অসম

assam

লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰীক সাক্ষাৎ কে এল ৰাহুলৰ... কি আছে নতুন খবৰ - IPL 2025

By ETV Bharat Sports Team

Published : Aug 27, 2024, 1:16 PM IST

IPL 2025 Mega Auction: লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুলে দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাক সাক্ষাৎ কৰে ৷ এই সৌজন্যমূলক সাক্ষাতৰ আঁৰৰ কাৰণ কি ? আই পি এলৰ 2025 সংস্কৰণত দলটোত দেখা যাবনে খেলুৱৈগৰাকীক? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

IPL 2025
কে এল ৰাহুল আৰু সঞ্জীৱ গোৱেংকা (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 27 আগষ্ট: টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন কে এল ৰাহুলে আই পি এল 2025 সংস্কৰণৰ পূৰ্বে কলকাতাত সাক্ষাৎ কৰে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাক ৷ আই পি এলৰ নতুন সংস্কৰণত খেলুৱৈগৰাকী দলটোৰ পৰা বাদ পৰাৰ অনুমান কৰা হৈছিল ৷ পিছে সোমবাৰৰ বৈঠকখনে ক্ৰিকেটাৰগৰাকীৰ সকলো পৰিকল্পনা সলনি কৰাৰ সম্ভাৱনাই দেখা দিছে ৷

সঞ্জীৱ গোৱেংকাক সাক্ষাৎ কে এল ৰাহুলৰ

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, কে এল ৰাহুল আৰু এল এছ জিৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাৰ মাজত প্ৰায় এঘণ্টা ধৰি বৈঠক চলিছিল ৷ এই বৈঠক অনুষ্ঠিত হৈছিল আলিপুৰৰ ন্যায়াধীশ আদালত পথত ৷ বৈঠকৰ আলোচনাৰ বিষয় আছিল- পৰৱৰ্তী ছিজনৰ বাবে খেলুৱৈৰ অন্তৰ্ভুক্তিৰ লগতে কে এল ৰাহুলৰ দলটোত থকা-নথকাৰ বিষয়টো ৷

এল এছ জিতে থাকিব বিচাৰে ৰাহুলে

একে সময়তে, সংবাদ সংস্থা পি টি আইয়ে দাবী কৰে যে, ৰাহুলে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ সৈতেই জড়িত হৈ থাকিব বিচাৰে ৷ এই অভিপ্ৰায় ইতিমধ্যে খেলুলৈগৰাকীয়ে ব্যক্ত কৰিছে ৷ কিন্তু ফ্ৰেঞ্চাইজিয়ে উইকেটকীপাৰ বেটছমেনগৰাকীক পৰৱৰ্তী ছিজনত দলত ৰখা-নৰখাক লৈ কোনো প্ৰতিশ্ৰুতি দিয়া নাই ।

দলটোৰ ঘটনাক্ৰমৰ সৈতে পৰিচিত এগৰাকী আই পি এল পৰিচালনা পৰিষদৰ সদস্যই নাম প্ৰকাশ নকৰাৰ চৰ্তৰ বিষয়টোত সংবাদ মাধ্যমক এনেদৰে কয়, "হয়, ৰাহুল কলকাতালৈ আহিছিল আৰু আৰ পি জি মুখ্য কাৰ্যালয়ত ড৹ গোৱেংকাক সাক্ষাৎ কৰিছিল । তেওঁ স্পষ্টকৈ ড৹ গোৱেংকাক কৈছিল যে তেওঁ দলটোৰ হৈ খেলিব বিচাৰে । অৱশ্যে, যেতিয়ালৈকে বি চি চি আইয়ে এক নীতি প্ৰস্তুত নকৰে, তেতিয়ালৈকে দলটোৰ পৰিচালনা কমিটীয়ে নিজৰ সিদ্ধান্ত সদৰী কৰিব নিবিচাৰে" ৷

আই পি এলৰ সূত্ৰটোৱে লগতে কয়, "চাওক, ৰাহুলে দলটোত থাকিব বিচাৰে ৷ কিন্তু লক্ষ্ণৌ চুপাৰ জায়েণ্টছে কিমানজন খেলুৱৈ তাক তেতিয়ালৈকে মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰে, যেতিয়ালৈকে নতুন নীতিসমূহ নিৰ্ধাৰণ নহয়" ৷

খেলপথাৰৰ মাজতে ৰাহুলক দুৰ্বব্যহাৰ গোৱেংকাৰ

আই পি এল 2024 ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বলাৰসকলক বেয়াকৈ প্ৰহাৰ কৰি দলটোক পৰাজয়ৰ দিশে ঠেলি দিয়ে ৷ এই লজ্জাজনক পৰাজয়ৰ পিছত দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই কে এল ৰাহুলক খেলপথাৰতে অশালীন আচৰণ কৰে ৷

আই পি এলৰ মেচৰ পিছত ৰাহুলৰ সৈতে গোৱেংকাৰ আছুতীয়া সাক্ষাৎকাৰে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ কিয়নো অধিকাংশই ভাবিছিল, আই পি এল 2025 ত এল এছ জিৰ সৈতে সম্পৰ্ক ত্যাগ কৰিব ৰাহুলে । অৱশ্যে সাম্প্ৰতিক ঘটনাক্ৰম অনুসৰি, দুয়োগৰাকীয়ে অতীতৰ কথা পাহৰি নতুন সংস্কৰণত মনোনিৱেশ কৰি ট্ৰফী অৰ্জন কৰাটোকে লক্ষ্য বান্ধি লৈছে ৷

লেহেমীয়া বেটিঙৰ বাবে সমালোচনাৰ সন্মুখীন

কে এল ৰাহুলে যোৱা বছৰ লেহেমীয়া ষ্ট্ৰাইক ৰেটত বেটিং কৰাৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ৷ কিয়নো তেওঁ লক্ষ্ণৌ চুপাৰ জায়েণ্টছক পাৱাৰ প্লে’ত এক সুন্দৰ আৰম্ভণি দিয়াত ব্যৰ্থ হৈছিল । ৰাহুলে 14 খন মেচত সংগ্ৰহ কৰিছিল 520 ৰাণ । খেলুৱৈগৰাকীৰ ষ্ট্ৰাইক ৰেট আছিল মাত্ৰ 136.12 আৰু ইয়াৰ বাবে সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল । ৰাহুলে নিজৰ দলটোক প্লে’ অফথ উপনীত কৰোৱাত ব্যৰ্থ হোৱা দেখা যায় ৷

লগতে পঢ়ক:ক্ৰিকেটৰ পথাৰত ৰাজনীতি ! জয় শ্বাহৰ স্থান ল’ব পাৰে এইগৰাকী বিজেপি ৰাজনীতিকৰ পুত্ৰই - NEW BCCI SECRETARY

ABOUT THE AUTHOR

...view details