ETV Bharat / sports

শক্তিশালী প্ৰত্যাৱৰ্তন; ছামীৰ ছন্দৰে প্ৰথম ইনিংছত বংগৰ অগ্ৰগতি - MOHAMMED SHAMI

Mohammed Shami comeback: 360 দিনৰ পিছত খেলপথাৰলৈ প্ৰত্যাৱৰ্তন মহম্মদ ছামীৰ ৷ ছামীৰ ধুমুহাত দিশহাৰা বিপক্ষৰ বেটছমেন ৷

MOHAMMED SHAMI
খেলপথাৰলৈ প্ৰত্যাৱৰ্তন মহম্মদ ছামীৰ (Getty Images)
author img

By ETV Bharat Sports Team

Published : Nov 14, 2024, 5:56 PM IST

স্প’ৰ্টছ ডেস্ক: সুদীৰ্ঘ এবছৰৰো অধিক সময় আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰত আছিল ভাৰতীয় বলাৰ মহম্মদ ছামী ৷ সম্প্ৰতি সম্পূৰ্ণৰূপে সুস্থ খেলুৱৈগৰাকীয়ে ৰঞ্জী ট্ৰফীৰ জৰিয়তে ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিছে ৷

সুদীৰ্ঘ সময়ৰ মূৰত খেলপথাৰত নামিয়েই নিজৰ বলিং ধুমুহাৰে ছামীয়ে দিশহাৰা কৰি তুলিছে বিপক্ষৰ ক্ৰিকেটাৰক ৷ মধ্যপ্ৰদেশৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফী গ্ৰুপ চি-ৰ এখন খেলত বংগৰ হৈ প্ৰথম ইনিংছত তাৰকা ভাৰতীয় পেচাৰগৰাকীয়ে সুন্দৰ বলিং কৰে ৷ ছামীৰ বলিং বিক্ৰমৰ সহায়ত বংগই মধ্যপ্ৰদেশক সহজে পৰাভূত কৰিবলৈ কৰে ৷

MOHAMMED SHAMI
মহম্মদ ছামী (AFP Photo)

মহম্মদ ছামীৰ দুৰ্দান্ত প্ৰত্যাৱৰ্তন

মধ্যপ্ৰদেশৰ অধিনায়ক শুভম শৰ্মা, ল’ৱাৰ অৰ্ডাৰ বেটছমেন সাৰাংশ জৈন আৰু কুমাৰ কাৰ্তিকেয়াৰ ৰূপত তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ছামীয়ে ৷

মেচখনৰ প্ৰথম ইনিংছত বংগই আটাইকেইটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 228 ৰাণ ৷ পিছে দলটোৰ বলাৰসকলৰ সুন্দৰ প্ৰদৰ্শনৰ বাবেই তেওঁলোকে মধ্যপ্ৰদেশক 167 ৰাণত ধৰি ৰাখিবলৈ সক্ষম হয় ৷ এনেদৰে দ্বিতীয় দিনা দিনৰ আহাৰ বিৰতিৰ সময়লৈকে বেংগলে প্ৰথম ইনিংছত 61 ৰাণৰ অগ্ৰগতি অৰ্জন কৰে ।

এদিনীয়া বিশ্বকাপ 2024 আছিল ছামীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ

34 বছৰীয়া ছামীয়ে যোৱা বছৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল ৷ 2023 চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচখনেই আছিল ছামীয়ে আঘাতৰ পূৰ্বে খেলা শেষৰখন মেচ ৷ তাৰপিছতে ছামীয়ে গোৰোহাত আঘাত পাইছিল আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সম্পন্ন কৰিছিল অস্ত্ৰোপচাৰ ৷ তেতিয়াৰে পৰা তেওঁ বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত আছিল ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত নাপালে স্থান

অক্টোবৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ জৰিয়তে মহম্মদ ছামী খেলপথাৰলৈ ওভতাৰ আশা প্ৰকাশ কৰিছিল অনুৰাগীয়ে ৷ অৱশ্যে তাৰপিছতে ছামীৰ আঁঠু ফুলি গৈছিল, যাৰ বাবে খেলুৱৈগৰাকী বাদ পৰিছিল ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পৰা ৷

পৰৱৰ্তী সময়ত সোঁহতীয়া পেচাৰগৰাকীয়ে প্ৰতিযোগিতাখনত কৰ্ণাটকৰ বিৰুদ্ধে খেলাৰ আশা প্ৰকাশ কৰা হৈছিল ৷ কিন্তু আঘাতৰ বাবেই খেলৰ পৰা বাহিৰ হৈছিল ছামী । যাৰ বাবে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ছামীৰ অংশগ্ৰহণৰ সম্ভাৱনা অনিশ্চয়তাৰ মাজত আছে ৷

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত স্থান পাব পাৰে ছামীয়ে

একাংশ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) এতিয়াও ছামীৰ শাৰীৰিক অৱস্থা নিৰীক্ষণত ৰাখিছে ৷ যাতে পৰৱৰ্তী সময়ত তেওঁলোকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা টেষ্ট শৃংখলাত খেলুৱৈগৰাকীক দলত অন্তৰ্ভুক্ত কৰিব পাৰে ।

লগতে পঢ়ক: ধোনী, কোহলী, ৰোহিত আৰু দ্ৰাবিড়ে মোৰ পুত্ৰৰ 10 বছৰ সময় নষ্ট কৰিছে: সঞ্জু চেমছনৰ পিতৃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.