ETV Bharat / state

পিতৃৰ মতে ১৬; নিৰ্বাচন আয়োগক তানজিলে দিলে চামগুৰিৰ ৩৩ টা ভোটকেন্দ্ৰত ৰিগিঙৰ অভিযোগ - ASSAM BY POLLS 2024

চামগুৰিৰ 33 টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং হোৱা বুলি অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগক লিখিত অভিযোগ দাখিল তানজিল হুছেইনৰ ৷ পুনৰ ভোটগ্ৰহণৰ দাবী ৷

Assam By polls 2024
তানজিল হুছেইন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 7:36 AM IST

নগাঁও: বুধবাৰে অনুষ্ঠিত হৈ যায় ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ বাকী চাৰিটা সমষ্টিৰ লগতে চামগুৰি বিধানসভা সমষ্টিতো দুই-এক বিক্ষিপ্ত ঘটনাৰ বাদে প্ৰায় শান্তিপূৰ্ণভাৱেই সম্পন্ন হ’ল ভোটগ্ৰহণ । কিন্তু ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতেই চামগুৰি বিধানসভা সমষ্টিৰ ভোটগ্ৰহণত ব্যাপক হাৰত ৰিগিং হোৱাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে ।

ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্তিম মুহূৰ্তত চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে এখন সংবাদমেল আয়োজন কৰি চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণত ৰিগিং হোৱাৰ অভিযোগ উত্থাপন কৰিছিল । সমষ্টিটোৰ 16 টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং হোৱা বুলিও বুধবাৰে সন্ধিয়া ৰকিবুল হুছেইনে অভিযোগ উত্থাপন কৰে ৷

তানজিল হুছেইনৰ মন্তব্য (ETV Bharat)

তাৰ পাছতেই বৃহস্পতিবাৰে ৰিগিং সন্দৰ্ভত নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াক অভিযোগ দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে । বুধবাৰে পিতৃয়ে 16 টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে সমষ্টিটোৰ 33 টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং হোৱা বুলি অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে ৰিটাৰ্ণিং বিষয়াক লিখিত অভিযোগ দাখিল কৰে চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে ।

লগতে পঢ়ক: পৰাজয় স্বীকাৰ কৰিলে নেকি ৰকিবুল হুছেইনে ?

শাসকীয় দল বিজেপিৰ বিৰুদ্ধে ব্যপক ৰিগিঙৰ অভিযোগ উত্থাপন কৰি চামগুৰি সমষ্টিৰ 33 টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰো দাবী জনায় কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে ।

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ বিধায়কৰ নেতৃত্বত ৰিগিং হোৱা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে । বৃহস্পতিবাৰে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ৰিগিং হোৱা বুলি ৰিটাৰ্ণিং বিষয়াক প্ৰদান কৰা লিখিত অভিযোগৰ প্ৰতিলিপি দিল্লীৰ মুখ্য নিৰ্বাচন আয়োগ আৰু দিছপুৰস্থিত ৰাজ্যিক নিৰ্বাচন আয়োগলৈও প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে তানজিল হুছেইনে ।

Assam By polls 2024
নিৰ্বাচন আয়োগক লিখিত অভিযোগ (ETV Bharat)

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘আমি দেখিছোঁ চামগুৰিৰ প’লিং বুথত বিজেপিৰ বিধায়ক, বিজেপিৰ প্ৰাৰ্থী আৰু নেতা-গুণ্ডাই বহুত ৰিগিং কৰিছে ৷ এই সম্পৰ্কে আমি ৰিটাৰ্নিং বিষয়াক অভিযোগ দাখিল কৰিছোঁ ৷ ইয়াৰ প্ৰতিলিপি দিল্লীৰ মুখ্য নিৰ্বাচন আয়োগ আৰু দিছপুৰৰ জনতা ভৱনত থকা ৰাজ্যিক নিৰ্বাচন আয়োগলৈও প্ৰেৰণ কৰিছোঁ ৷ ৰিগিঙৰ নেতৃত্বত আছিল নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী ৷ অতিকৈ লাজলগা কথা বিজেপিৰ প্ৰাৰ্থীজনে নিজেই আমাৰ কংগ্ৰেছৰ এজেন্টক প্ৰহাৰ কৰিছে ৷’’

লগতে পঢ়ক: উপ-নিৰ্বাচনত ব্যাপক ৰিগিঙৰ অভিযোগ বিৰোধী দলপতিৰ

‘‘আমাৰ এজেন্টসকলক যেনেকৈ প্ৰহাৰ কৰিলে তাৰ পাছত আমি ডিচিৰ ওপৰত, এছপিৰ ওপৰত আমাৰ আস্থা হেৰুৱাইছোঁ ৷ আৰক্ষী-প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আমি হেৰাই গৈছে ৷ যাৰ বাবে আমি ন্যায় বিচাৰি এক অভিযোগ দিবলৈ আহিছোঁ ৷ 33 টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ বাবে আমি দাবী জনাইছোঁ ৷’’ প্ৰাৰ্থীগৰাকীয়ে কয় ৷

তেওঁ অভিযোগ কৰে যে যেতিয়াই তেওঁলোকে ৰিগিঙৰ কথা গম পাইছিল লগে লগে ভোটকেন্দ্ৰৰ নম্বৰ লিখিল ছেক্টৰ অফিচাৰ, আৰক্ষী বিষয়াক ফোন কৰিছিল ৷ আৰক্ষী অধীক্ষককো ফোন কৰা হৈছিল ৷ তেওঁ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ নম্বৰটো ব্লক লিষ্টত থোৱা বুলিও তানজিল হুছেইনে অভিযোগ কৰে ৷ জিলা আয়ুক্তকো ফোন কৰা হৈছিল যদিও তেওঁলোকে অতি লেহেমীয়াভাৱে ইয়াৰ উত্তৰ দিয়া বুলি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় ৷

‘‘আৰক্ষী প্ৰশাসনে সম্পূৰ্ণ একপক্ষীয়ভাৱে কাম কৰিছে ৷ কৰ’বাত যদি কিবা কাণ্ড ঘটিছে তাত দেখা গৈছে যে বিধায়ক জিতু গোস্বামীৰ গাড়ীখন যোৱাৰ অলপ দেৰিৰ পাছত এছপিৰ গাড়ীখন যায় ৷ এজন ছালফা সুৰেশ বৰা এতিয়া আলফালৈ পৰিণত হৈছে ৷ তেওঁলোকে দাবী-ধমকি দি ফুৰে ৷ ৰূপক শৰ্মা, জিতু গোস্বামী, সুৰেশ বৰা আৰু তেওঁলোকৰ সাংগোপাংগই কেনেকৈ ভোটকেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিছে ? আপোনালোকে দেখিব চামগুৰি সমষ্টিত মানৱতা জিকিব, সেয়া 23 তাৰিখে আপোনালোকে দেখিব ৷’’ তানজিল হুছেইনে লগতে কয় ৷

ৰিগিং সন্দৰ্ভত বিজেপিৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰিব বা চামগুৰিত 33 টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ হ’ব নেকি ? সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: দুই-এক বিক্ষিপ্ত ঘটনাৰ মাজেৰে চামগুৰিৰ উপ-নিৰ্বাচনত ৭৯.৫৫ শতাংশ ভোটদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.