স্পৰ্টছ ডেস্ক, 14 এপ্ৰিল : আই পি এল 2024 ৰ 29 সংখ্যক মেচখনত দেওবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এক উত্তেজনাপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছৰ হাতত 20 ৰাণত পৰাস্ত হ’ল মুম্বাই ইণ্ডিয়ানছ ৷ জয়ৰ বাবে 207 ৰাণৰ লক্ষ্যৰ পম খেদি অপেনাৰ ৰোহিত শৰ্মাৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিচতো নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ’ল ঘৰুৱা দলটো ৷
ৰোহিত শৰ্মাই 63 বলত 105 ৰাণৰ এক চমকপ্ৰদ ইনিংছ খেলিলেও আনটো মূৰত যথাযোগ্য সঁহাৰি নোপোৱাত অথলে যায় তেওঁৰ আইপিএল কেৰিয়াৰৰ দ্বিতীয়টো শতক ৷ ৰোহিতৰ ইনিংছটোত আছিল 11 টা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী ৷
ভাৰতীয় দলৰ অধিনায়কৰ বাদে মুম্বাইৰ কোনো এগৰাকী বেটছমেনেই বিশেষ অৱদান আগবঢ়োৱাত সফল নহ’ল ৷ তিলক বাৰ্মাই 31 ৰাণ আৰু ঈশান কিষণে 23 ৰাণ কৰাৰ বাদে বাকীসকলৰ প্ৰদৰ্শন আছিল হতাশাজনক ৷ চেন্নাইৰ হৈ মাথিছা পাথিৰানাই 28 ৰাণৰ বিনিময়ত 4 উইকেট দখল কৰি আলহী দলটোৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰে ৷