ETV Bharat / sports

ভাৰত-দক্ষিণ আফ্ৰিকাৰ তৃতীয় টি-20 ত স্থাপন বহু অভিলেখ; শৃংখলাত 2-1 ত অগ্ৰগতি ভাৰতৰ - INDIA VS SOUTH AFRICA T20 SERIES

india vs south africa 3rd t20i: বুধবাৰে অনুষ্ঠিত তৃতীয়খন টি-20 ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ ৷ দুয়োটা দলৰ খেলুৱৈয়ে ভংগ কৰে কেইবাটাও অভিলেখ ।

india vs south africa t20 series
ভাৰতীয় ক্ৰিকেট দল (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Nov 14, 2024, 7:57 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰতে বুধবাৰে দক্ষিণ আফ্ৰিকাক 11 ৰাণত পৰাস্ত কৰি চাৰিখন মেচৰ টি-20 শৃংখলাত 2-1 ৰ অগ্ৰগতি লাভ কৰে । তিলক বাৰ্মাৰ অপৰাজিত 107 ৰাণ আৰু অভিষেক শৰ্মাৰ 50 ৰাণৰ সহায়ত ভাৰতে সংগ্ৰহ কৰে 219/6 ৰাণ । এণ্ডিল চিমেল আৰু কেশৱ মহাৰাজে দখল কৰে দুটাকৈ উইকেট ।

আনহাতে, মাৰ্কো জানছেনে দক্ষিণ আফ্ৰিকাৰ হৈ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি 17 টা বলত সংগ্ৰহ কৰে 54 ৰাণ ৷ কিন্তু নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ আয়োজক দলটোৰ বাবে সেয়া পৰ্যাপ্ত নাছিল ৷ ভাৰতৰ হৈ অৰ্শদীপ সিঙে নিজৰ দুৰ্দান্ত স্পেলৰ সহায়ত দখল কৰিছিল 3 টা উইকেট লৈছিল ।

এই খেলখনৰ সময়ত ভংগ হৈছিল বহুতো অভিলেখ ৷ যাৰ ভিতৰত দক্ষিণ আফ্ৰিকাত ভাৰতৰ সৰ্বাধিক টি-20 স্ক'ৰৰ অভিলেখ অন্যতম ।

দক্ষিণ আফ্ৰিকাত সৰ্বাধিক টি-20 স্ক'ৰ

ভাৰতে দক্ষিণ আফ্ৰিকাৰ মাটিত আটাইতকৈ চুটি ফৰ্মেটত সৰ্বাধিক স্ক'ৰ সংগ্ৰহৰ অভিলেখ গঢ়ে । দলটোৱে 17 বছৰ পুৰণি অভিলেখ ভংগ কৰে । ইয়াৰ আগতে সৰ্বাধিক স্ক'ৰ আছিল 218 ৰাণ, যিটো টি-20 বিশ্বকাপ 2007 ত ডাৰবানত ইংলেণ্ডৰ বিৰুদ্ধে দলটোৱে সংগ্ৰহ কৰিছিল । এই খেলপথাৰখন ষ্টুৱাৰ্ট ব্ৰডৰ বিৰুদ্ধে যুৱৰাজ সিঙে কোবোৱা সেই বিশেষ 6 টা ছয়ৰ বাবেও জনাজাত ।

শতক অৰ্জনকাৰী দ্বিতীয়গৰাকী সৰ্বকনিষ্ঠ ভাৰতীয় খেলুৱৈ তিলক বাৰ্মা

তিলকে 7 টা ছয়ৰে 56 টা বলত অপৰাজিত 107 ৰাণৰ দৰ্শনীয় ইনিংছ খেলে ৷ এই ইনিংছটোৰ সৈতে বাওঁহতীয়া বেটছমেনগৰাকীয়ে 22 বছৰ 5 দিনত টি-20 ত শতক অৰ্জনকাৰী দ্বিতীয়গৰাকী সৰ্বকনিষ্ঠ ভাৰতীয় খেলুৱৈত পৰিণত হয় ৷

আনহাতে, যশস্ৱী জয়ছোৱালে 21 বছৰ 279 দিনত নেপালৰ বিৰুদ্ধে টি-20 ক্ৰিকেটত শতক অৰ্জন কৰি আটাইতকৈ কম বয়সীয়া ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হৈছিল ।

অৰ্শদীপ সিং ভাৰতৰ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী ফাষ্ট বলাৰ

বুধবাৰৰ খেলখনত অৰ্শদীপে 37 ৰাণ ব্যয় কৰি 3 টা উইকেট দখল কৰে ৷ তদুপৰি ভূৱনেশ্বৰ কুমাৰ আৰু যশপ্ৰীত বুমৰাহক অতিক্ৰম কৰি টি-20 ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰীত পৰিণত হয় । অৰ্শদীপৰ নামত টি-20 ফৰ্মেটত আছে 92 টা উইকেট ৷ যুজবেন্দ্ৰ চাহালৰ (96 টা উইকেট) পিছত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাৰ দ্বিতীয় স্থানত আছে অৰ্শদীপ ।

খেলখনত স্থাপন হোৱা অন্যান্য অভিলেখসমূহ

ভাৰতে টি-20 ত কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক 200+ ৰাণ অৰ্জন কৰা দল হিচাপে পৰিগণিত হয় । 2024 চনত অষ্টমবাৰৰ বাবে 200+ ৰাণ সংগ্ৰহ কৰে দলটোৱে ৷ পূৰ্বে 2022 চনত বাৰ্মিংহাম বিয়ৰ্ছ, 2023 চনত ভাৰত আৰু 2024 চনত জাপানে প্ৰতিটোত 200+ 7 বাৰকৈ ৰাণ সংগ্ৰহ কৰিছিল ।

টি-20 কেৰিয়াৰৰ প্ৰথম বলত ছয় (ভাৰত)

  • 2021 চনত সূৰ্যকুমাৰ যাদৱ, আহমেদাবাদত জোফ্ৰা আৰ্চাৰৰ বলত এই অভিলেখ স্থাপন কৰিছিল
  • ৰমনদীপ সিং এণ্ডিল চিমেলিন চেঞ্চুৰিয়ান, 2024 চন

ভাৰতৰ হৈ দ্বি-পাক্ষিক টি-20 শৃংখলাত সৰ্বাধিক উইকেট

  • 10 বৰুণ চক্ৰৱৰ্তী বনাম দক্ষিণ আফ্ৰিকা 2024 (3*)
  • 9 আৰ অশ্বিন বনাম শ্ৰীলংকা 2016 (3 খন মেচ)
  • ৯ ৰবি বিষ্ণৈই বনাম অষ্ট্ৰেলিয়া 2023 (5)

ভাৰতৰ বিৰুদ্ধে দ্ৰুততম টি-20 অৰ্ধশতক (বলৰ সন্মুখীন হোৱা)

  • 16 - মাৰ্কো জানচেন - চেঞ্চুৰিয়ান - 2024
  • 19 - কেমেৰুণ গ্ৰীণ - হায়দৰাবাদ - 2022
  • 20 – জনচন চাৰ্লছ – লডাৰহিল – 2016
  • 20 - দাচুন শনাকা - পুনে - 2023

লগতে পঢ়ক: 5447 বল, 1981 ৰাণ... ইতিহাসৰ আটাইতকৈ দীঘলীয়া টেষ্ট মেচ, 12 দিনৰ পিছতো নোলাল ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.