ETV Bharat / sports

5447 বল, 1981 ৰাণ... ইতিহাসৰ আটাইতকৈ দীঘলীয়া টেষ্ট মেচ, 12 দিনৰ পিছতো নোলাল ফলাফল - LONGEST TEST CRICKET MATCH

SA vs ENG: সাধাৰণতে এখন টেষ্ট মেচ পাঁচদিন ধৰি চলে ৷ পিছে এসময়ত প্ৰায় 12 দিনলৈকে চলিছিল এখন টেষ্ট মেচ ৷

LONGEST TEST CRICKET MATCH
সৰ্বাধিক দীঘলীয়া টেষ্ট মেচ (Getty Images)
author img

By ETV Bharat Sports Team

Published : Nov 14, 2024, 7:18 PM IST

স্প’ৰ্টছ ডেস্ক: ক্ৰিকেটৰ আধুনিক যুগত বহু খেলুৱৈয়ে টেষ্ট ক্ৰিকেট খেলিবলৈ অনিচ্ছুক । এই পাঁচদিনীয়া ফৰ্মেটত খেলুৱৈসকলক সঁচাকৈয়ে পৰীক্ষা কৰা হয়, সেয়া বেটছমেনে হওঁক বা বলাৰে হওঁক ।

কিন্তু এনে এক সময় আছিল, যেতিয়া ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া টেষ্ট মেচখন অনুষ্ঠিত হৈছিল ৷ খেলুৱৈসকলে প্ৰায় 12 দিন ধৰি খেলিছিল এই মেচ ।

আচৰিত যেন লাগিলেও এই মেচখন আজিৰ পৰা প্ৰায় 85 বছৰ পূৰ্বে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ডাৰবানত অনুষ্ঠিত হৈছিল । অৱশ্যে কোনো ফলাফল অবিহনেই মেচখনৰ সামৰণি পৰে ৷

ইংলেণ্ডে কৰিছিল দক্ষিণ আফ্ৰিকা ভ্ৰমণ

85 বছৰ পূৰ্বে অৰ্থাৎ 1939 চনত ইংলেণ্ডৰ ক্ৰিকেট দলটোৱে 5 খন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিছিল । এই শৃংখলাৰ অন্তিমখন খেলে ক্ৰিকেটৰ ইতিহাসত এক অনন্য অভিলেখ গঢ়ি তুলিছিল ।

3 মাৰ্চৰ পৰা আৰম্ভ হোৱা এই খেলখন 14 মাৰ্চলৈকে চলিছিল । 11 আৰু 12 তাৰিখে বৰষুণৰ বাবে খেলখন অনুষ্ঠিত হোৱা নাছিল ৷ 14 মাৰ্চৰ সন্ধিয়া ইংলেণ্ডে জয়ৰ পৰা মাত্ৰ 42 ৰাণ দূৰৈত আছিল যদিও আম্পায়াৰসকলে মেচখন অমীমাংসিত ঘোষণা কৰে ।

কাৰণ পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি সেইদিনা ইংলেণ্ডৰ দলটোৱে কেপটাউন অভিমুখে যাত্ৰা কৰিব ৷ দুদিন ধৰি চলিবলগীয়া এই যাত্ৰাৰ বাবে দলটোৰ জাহাজখনে অপেক্ষা কৰি আছিল । সেয়ে খেলখন অমীমাংসিতভাৱেই সামৰণি পৰিছিল ৷ এই খেলখনত মুঠ 680 অভাৰ বলিং কৰা হৈছিল ।

মেচখনত সংগ্ৰহ কৰা হৈছিল 1981 ৰাণ

এই মেচখনত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এনাল মেলৱেলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । আয়োজক দলটোৱে দুদিনত বহু ৰাণ সংগ্ৰহ কৰি তৃতীয় দিনা জিৰণি লৈছিল । খেলৰ চতুৰ্থ দিনটোত দক্ষিণ আফ্ৰিকাই 530 ৰাণ সংগ্ৰহ কৰি অল আউট হৈছিল ।

দুদিন বেটিং কৰাৰ অন্তত ইংলেণ্ডে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল 316 ৰাণ । দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাই পুনৰ স্ক’ৰব’ৰ্ডত সংগ্ৰহ কৰে 481 ৰাণ ৷ ইয়াৰ পিছত ইংলেণ্ডৰ সন্মুখত আছিল 696 ৰাণৰ লক্ষ্য ৷ ইংলেণ্ডৰ হৈ বিল এড্ৰিচে দ্বৈত শতক অৰ্জন কৰি দলটোক জয়ৰ ওচৰলৈ নিছিল । ইংলেণ্ডে মেচখনত মুঠ 654 ৰাণ সংগ্ৰহ কৰিছিল ।

মেচখনত কিয় গ্ৰহণ কৰা নহ’ল সিদ্ধান্ত

হাতত 5 টা উইকেট বাকী থকা অৱস্থাত ইংলেণ্ডক জয়ৰ বাবে প্ৰয়োজন হৈছিল মাত্ৰ 42 ৰাণ ৷ অৱশ্যে ইয়াৰ পিছতো ঘোষণা কৰা নহ’ল মেচখনৰ ফলাফল ৷ দুয়োটা দলৰ মাজত চুক্তি হৈছিল যে ফলাফল ঘোষণা নোহোৱালৈকে খেলখন অনুষ্ঠিত হ’ব ৷ গতিকে 3 মাৰ্চৰ পৰা আৰম্ভ হোৱা মেচখন 14 মাৰ্চলৈকৈ চলিছিল ।

কিন্তু যেতিয়া ইংলেণ্ড জয়ৰ নিচেই কাষত আছিল, তেতিয়া জাহাজখন ধৰিবলৈ খৰখেদাকৈ তেওঁলোকে মেচখন আধাতে পৰিত্যাগ কৰিবলগীয়া হয় ৷ যাৰ বাবে মেচখন অমীমাংসিতভাৱে সামৰণি পৰে ৷ এই ঐতিহাসিক মেচৰ সাক্ষী হৈ ৰৈছিল ডাৰবানৰ খেলপথাৰ ।

মেচখনত গঢ়িছিল বহু অভিলেখ

এই মেচত গঢ়ি উঠিছিল বহু অভিলেখ । সেইবোৰ হৈছে ক্ৰমে-

  • এখন মেচত সৰ্বাধিক ৰাণৰ অভিলেখ (1981 ৰাণ) ।
  • এখন মেচত 6 টাকৈ শতকৰ অভিলেখ ।
  • ইংলেণ্ডে দ্বিতীয় ইনিংছত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 654 ৰাণ, যি আজিলৈকে চতুৰ্থ ইনিংছত সৰ্বাধিক স্ক’ৰ ।
  • এই মেচখনত কৰা হৈছিল 5447 টা বল ৷
  • এইখন মেচত দখল কৰা হৈছিল 35 টা উইকেট ৷

লগতে পঢ়ক: 3 বছৰত 4 জন অধিনায়ক, 26 জন নিৰ্বাচক আৰু 8 জন প্ৰশিক্ষক... পাকিস্তানত ক্ৰিকেট নে চাৰ্কাছ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.