তানে বাৰে বাৰে উচ্চ পৰ্যায়ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা বুলি দাবী কৰি আহিছে ৷
তাৰমাজতে দেশখনত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা ৷ ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ 2024-25 ত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকল থকা হোটেলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ সেয়ে চেম্পিয়নছ ট্ৰফী 2025 ৰ সুৰক্ষা সন্দৰ্ভত পি চি বিৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু প্ৰশ্ন ৷
হোটেলত অগ্নিকাণ্ড
পি চি বি-য়ে জাৰি কৰা এক বিবৃতি অনুসৰি পাকিস্তান ব’ৰ্ডে আকস্মিকভাৱে ঘৰুৱা মহিলা প্ৰতিযোগিতা ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ 2024-25 বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পাঁচটা দলে অংশগ্ৰহণ কৰে ।
এই দলসমূহৰ সকলো খেলুৱৈ আৰু বিষয়াৰ বাবে পি চি বিয়ে এখন হোটেলৰ এটা মহলা সম্পূৰ্ণৰূপে বুকিং কৰিছিল । কিন্তু আকস্মিকভাৱে হোটেলখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত খেলুৱৈসকল ভয়ত বিতত হৈ পৰে ৷ সেই সময়ত হোটেলখনত 5 গৰাকী খেলুৱৈ নিজৰ কোঠাত আছিল যদিও কোনোমতে বাহিৰলৈ গৈ প্ৰাণৰক্ষা কৰে ।
প্ৰতিযোগিতা বাতিল