ৰঙিয়া, ২৬ ফেব্ৰুৱাৰী:অসম খো-খো সন্থাৰ অধীনত উত্তৰ কামৰূপ জিলা খো-খো সন্থাৰ উদ্যোগত ৰঙিয়াত অনুষ্ঠিত হয় ১৪ সংখ্যক জিন্টু গগৈ সোঁৱৰণী আন্তঃজিলা ছাব জুনিয়ৰ ছোৱালীৰ খো-খো প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে । যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীকৈ ৰঙিয়া মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিতএই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত ৰঙিয়াৰ ছোৱালী দলে চূড়ান্ত বিজয়ী সন্মান লাভ কৰে ।
নলবাৰী জিলা খো-খো দল আৰু উত্তৰ কামৰূপ জিলা খো-খো দলৰ মাজত অনুষ্ঠিত এই চূড়ান্ত খেলখনত উত্তৰ কামৰূপ দলে নলবাৰী দলক ১৮ -১০ পইন্টৰ ব্যৱধানত পৰাজিত কৰে । এই খেলখন উপভোগ কৰিবলৈ সহস্ৰাধিক দৰ্শকৰ আগমন ঘটে । খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকে অসম খো-খো সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেশ বড়ো, উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সভাপতি আব্দুল মজিদৰ লগতে ক্ৰীড়া সংগঠক আমিৰ আলী । সম্পাদক বীৰেণ কলিতাই পৰিচালনা কৰা বঁটা বিতৰণী সভাখনত বিজয়ী আৰু বিজিত দলক বঁটাৰ লগতে মেডেল প্ৰদান কৰা হয় । ছাব জুনিয়ৰ ছোৱালীৰ খো-খো প্ৰতিযোগিতাৰ দৰে খেলৰ জৰিয়তে অঞ্চলটোৰ নৱ প্ৰজন্মই অনুপ্ৰেৰণা লাভ কৰিব বুলি উদ্য়োক্তা সকলে আশা প্ৰকাশ কৰিছে ।