অসম

assam

ETV Bharat / sports

24 জন খেলুৱৈ, 3 টা ক্লাব আৰু 3 গৰাকী বিষয়াক 3 বছৰৰ বাবে নিষিদ্ধ মিজোৰাম ফুটবল এছ’চিয়েছনৰ - FOOTBALL MATCH FIXING

Mizoram premier league: মেচ ফিক্সিং কেলেংকাৰীৰ অভিযোগত তিনিটা ক্লাব আৰু 24 জন খেলুৱৈক নিষিদ্ধ ঘোষণা মিজোৰাম ফুটবল এছ'চিয়েছনৰ । পঢ়ক বিতং খবৰ...

FOOTBALL MATCH FIXING
ফাইল ফটো (ANI Photo)

By ETV Bharat Sports Team

Published : Nov 5, 2024, 1:37 PM IST

স্প’ৰ্টছ ডেস্ক: মিজোৰাম প্ৰিমিয়াৰ লীগৰ (এম পি এল) একাদশ সংস্কৰণত মেচ ফিক্সিঙৰ অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতে 3 টা ক্লাব, 24 জন খেলুৱৈ আৰু 3 জন ক্লাবৰ বিষয়াক তিনি বছৰৰ বাবে নিষিদ্ধ ঘোষণা মিজোৰাম ফুটবল এছ'চিয়েছনৰ ৷

চলিত প্ৰতিযোগিতাখনৰ খেলসমূহৰ ফলাফলত বিসংগতিৰ অভিযোগ উত্থাপন হোৱা তিনিটা ক্লাব হৈছে ক্ৰমে চিহফিৰ ভেংঘলুন এফ চি, এফ চি বেথলেহেম আৰু ৰামহলুন এথলেটিক এফ চিৰ লগতে তিনিগৰাকী বিষয়া ।

তাৰোপৰি মিজোৰাম ফুটবল এছ'চিয়েছনে দুগৰাকী খেলুৱৈৰ ওপৰত আজীৱন নিষেধাজ্ঞা, চাৰিজন খেলুৱৈৰ ওপৰত পাঁচ বছৰৰ নিষেধাজ্ঞা, 10 জন ফুটবলাৰৰ ওপৰত তিনি বছৰৰ নিষেধাজ্ঞা আৰু আঠজন খেলুৱৈৰ ওপৰত এবছৰীয়া নিষেধাজ্ঞা আৰোপ কৰে ।

ৰাজ্যিক ফুটবল সংস্থাটোৱে এক বিবৃতিৰ জৰিয়তে কয় যে, "সদ্য সমাপ্ত এম পি এল-11 ৰ একাংশ ক্লাব, বিষয়া আৰু খেলুৱৈয়ে দুৰ্নীতিত লিপ্ত হোৱাৰ সন্দৰ্ভত স্থানীয় আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ সৈতে কৰা অনুসন্ধানৰ পিছত মিজোৰাম ফুটবল এছ'চিয়েছনৰ দৃষ্টিগোচৰ হৈছে" ৷

"একাংশ অসৎ ব্যক্তিৰ সৈতে জড়িত এই কাৰ্যকলাপবোৰে আমাৰ মূল্যবোধৰ এক গুৰুতৰ উলংঘনক প্ৰতিনিধিত্ব কৰে, আমাৰ খেলৰ অখণ্ডতা হ্ৰাস কৰে আৰু মিজোৰাম ফুটবলক আৱেগিকভাৱে সমৰ্থন কৰা অনুৰাগীসকলক অসন্মান কৰে," মিজোৰাম ফুটবল এছ'চিয়েছনে বিবৃতিটোত উল্লেখ কৰিছিল ৷

"এই ফলাফলবোৰৰ বাবে আমি ইয়াত জড়িত ব্যক্তিসকলক কঠোৰ শাস্তি বিহিছো ৷ আমি অংশীদাৰসকলক আশ্বাস দিওঁ যে, এই কাৰ্যকলাপবোৰত জড়িত থকা ক্লাববোৰে ভৱিষ্যতৰ প্ৰতিযোগিতাত তেওঁলোকৰ অংশগ্ৰহণ প্ৰভাৱিত কৰা নিষেধাজ্ঞাৰ সন্মুখীন হ'ব ৷ লগতে ইয়াত জড়িত খেলুৱৈ আৰু বিষয়াসকলক এম এফ এ-ৰ দ্বাৰা উপযুক্ত বুলি গণ্য কৰা নিলম্বন আৰু অন্যান্য অনুশাসনমূলক ব্যৱস্থাৰ অধীনত থাকিব," বুলিও বিবৃতিটোত সন্নিৱিষ্ট কৰা হৈছে ৷

সংস্থাটোৱে স্বীকাৰ কৰিছিল যে, এই কেলেংকাৰীয়ে লীগৰ সুনাম ক্ষতিগ্ৰস্ত কৰিব পাৰে ৷ তদুপৰি স্বচ্ছ আৰু অখণ্ডতাৰ সৈতে আগুৱাবলৈ তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ ৷

লগতে পঢ়ক:29 জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব বৰদলৈ ট্ৰফী: বুজাবুজিৰ চুক্তি সম্পন্ন

ABOUT THE AUTHOR

...view details