নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰী: ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ খেলুৱৈ তথা অফ স্পীনাৰ ৰবিচন্দন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত সংগ্ৰহ কৰিলে 500 উইকেট ৷ শ্ৰীলংকাৰ স্পীন তাৰকা মুথিয়া মুৰলীধৰণৰ পিচত টেষ্ট ক্ৰিকেটত দ্ৰুততম 500 টা উইকেট সংগ্ৰহ কৰা দ্বিতীয়গৰাকী খেলুৱৈত পৰিণত হৈছে অশ্বিন ৷ তামিলনাডুৰ খেলুৱৈগৰাকীয়ে 98 খন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত 500 উইকেট সংগ্ৰহ কৰাৰ বিপৰীতে মুৰলীধৰণে 87 খন মেচত দখল কৰিছিল 500 উইকেট ৷ বৰ্তমান এই তালিকাৰ শীৰ্ষত আছে মুৰলীধৰণ ৷
ইফালে অশ্বিনে অৰ্জন কৰিছে আন এক কৃতিত্বও ৷ টেষ্ট ক্ৰিকেটত আটাইতকৈ কম মেচত 500 উইকেট সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ হৈছে অশ্বিন ৷ ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি লেগ স্পীনাৰ অনিল কুম্বলেৰ নামতো আছে 500 উইকেটৰ অভিলেখ ৷ 132 খন মেচত মুঠ 619 টা উইকেট সংগ্ৰহ কৰিছিল কুম্বলেই ৷
ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট মেচত বিপক্ষ দলটোৰ জেক ক্ৰ’লিৰ উইকেট দখলৰ পিচতে অশ্বিন এই অভিলেখৰ গৰাকী হয় ৷ চলি থকা টেষ্টৰ দ্বিতীয় দিনটোত তেওঁ এই অভিলেখ ৰচনা কৰে । 37 বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ তালিকাত থকা আন বলাৰসকল হৈছে মুথিয়া মুৰলীধৰণ (800), শ্বেন ৱাৰ্ণ (708), অনিল কুম্বলে (619), নাথন লায়ন (517) ৷