অসম

assam

ETV Bharat / sports

বিৰাট, শুভমন, ৰিংকু আউট; সঞ্জয় মাঞ্জৰেকাৰৰ মতে কোন কোন থাকিব টি-২০ বিশ্বকাপৰ ভাৰতীয় দলত ? - T20 World Cup 2024 - T20 WORLD CUP 2024

SANJAY MANJREKAR INDIA SQUAD: আইচিচি টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ সঞ্জয় মাঞ্জৰেকাৰে নিজা দৃষ্টিভংগীৰে ভাৰতীয় দলটো বাছনি কৰিছে । তেওঁ নিজৰ দলত বিৰাট কোহলী, হাৰ্দিক পাণ্ডিয়া, শুভমন গিল আৰু ৰিংকু সিঙক অন্তৰ্ভুক্ত কৰা নাই । পঢ়ক সম্পূৰ্ণ খবৰ...

SANJAY MANJREKAR INDIA SQUAD
T20 WORLD CUP 2024

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 5:14 PM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিল: আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যৌথভাৱে আয়োজন কৰা আগন্তুক টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এই প্ৰতিযোগিতাখন ১ জুনৰ পৰা ২৯ জুনৰ ভিতৰত অনুষ্ঠিত হ’ব । আইচিচিয়ে দলসমূহক টি-২০ বিশ্বকাপৰ বাবে নিজৰ দল ঘোষণা কৰাৰ শেষ তাৰিখ হিচাপে ১ মে’ ধাৰ্য কৰিছে । চলিত মাহৰ শেষ সপ্তাহৰ ভিতৰত বিচিচিআইয়ে নিজৰ দল ঘোষণা কৰিব বুলি আশা কৰা হৈছে ।

ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিখ্যাত ধাৰাভাষ্যকাৰ সঞ্জয় মাঞ্জৰেকাৰে নিজা দৃষ্টিভংগীৰে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটোক বাছনি কৰিছে । মাঞ্জৰেকাৰে ৰোহিত শৰ্মাক দলৰ অধিনায়ক আৰু কে এল ৰাহুলক উপ-অধিনায়ক হিচাপে বাছনি কৰিছে । শুভমন গিলক স্থান নিদিয়াকৈ মাঞ্জৰেকাৰে ৰোহিত শৰ্মা আৰু যশস্বী জয়ছৱালক প্ৰাৰম্ভিক যুটি হিচাপে চিহ্নিত কৰিছে । এই দলত উইকেটকীপাৰ হিচাপে তিনিগৰাকী বিকল্প আছে । তেওঁলোক ক্ৰমে ঋষভ পন্ত, কে এল ৰাহুল আৰু সঞ্জু চেমছন ।

মাঞ্জৰেকাৰৰ দৃষ্টিৰে গঠন কৰা দলটোৰ আটাইতকৈ আচৰিত কথাটো হ’ল তেওঁৰ দলত তাৰকা বেটছমেন বিৰাট কোহলী আৰু ফিনিছাৰ ৰিংকু সিঙক স্থান দিয়া নাই ৷ আই পি এলত বিৰাটক বিষ্ফোৰক ফৰ্মত দেখা গৈছে । একে সময়তে ভাৰতক ধুমুহাৰ দৰে ফিনিচিং দিব পৰাকৈ আগন্তুক টি-২০ বিশ্বকাপৰ ট্ৰাম্প কাৰ্ড হিচাপে বিবেচিত হৈছে ৰিংকু সিং । মাঞ্জৰেকাৰে দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা হাৰ্দিক পাণ্ডিয়াকো নিজৰ দলৰ পৰা আঁতৰাই ৰাখিছে ।

নিজৰ দৃষ্টিভংগীৰে দলৰ কথা ঘোষণা কৰি মাঞ্জৰেকাৰে কয় যে বাছনি কৰাটো অতি কঠিন যদিও মই চেষ্টা কৰিছোঁ । তাৰ পিছত ৰোহিত শৰ্মা আৰু যশস্বী জয়ছৱালক উদ্বোধনী যুটি হিচাপে চিহ্নিত কৰিছে । তিনি নম্বৰত সঞ্জু চেমছন আৰু চতুৰ্থ নম্বৰত সূৰ্যকুমাৰ যাদৱক তেওঁৰ পছন্দ হিচাপে ঠাই দিছে । ফৰ্মত থকা বেটছমেন ৰিয়ান পৰাগকো দলত অন্তৰ্ভুক্ত কৰা হয় । ঋষভ পন্ত আৰু কে এল ৰাহুলৰ লগতে মুঠ ৭ গৰাকী বিশেষ বেটছমেনক নিৰ্বাচিত কৰা হয় । আনহাতে, ৰবীন্দ্ৰ জাদেজা আৰু ক্ৰুনাল পাণ্ডিয়াক অল ৰাউণ্ডাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে ।

মাঞ্জৰেকাৰে এই দলটোত ৪ জন বেষ্ট বলাৰ অন্তৰ্ভুক্ত কৰিছিল । যাৰ কমাণ্ড হ’ব যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ । হৰ্ষিত ৰাণা আৰু মায়ংক যাদৱে সহযোগ কৰিব । আনহাতে, যুজবেন্দ্ৰ চাহাল আৰু কুলদীপ যাদৱ স্পিনাৰ হিচাপে তেওঁৰ প্ৰথম পছন্দ ।

সঞ্জয় মাঞ্জৰেকাৰৰ দ্বাৰা নিৰ্বাচিত ১৫ জনীয়া ভাৰতীয় দল

ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, সঞ্জু চেমচন, সূৰ্যকুমাৰ যাদৱ, ৰিয়ান পৰাগ, ঋষভ পন্ত (wk), কে এল ৰাহুল (wk), ৰবীন্দ্ৰ জাদেজা, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, হৰ্ষিত ৰাণা, ময়ংক যাদৱ, ক্ৰুণাল পাণ্ডিয়া ।

লগতে পঢ়ক:উছেইন বল্ট হ'ব আইচিচি টি-২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছেডৰ - ICC T20 World Cup 2024

ABOUT THE AUTHOR

...view details