অসম

assam

ETV Bharat / sports

ফুল নহয় জুই... হেৰী ব্ৰুকৰ শতকে ৰক্ষা কৰিলে ‘চাহাব’ ৰ সুনাম ! - NZ VS ENG 2ND TEST

Harry brook record century: ৱেলিংটন খেলপথাৰত চলি থকা নিউজিলেণ্ড আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত ইংৰাজ বেটছমেন হেৰী ব্ৰুকে এক আচৰিত বেটিং প্ৰদৰ্শন আগবঢ়ায় ।

NZ VS ENG 2ND TEST
হেৰী ব্ৰুক (AP Photo))

By ETV Bharat Sports Team

Published : Dec 6, 2024, 10:58 AM IST

স্প’ৰ্টছ ডেস্ক:নিউজিলেণ্ড আৰু ইংলেণ্ড ক্ৰিকেট দল দুটাৰ মাজত তিনিখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ইংলেণ্ডে জয়লাভ কৰে । মেচখনত পুনৰ এবাৰ হেৰী ব্ৰুকে শতক অৰ্জন কৰি ইংলেণ্ডৰ সন্মান ৰক্ষা কৰে ।

280 ৰাণত শেষ ইংলেণ্ডৰ প্ৰথম ইনিংছ

দ্বিতীয়খন টেষ্ট মেচত আয়োজক দল কিৱিয়ে টছত জয়লাভ কৰি আলহী দল ইংলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । প্ৰথমে বেট ধৰা ইংলেণ্ডৰ প্ৰথম ইনিংছৰ সামৰণি পৰে 280 ৰাণত ৷ ইংলেণ্ডৰ হৈ পুনৰবাৰ হেৰী ব্ৰুকে 123 ৰাণ আৰু অলি পোপে 66 ৰাণৰ ইনিংছ খেলে ৷

ইয়াৰ বাহিৰে ইংলেণ্ডৰ আন কোনো বেটছমেনে 20 ৰাণৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল ৷ কিৱি বাহিনীৰ হৈ নাথান স্মিথে 4 টা, উইলিয়াম অ’ৰ’ৰ্কে 3 টা আৰু মেট হেনৰীয়ে দুটা উইকেট দখল কৰে ।

হেৰী ব্ৰুকৰ কৃতিত্ব

এই মেচখনত হেৰী ব্ৰুকে কেৱল 123 ৰাণ সংগ্ৰহ কৰাই নহয়, কেৰিয়াৰৰ 23 সংখ্যক টেষ্ট মেচখনত অষ্টমটো শতক অৰ্জন কৰে । এই কৃতিত্বৰে বৰ্তমান যুগৰ বহু শ্ৰেষ্ঠ খেলুৱৈক অতিক্ৰম কৰিছে ব্ৰুকে । ব্ৰুকে বেটিং কৰিবলৈ ক্ৰিজলৈ অহাৰ সময়ত ইংলেণ্ডৰ অৱস্থা আছিল ভয়াৱহ, মাত্ৰ 43 ৰাণত দলটোৰ চাৰিগৰাকীকৈ বেটছমেনে হেৰুৱাইছিল উইকেট ৷ কিন্তু দলক আগুৱাই নিয়াত ব্ৰুকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷

সৰ্বাধিক দ্ৰুতগতিত অষ্টমটো শতক অৰ্জন কৰা নৱমগৰাকী বেটছমেন

চলিত বৰ্ষৰ টেষ্ট ক্ৰিকেটত হেৰী ব্ৰুকে এক আচৰিত প্ৰদৰ্শন আগবঢ়াইছে ৷ ক্ৰিকেটাৰগৰাকীয়ে বছৰটোত এতিয়ালৈকে 1000 টেষ্ট ৰাণ সংগ্ৰহ কৰিছে । ডন ব্ৰেডমেনৰ কিংবদন্তি তালিকাত যোগদান কৰি টেষ্ট ক্ৰিকেটৰ ইতিহাসত 8 টা শতক অৰ্জন কৰা সৰ্বাধিক দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হৈছে হেৰী ব্ৰুক ।

টেষ্ট কেৰিয়াৰৰ 38 সংখ্যক ইনিংছত ব্ৰুকে এই কৃতিত্ব অৰ্জন কৰে । ইয়াৰ লগে লগে তেওঁ 2024 চনত টেষ্ট ক্ৰিকেটত 1000 ৰাণ সম্পূৰ্ণ কৰা চতুৰ্থগৰাকী বেটছমেনত পৰিগণিত হয় ৷ ব্ৰুকৰ পূৰ্বে জ’ ৰুট, যশস্বী জয়ছোৱাল আৰু বেন ডাকেটে এই কৃতিত্ব অৰ্জন কৰিছিল ৷

বিদেশত অনুষ্ঠিত টেষ্টত হেৰী ব্ৰুকৰ এয়া আছিল 16 সংখ্যক টেষ্ট মেচ, য’ত তেওঁ সৰ্বাধিক শতক অৰ্জনকাৰী ক্ৰিকেটাৰত পৰিণত হৈছিল । এই কৃতিত্বৰে ডন ব্ৰেডমেনক অতিক্ৰম কৰে ইংলেণ্ডৰ ক্ৰিকেটাৰগৰাকীয়ে । উল্লেখ্য যে, বিদেশৰ মাটিত 16 ইনিংছত 6 টাকৈ শতক অৰ্জন কৰিছিল ডন ব্ৰেডমেনে ।

লগতে পঢ়ক:11 টা ছয় আৰু 8 টা চাৰি...উৰ্ভিল পেটেলৰ পিছত অভিষেক শৰ্মাৰ ধুমুহাৰ গতিত শতক অৰ্জন

ABOUT THE AUTHOR

...view details