স্প’ৰ্টছ ডেস্ক, 26 জুন: 1983 চনত ভাৰতক প্ৰথম বিশ্বকাপ জয়ৰ নেতৃত্ব দিয়া কিংবদন্তি ক্ৰিকেটাৰ কপিলদেৱে ভাৰতীয় গলফৰ বাবে এক নতুন যুগৰ সূচনা কৰিবলৈ সাজু হৈছে ৷ কাৰণ কিংবদন্তি খেলুৱৈগৰাকীক সৰ্বসন্মতিক্ৰমে প্ৰফেচনেল গলফ ট্যুৰ অৱ ইণ্ডিয়া (পিজিটিআই)ৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে ।
2021 চনত ব’ৰ্ডৰ সদস্য হোৱা আৰু পি জি টি আইৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰা কপিলদেৱে এইচ আৰ শ্ৰীনিবাসনৰ পৰা দায়িত্ব গ্ৰহণ কৰিব ৷ এইচ আৰ শ্ৰীনিবাসনৰৰ কাৰ্যকালৰ ইতিমধ্যে অন্ত পৰিছে ।
65 বছৰীয়া ক্ৰিকেটাৰ কপিলদেৱে কয়, "ভাৰতীয় পেছাদাৰী গলফাৰসকলে বহুবছৰ ধৰি বহু উন্নত প্ৰদৰ্শন দেখুৱাই আহিছে । আজি আমাৰ বেছিভাগ ডাঙৰ ট্যুৰতে ভাৰতীয় পেছাদাৰী গলফ খেলুৱৈ আছে আৰু একেৰাহে তৃতীয়বাৰৰ বাবে অলিম্পিকত দুজন গলফাৰ থাকিব । আমাৰ এই যাত্ৰা শক্তিশালী হ’ব বুলি আমি আশা কৰিছো ৷ অহা কেইবছৰমানৰ ভিতৰত ই অধিক শক্তিশালী হ’ব ।"
লগতে পঢ়ক:বিশ্বকাপ ২০২৩ৰ ফাইনেলৰ বিশেষ অনুষ্ঠানলৈ কপিল দেৱক নিমন্ত্ৰণ নিদিলে বিচিচিআয়ে
ইয়াৰ উপৰিও কপিলদেৱে পিজিটিআই কেলেণ্ডাৰত আটাইতকৈ লাভজনক ইভেণ্টসমূহৰ ভিতৰত অন্যতম 2 কোটি টকাৰ (প্ৰায় 2 লাখ 40 হাজাৰ ডলাৰ) গ্ৰাণ্ট থৰ্ণ্টন ইনভিটেশ্যনেল টুৰ্ণামেণ্ট, গলফ ইভেণ্ট প্ৰৱৰ্তন কৰিছিল ।