স্পৰ্টছ ডেস্ক, ১৯ জুন: পাভো নুৰ্মী গেমছত অলিম্পিক তথা বিশ্ব চেম্পিয়ন জেভেলিন খেলুৱৈ নীৰজ চোপ্ৰাই স্বৰ্ণ পদক অৰ্জন কৰিছে । মঙলবাৰে ফিনলেণ্ডৰ তুৰ্কুত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতৰ পৰা কেৱল নীৰজ চোপ্ৰাইহে অংশ লৈছিল । নীৰজে তৃতীয়টো চেষ্টাত ৮৫.৯৭ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে । ইফালে টনি কেৰানেনে ৮৪.১৯ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক আৰু অলিভাৰ হেলেণ্ডাৰে ৮৩.৯৬ মিটাৰ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰে ।
উল্লেখ্য় যে, ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব পেৰিছ অলিম্পিক । এনে পৰিস্থিতিত এতিয়া সকলোৰে দৃষ্টি পুনৰবাৰ ভাৰতৰ তাৰকা জেভেলিন খেলুৱৈ নীৰজ চোপ্ৰাৰ ওপৰত । নীৰজৰ এই প্ৰদৰ্শনে ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকত ভাৰতৰ বাবে সোণৰ পদক লাভৰ আশাৰ সঞ্চাৰ কৰিছে ।
লগতে পঢ়ক:অলিম্পিকৰ পূৰ্বে আন এটা স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ - Federation Cup 2024
পাভো নুৰ্মী গেমছ লীগত নীৰজ চোপ্ৰাৰ প্ৰদৰ্শন:
- প্ৰথম প্ৰচেষ্টা – ৮৩.৬২ মিটাৰ
- দ্বিতীয় প্ৰচেষ্টা – ৮৩.৪৫ মিটাৰ
- তৃতীয় প্ৰচেষ্টা – ৮৫.৯৭ মিটাৰ
- চতুৰ্থ প্ৰচেষ্টা – ৮২.২১ মিটাৰ
- পঞ্চম প্ৰচেষ্টা – ফাউল
- ষষ্ঠ প্ৰচেষ্টা – ৮২.৯৭ মিটাৰ
লগতে পঢ়ক:ডাইমণ্ড লীগত দ্বিতীয় স্থান: সুখী নহয় নীৰজ চোপ্ৰা ! - Doha Diamond League
৯০ মিটাৰ বেৰিয়াৰ পুনৰ স্পৰ্শ কৰাত ব্যৰ্থ নীৰজ ?
ভাৰতীয় খেলুৱৈগৰাকীয়ে ২০২২ চনত ৮৯.৩০ মিটাৰ জেভেলিন নিক্ষেপ কৰি ৰূপৰ পদক লাভ কৰিছিল । সেই সময়ত এইটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল । একে বছৰতে ডাইমণ্ড লীগৰ ষ্টকহ’ম পৰ্যায়ত তেওঁ ৮৯.৯৪ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে । কিন্তু তাৰ পিচৰ পৰা নীৰজে নিজৰ শ্ৰেষ্ঠ (৮৯.৯৪ মিটাৰ) দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই ।
২৬ বছৰীয়া নীৰজ চোপ্ৰাই উৰুৰ পেশীৰ বিষৰ বাবে যোৱা মাহত অষ্ট্ৰাভা গোল্ডেন স্পাইক প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিছিল । দোহা ডাইমণ্ড লীগৰ জড়িয়তে শৃংখলা আৰম্ভ কৰা চোপ্ৰাই অহা ৭ জুলাইত পেৰিছ ডাইমণ্ড লীগত অংশগ্ৰহণ কৰিব ।
লগতে পঢ়ক:পেৰিছ অলিম্পিকত পদক জিনিবলৈ বদ্ধপৰিকৰ নীৰজ চোপ্ৰা
পাভো নুৰ্মী গেমছত ৮ জন খেলুৱৈৰ শ্ৰেষ্ঠ প্ৰদৰ্শন:
- নীৰজ চোপ্ৰা (ভাৰত) – ৮৮.৩৬ মি
- টনি কেৰানেন (ফিনলেণ্ড) – ৮৪.১৯ মিটাৰ
- অলিভাৰ হেলেণ্ডাৰ (ফিনলেণ্ড) – ৮৩.৯৬ মিটাৰ
- এণ্ডাৰছন পিটাৰ্ছ (গ্ৰেনাডা) – ৮২.৫৮মিটাৰ
- এণ্ড্ৰিয়ান মাৰ্ডাৰে (মলদোভা) – ৮২.১৯ মিটাৰ
- কেশ্বৰ্ণ ৱালকট (ট্ৰিনিদাদ) – ৮১.৯৩ মিটাৰ
- মেক্স ডেহনিং (জাৰ্মানী) – ৭৯.৮৪ মিটাৰ
- লাছি আটেলেটালো (ফিনলেণ্ড) – ৭৯.৩৫ মিটাৰ
লগতে পঢ়ক:Paris Olympic Games 2024 : পেৰিছ অলিম্পিকৰ প্ৰথম পৰ্যায়ত 3 নিযুতৰো অধিক টিকট বিক্ৰী