অসম

assam

ETV Bharat / sports

দ্বিতীয়বাৰৰ বাবে আইএছএলৰ খিতাপ দখল মুম্বাই চিটি এফচিৰ - ISL 2024 winners

ISL 2024 winners : মোহন বাগান চুপাৰ জায়াণ্টৰ তীব্ৰ প্ৰত্যাহ্বান নেওচি ২০২৩-২৪ ছিজনৰ আইএছএলৰ খিতাপ দখল মুম্বাই চিটি এফচিৰ । ৩-১ গ'লত পৰাস্ত বিগত বৰ্ষৰ চেম্পিয়ন মোহন বাগান ।

By ETV Bharat Sports Team

Published : May 5, 2024, 10:17 AM IST

ISL 2024 winners
দ্বিতীয়বাৰৰ বাবে আইএছএলৰ খিতাপ দখল মুম্বাই চিটি এফচিৰ (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৫ মে' :ইণ্ডিয়ান চুপাৰ লীগ (আইএছএল) ২০২৩-২৪ ছিজনৰ অন্তিম তথা ফাইনেল খেলত মুম্বাই চিটি এফচিয়ে মোহন বাগান চুপাৰ জায়াণ্টক ৩-১ গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয় । চল্ট লেক ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে আয়োজিত আইএছএলৰ ফাইনেলত মুম্বাইৰ এই বিজয় অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । কিয়নো বিগত ছিজনৰ চেম্পিয়ন আছিল মোহন বাগান চুপাৰ জায়াণ্ট ।

এইবছৰো সুন্দৰ প্ৰদৰ্শন কৰি আছিল দলটোৱে । অৱশ্যে ফাইনেলত মুম্বাইৰ জৰ্জ পেৰেইৰা ডিয়াজ, বিপিন সিং আৰু জাকুব ভজটাছৰ ৩ টা গ'ল বিগত বৰ্ষৰ চেম্পিয়ন দলটোৰ পৰাজয়ৰ মুখ্য কাৰণ হিচাপে বিবেচিত হৈছে ।

খেলখনৰ প্ৰথমাৰ্ধত মোহন বাগান চুপাৰ জায়াণ্টৰ জেচন কামিংছে এটা গ'ল কৰে । প্ৰথমাৰ্ধ শেষ হোৱাৰ ঠিক আগে আগে ৪৪ মিনিটত কামিংছে গ'লটো কৰে । ফলস্বৰূপে প্ৰথমাৰ্ধত মোহন বাগান দলটো প্ৰতিযোগিতাত আগুৱাই আছিল । অৱশ্যে দ্বিতীয়াৰ্ধত মুম্বাইৰ প্ৰদৰ্শন যথেষ্ট উন্নত আছিল ।

দ্বিতীয়াৰ্ধত মোহন বাগানে এটাও গ'ল কৰিব নোৱাৰিলে যদিও মুম্বাই দলটোৱে ৩ টা গ'ল কৰিবলৈ সক্ষম হয় । মুম্বাইৰ হৈ জৰ্জ পেৰেইৰা ডিয়াজে ৫৩ মিনিটত, বিপিন সিঙে ৮১ মিনিটত আৰু জাকুব ভজটাছে খেলৰ অতিৰিক্ত সময়ত গ'ল কৰিবলৈ সক্ষম হয় । যাৰ বাবে মুম্বাই চিটি এফচি দ্বিতীয়বাৰৰ বাবে আইএছএলৰ চেম্পিয়নৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় ।

এই বিজয়ৰ পাচতে মুম্বাইৰ অনুৰাগীসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । বিভিন্ন ক্ৰীড়া তাৰকা, চেলিব্ৰিটী আদিয়ে দলটোক শুভকামনা জনাইছে ।

লগতে পঢ়ক :ইউৰোপ ভ্ৰমণৰ বাবে ভাৰতীয় জুনিয়ৰ হকী দল ঘোষণা - India Hockey Junior Team

ABOUT THE AUTHOR

...view details